কোলাহল (চলচ্চিত্ৰ)

অসমীয়া চলচ্চিত্ৰ (১৯৮৯)
(কোলাহলৰ পৰা পুনঃনিৰ্দেশিত)

কোলাহল (The Turmoil) হৈছে ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। শইকীয়াই ১৯৬৯ চনত লিখা এন্দুৰ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়।[1] চলচ্চিত্ৰখনত অভিনয় কৰে ৰুণু দেৱী ঠাকুৰ, অৰুণ নাথ, বিভূ ৰঞ্জন চৌধুৰী আদিয়ে। চলচ্চিত্ৰখনে ৩৬ তম ৰাষ্ট্ৰীয় ছবি মহোৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।[2]

কোলাহল
পৰিচালক ভবেন্দ্ৰনাথ শইকীয়া
কাহিনী ভবেন্দ্ৰনাথ শইকীয়া
প্ৰযোজক ভবেন্দ্ৰনাথ শইকীয়া
অভিনয়ত ৰুণু দেৱী ঠাকুৰ
অৰুণ নাথ ইত্যাদি
চিত্ৰগ্ৰহণকাৰী কমল নায়ক
সম্পাদনা নিকুঞ্জ ভট্টাচাৰ্য
সংগীত পৰিচালক মুকুল বৰুৱা
মুক্তি
১৯৮৯
দৈৰ্ঘ্য
১১৮ মিনিট
দেশসমূহ অসম,  ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

ধানৰ বস্তা কঢ়িওৱা ট্ৰাকৰ পৰা ধান আনি মাকক যোগান ধৰা মোতিৰ ওপৰতেই মাক কিৰণ প্ৰায় নিৰ্ভৰশীল ৷ কিৰণৰ স্বামী কৰ্মৰ সন্ধানত ঘৰৰ পৰা আঁতৰলৈ যায় ৷ পুৰষ নথকা ঘৰখনত কিৰণৰ কাষ চাপিবলৈ উদ্বাউল হৈ থাকে ওচৰৰে চকীদাৰ এজন, দাদা এজন ৷ তেনে এক পৰিৱেশৰ মাজতে এদিন ধানৰ বস্তাৰ তলত সোমাই মোতিৰ অকাল মৃত্যু হয়৷ কিৰণৰ মাতৃ-হৃদয় থানবান হৈ পৰে ৷ কিছুদিন পাছত খবৰ আহে, তেওঁৰ গিৰিয়েক বিনোদে অইন এগৰাকী মহিলাৰ লগত থাকিবলৈ লৈছে ৷ সংকটৰ এই মুহূৰ্তত কাষ চাপি আহে ট্ৰাকৰ চাফাই কৰ্মী বাদল৷ তেওঁ কিৰণক সহায় কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে আৰু বিয়া কৰাব বিচাৰে৷ জীৱনৰ এক চৰম দোদুল্যমান অৱস্থাত কিৰণে কি সিদ্ধান্ত লয় আৰু তেওঁৰ সেই সিদ্ধান্তটোত এৰি অহা জীৱনটোৱে কেনেধৰণৰ ভূমিকা পালন কৰে-সেইয়াই মূলতঃ কোলাহলৰ কাহিনী৷ [3]

অভিনয়ত সম্পাদনা কৰক

কলা-কুশলী সম্পাদনা কৰক

  • প্ৰযোজনা/পৰিচালনা/কাহিনী/চিত্ৰনাট্য/সংলাপ- ভবেন্দ্ৰনাথ শইকীয়া
  • মুখ্য সহ পৰিচালনা- অৰুণ গুহ ঠাকুৰতা
  • সহ-পৰিচালনা- সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী, উৎপল দত্ত, সংগীতা শইকীয়া
  • প্ৰযোজনা নিয়ন্ত্ৰণ- প্ৰীতি শইকীয়া, ইন্দু ভূষণ গগৈ
  • সংগীত- মুকুল বৰুৱা
  • চিত্ৰগ্ৰহণ- কমল নায়ক
  • সম্পাদনা- নিকুঞ্জ ভট্টাচাৰ্য
  • শব্দগ্ৰহণ- পীয়ুষ কান্তি ৰয়, সতীশ চৌহান
  • কলা নিৰ্দেশনা- ফটিক বৰুৱা, নুৰুদ্দিন আহমেদ
  • সাজসজ্জা- সংগীতা শইকীয়া
  • ৰূপসজ্জা- দেৱী হালদাৰ[1]

সন্মান সম্পাদনা কৰক

  • ‘সামাজিক ৰীতি-নীতি আৰু জীয়াই থকাৰ বাসনাৰ মাজত অৱস্থানৰত এগৰাকী দুখুনী মহিলাৰ সংঘৰ্ষৰ সাহসী বিষয়’টোৰ বাবে কোলাহলক ১৯৮৮ চনৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ কাহিনী-চিত্ৰৰ বঁটা প্ৰদান কৰা হয়৷ ছবিৰ পৰিচালক আৰু প্ৰযোজক হিচাপে ৰজত কমলৰ লগতে ড০ শইকীয়াই যথাক্ৰমে ১০,০০০ আৰু ২০,০০০ টকাৰ ধনৰাশি লাভ কৰে ৷ [3]
  • ১৯৮৮ চনৰ 'ভাৰতীয় পেনোৰামা'লৈ নিৰ্বাচিত।[1]
  • ছিডনী, মিউনিখ, মস্কো, মণ্ট্ৰীল আৰু ট'ৰণ্ট'ৰ চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত।[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 1.4 "Kolahal". Rupali Parda. http://www.rupaliparda.com/english/Kolahal.htm। আহৰণ কৰা হৈছে: 7 এপ্ৰিল 2015. 
  2. "Best Assamese Feature Film". Awards and Shows. http://www.awardsandshows.com/features/best-assamese-feature-film-570.html। আহৰণ কৰা হৈছে: 7 এপ্ৰিল 2015. 
  3. 3.0 3.1 "36th National Film Awards 1989". http://dff.nic.in/images/Documents/81_36thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 20 May 2020. 

বাহ্যিক সংযোগ সম্পাদনা কৰক