ক্লড এলৱুড শ্বেনন (৩০ এপ্ৰিল ১৯১৬ - ২৪ ফেব্ৰুৱাৰী ২০০১) এগৰাকী আমেৰিকী গণিতজ্ঞ, অভিযন্তা আৰু সংকেতলিপিকাৰ। তেওঁক "তথ্য তত্ত্বৰ জনক" হিচাপেও জনা যায়।[1][2]

আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেচেচুচেটছ ইনষ্টিটিউট অৱ টেক্নলজিৰ স্নাতকোত্তৰ ছাত্ৰ হিচাপে অধ্যয়ন কৰি থাকোঁতে তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল যে বুলিয়ান এলজেব্ৰাৰ বৈদ্যুতিন প্ৰয়োগেৰে যিকোনো সাংখ্যিক সম্বন্ধ নিৰ্মাণ কৰিব পৰা যায়।[3] দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শ্বেননে ক্ৰিপ্টেনেলিচিছত কাম কৰিছিল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষাৰ বাবে। এই কামৰেই অংশ শ্বেননৰ বিখ্যাত সংকেত ভঙা আৰু সুৰক্ষিত দূৰবাৰ্তাৰ কাম।

জীৱন আৰু কৰ্মসম্পাদনা কৰক

শ্বেননৰ জন্ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিচিগানত হৈছিল।[4] পিতৃ ক্লড চিনিয়ৰে ব্যৱসায় কৰিছিল, আৰু কিছু সময়ৰ বাবে ন্যায়ালয়ত কাম কৰিছিল। মাতৃ মেবেল আছিল স্থানীয় উচ্চ-মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক।[5] বিজ্ঞান আৰু গণিত বিষয়ত পাৰ্গত শ্বেননে সৰুৰে পৰাই বৈদ্যুতিন আৰু যান্ত্ৰিক বস্তুৰ প্ৰতি বিশেষ আকৰ্ষণ দেখুৱাইছিল, বিমান, ৰেডিঅ'ৰে চালিত নাও, টেলিগ্ৰাফ আদিৰ আৰ্হি তৈয়াৰ কৰি।[6] ১৯৩২ চনত মিচিগান বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা শ্বেননৰ প্ৰথম পৰিচয় হ'ল জৰ্জ বুলৰ কৰ্মৰাজিৰ সৈতে। বিশ্ববিদ্যালয়খনৰ পৰা দ্বৈত বিষয়: গণিত আৰু বৈদ্যুতিক আভিযান্ত্ৰিক বিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰিছিল শ্বেননে। তাৰ পাছত ১৯৩৬ চনত তেওঁ এম আই টিৰ বৈদ্যুতিক আভিযান্ত্ৰিক বিদ্যাৰ স্নাতকোত্তৰ ডিগ্ৰীৰ পাঠ্য়ক্ৰমত নাম যোগ কৰিলে। তাত তেওঁ ভানেভাৰ বুশ্বৰ এনালগ কম্পিউটাৰত কাম কৰাৰ সুযোগ লাভ কৰিছিল।[7] তেওঁ অধ্যয়ন কৰোঁতে মন কৰিলে যে কম্পিউটাৰটোৰ চাৰ্কিটবোৰ বিশেষ কামৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা হৈছে। তেওঁ জৰ্জ বুলৰ গাণিতিক কৰ্ম ব্যৱহাৰ কৰি চুইচিং চাৰ্কিট তৈয়াৰ কৰি পাছলৈ নিজৰ মাষ্টাৰ্ছ থিচিছত দেখুৱালে যে বুলিয়ান এলজেব্ৰাৰে সমাধান কৰিব পৰা সকলো সমস্যাই এনে চাৰ্কিটেৰে সমাধান কৰিব পৰা যাব। থিচিচখনৰ নাম 'এ চিম্বলিক এনেলিচিছ অৱ ৰিলে এণ্ড চুইচিং চাৰ্কিটছ''।[8][9][10]

শ্বেননৰ এই অৱদান আছিল যুগান্তকাৰী, কাৰণ এই বুলিয়ান পদ্ধতিয়েই সকলো আধুনিক ডিজিটেল কম্পিউটাৰৰ আৰ্হি।[11] এই পদ্ধতিৰ সহায়ত, পূৰ্বতে বিশেষ কামৰ বাবে বিশেষ চাৰ্কিট তৈয়াৰ কৰিবলগীয়া হোৱা সমস্যা সমাধান হ'ল, যিহেতু সকলো বুলিয়ান যুক্তিৰ সমস্যা শ্বেননৰ চাৰ্কিটেৰে সমাধান কৰিব পৰা যায়। ১৯৪০ চনত শ্বেননে এম আই টিৰ পৰা পি এচ ডি ডিগ্ৰী লাভ কৰিলে। ভানেভাৰ বুশ্বে পৰামৰ্শ দিলে যে শ্বেননে মেণ্ডেলিয়ান জেনেটিক্সৰ গাণিতিক স্বৰূপ তৈয়াৰীত কাম কৰা উচিত, ক'ল্ড স্প্ৰিং হাৰ্বাৰ গৱেষণাগাৰত। এই গৱেষণাৰেই ফল শ্বেননৰ পি এইচ ডি থিচিছ, "এন এলজেব্ৰা ফৰ থিয়'ৰেটিকেল জেনেটিক্স"।[12]

১৯৪০ চনত শ্বেনন হ'ল প্ৰিঞ্চটনত ইনষ্টিটিউট ফৰ এডভাঞ্চড ষ্টাডিজত নেশ্যনেল ৰিচাৰ্চ ফেল'। তাত তেওঁ নিজৰ কামৰ বিষয়ে হাৰ্মান ৱেইল আৰু জন ভন নয়মেনৰ সৈতে পাতিব পাৰিছিল। মাজে মাজে এলবাৰ্ট আইনষ্টাইন আৰু কাৰ্ট গাৰ্ডালকো লগ ধৰাৰ সুযোগ পাইছিল। তাত শ্বেননে বাধাহীনভাৱে যিকোনো বিষয়ত গৱেষণা কৰাৰ সুযোগ লভিছিল, যাৰ ফলতেই হয়টো পাছলৈ তেওঁৰ তথ্য তত্ত্বৰ কাম আগবাঢ়িছিল।[13]

শ্বেননে বাম্পন্থী বুদ্ধিজীৱি নৰ্মা লেভৰক বিয়া কৰালে ১৯৪০ চনত। এবছৰ পাছতে তেওঁলোকৰ বিবাহ বিচ্ছেদ ঘটিল।[14]

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শ্বেননে বেল লেবছত যোগদান কৰিলে ফায়াৰ এলাৰ্ম চিষ্টেম আৰু সংকেতলিপিৰ ওপৰত কাম কৰিবলৈ, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা অনুসন্ধান সমিতিৰ তত্ত্বাৱধানত। ১৯৪২ চনত তেওঁ চিগ্নেল ফ্ল' গ্ৰাফ আৱিষ্কাৰ কৰি উলিয়ালে। তেওঁৰ পৰিচয় এলেন টিউৰিঙৰ সৈতেও হ'ল, যাৰ কামে শ্বেননক প্ৰভাৱিত কৰিলে।[15][16][17] ১৯৪৫ত যুদ্ধ সমাপ্তি ওচৰ চপাত শ্বেনন, ৰাল্ফ বিব ব্লেকমেন আৰু হেন্ৰিক ৱে'ড ব'ডে "ডেটা স্মুদিং এণ্ড প্ৰেডিক্সন ইন ফায়াৰ কন্ট্ৰল চিষ্টেমছ" নামৰ প্ৰবন্ধ লিখি উলিয়ালে, য'ত এনে সমস্যাক তুলনা কৰা হৈছে "বাৰ্তালাপৰ ব্যৱস্থাত সংকেতক আন শব্দৰ পৰা পৃথক কৰাৰ সমস্যা"ৰ সৈতে।[18] ই আছিল তথ্যৰ যুগৰ আৰম্ভণি। ১৯৪৫তে বেল লেবছৰ বাবে "এ মেথেমেটিকেল থিয়ৰি অৱ ক্ৰিপ্টগ্ৰাফি" লিখিছিল শ্বেননে, গোপনে। ১৯৪৯ত ডিক্লাছিফাই হোৱা এই কৰ্ম বেল লেবছেই ছপা কৰিলে। এই লেখত পাছৰ "এ মেথেমেটিকেল থিয়ৰি অৱ কমিউনিকেশ্যন"ৰ কেইবাটাও ধাৰণা পোৱা যায়।[19] শ্বেননে জনোৱা মতে, সংকেতলপি আৰু বাৰ্তাৰ ধাৰণাবোৰ শ্বেননৰ মনলৈ একে সময়তে আহিছিল, যুদ্ধৰ সময়ত কাম কৰি থাকোঁতে, আৰু যে দুয়োক পৃথক কৰা কঠিন।[20][21]

বেল লেবছত সাংখ্যিক বিশ্লেষক হিচাপে কাম কৰা বেটি মুৰক শ্বেননে লগ পাই, পাছলৈ ১৯৪৯ চনত তেওঁৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'ল। বেটিৰ সৈতে শ্বেননৰ ৩ সন্তান আছে।[22]

১৯৪৮ চনত তেওঁ বিখ্যাত "এ মেথেমেটিকেল থিয়ৰি অৱ কমিউনিকেশ্যন" প্ৰকাশ কৰিলে। দুটি ভাগত বেল চিষ্টেমছ টেক্নিকেল জাৰ্ণেলত প্ৰকাশ কৰা এই লেখত তেওঁ প্ৰেৰকে প্ৰেৰণ কৰিব বিচৰা বাৰ্তাক কিদৰে আতাইতকৈ ভালকৈ প্ৰেৰণ কৰিব পৰা যায়, তাকেই দেখুৱাইছে। তেওঁ নৰ্বাৰ্ট ৱাইনাৰৰ এই ক্ষেত্ৰত সাম্ভাৱ্যতা তত্ত্বৰ কাম ব্যৱহাৰ কৰিছিল। এই লেখতেই তেওঁ তথ্য এণ্ট্ৰপিৰ ধাৰণা প্ৰস্তুত কৰিছিল। এনে কৰি তেওঁ তথ্য তত্ত্বৰ সৃষ্টি কৰা বুলিব পাৰি। ১৯৪৮ চনৰ একেই নামৰে গ্ৰন্থত শ্বেননৰ কামক সাধাৰণ লোকে বুজিব পৰাকৈ প্ৰকাশ কৰা হ'ল। ১৯৫১ চনত "প্ৰেডিক্সন এণ্ড এণ্ট্ৰপি অৱ প্ৰিণ্টেড ইংলিশ্ব" প্ৰকাশ কৰা হ'ল, য'ত তেওঁ ইংৰাজী ভাষাৰ এণ্ট্ৰপি আৰু সাংখ্যিক বিজ্ঞান সম্বন্ধীয় গুণাগুণ দাঙি ধৰিলে। ই নেচুৰেল লেংগুৱেজ প্ৰচেচিং আৰু কম্পিউটেশ্যনেল ভাষাবিজ্ঞানত এক মহত্বপূৰ্ণ অৱদান আছিল।

১৯৫৬ চনৰ পৰা তেওঁ এম আই টিত শিক্ষক হিচাপে যোগদান কৰিলে, আৰু তাতেই ১৯৭৮লৈকে কাম কৰিলে। শৈক্ষিক জগতৰ বাহিৰত, শ্বেননে দবা খেল, জাগলিং আৰু ইউনিচাইক্লিং পচন্দ কৰিছিল। তেওঁ অনেক যন্ত্ৰও নিৰ্মাণ কৰিছিল, যাৰ এটি হ'ল এনে এক যন্ত্ৰ যিয়ে ৰুবিক্স ক্যুব সমাধান কৰিব পাৰে আৰু জুই উলিওৱা পেঁপা এটা।[23][24] এডৱাৰ্ড থৰ্পৰ সৈতে তেওঁ বিশ্বৰ প্ৰথম পিন্ধিব পৰা কম্পিউটাৰ সৃষ্টি কৰিছিল।[25] তেওঁ ব্যৱসায় জগতৰ সৈতে জড়িত লোকক কম্পিউটাৰ শিকাব পৰাকৈ মিনিভাক ৬০১ নামৰ কম্পিউটাৰ এটাও নিৰ্মাণ কৰি উলিয়াইছিল ১৯৬১ চনত।[26] থিচিয়াছ নামৰ যান্ত্ৰিক নিগনি এটা তৈয়াৰ কৰিছিল তেওঁ, যি ২৫ ঘৰীয়া জটিল পথ বিচাৰি উলিয়াব পাৰিছিল।[27] খেল তত্ত্বত, শ্বেননে দবা খেলৰ জটিলতা গণনা কৰি শ্বেনন সংখ্যা আগবঢ়াইছিল: যি হ'ল ১০১২০[28][29] তেওঁ কম্পিউটাৰক দবা খেল খেলিবলৈ শিকোৱাক লৈ প্ৰথম গৱেষণা পত্ৰও লিখিছিল।[30][31] বিখ্যাত "শ্বেনন প্ৰবচন" এটাও তেওঁ সংজ্ঞায়িত কৰিছিল: "শত্ৰুৱে ব্যৱস্থাটো জানে"।

পাছলৈ আলজাইমাৰ্ছ ৰোগত ভুগি তেওঁৰ ২০০১ চনত মৃত্যু হ'ল।

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. James, Ioan (2009). "Claude Elwood Shannon 30 April 1916 – 24 February 2001". Biographical Memoirs of Fellows of the Royal Society খণ্ড 55: 257–265. doi:10.1098/rsbm.2009.0015. 
  2. "Bell Labs Advances Intelligent Networks". http://www.alcatel-lucent.com/wps/portal/!ut/p/kcxml/04_Sj9SPykssy0xPLMnMz0vM0Y_QjzKLd4w39w3RL8h2VAQAGOJBYA!!?LMSG_CABINET=Bell_Labs&LMSG_CONTENT_FILE=News_Features/News_Feature_Detail_000025. 
  3. Poundstone, William (2005). Fortune's Formula : The Untold Story of the Scientific Betting System That Beat the Casinos and Wall Street. Hill & Wang. ISBN 978-0-8090-4599-0. 
  4. James, Ioan (2009). "Claude Elwood Shannon 30 April 1916 – 24 February 2001". Biographical Memoirs of Fellows of the Royal Society খণ্ড 55: 257–265. doi:10.1098/rsbm.2009.0015. 
  5. Sloane & Wyner (1993), পৃষ্ঠা. xi.
  6. Gleick, James (December 30, 2001). "THE LIVES THEY LIVED: CLAUDE SHANNON, B. 1916; Bit Player". The New York Times Magazine: Section 6, Page 48. https://www.nytimes.com/2001/12/30/magazine/the-lives-they-lived-claude-shannon-b-1916-bit-player.html. 
  7. Price, Robert (1982). "Claude E. Shannon, an oral history". IEEE Global History Network. IEEE. https://ethw.org/Oral-History:Claude_E._Shannon। আহৰণ কৰা হৈছে: July 14, 2011. 
  8. Shannon, C. E. (1938). "A Symbolic Analysis of Relay and Switching Circuits". Trans. AIEE খণ্ড 57 (12): 713–723. doi:10.1109/T-AIEE.1938.5057767. 
  9. Shannon, C. E. (1938). "A Symbolic Analysis of Relay and Switching Circuits". Trans. AIEE খণ্ড 57 (12): 713–723. doi:10.1109/T-AIEE.1938.5057767. 
  10. Shannon, C. E. (1938). "A Symbolic Analysis of Relay and Switching Circuits". Trans. AIEE খণ্ড 57 (12): 713–723. doi:10.1109/T-AIEE.1938.5057767. 
  11. Gardner, Howard (1987). The Mind's New Science: A History of the Cognitive Revolution. Basic Books. পৃষ্ঠা. 144. ISBN 978-0-465-04635-5. https://archive.org/details/mindsnewscience00howa/page/144. 
  12. Shannon, Claude Elwood (1940). An Algebra for Theoretical Genetics (Thesis). Massachusetts Institute of Technology.  — Contains a biography on pp. 64–65.
  13. Guizzo, Erico Marui (2003). The Essential Message: Claude Shannon and the Making of Information Theory (Thesis). Massachusetts Institute of Technology. 
  14. Jimmy Soni; Rob Goodman (2017). A Mind At Play: How Claude Shannon Invented the Information Age. Simon and Schuster. পৃষ্ঠা. 63, 80. 
  15. Hodges, Andrew (1992), Alan Turing: The Enigma, প্ৰকাশক London: Vintage, pp. 243–252, ISBN 978-0-09-911641-7 
  16. Turing, A.M. (1936), "On Computable Numbers, with an Application to the Entscheidungsproblem", Proceedings of the London Mathematical Society, 2 খণ্ড 42: 230–65, 1937, doi:10.1112/plms/s2-42.1.230 
  17. Turing, A.M. (1938), "On Computable Numbers, with an Application to the Entscheidungsproblem: A correction", Proceedings of the London Mathematical Society, 2 খণ্ড 43 (6): 544–6, 1937, doi:10.1112/plms/s2-43.6.544 
  18. Mindell, David A. (October 15, 2004). Between Human and Machine: Feedback, Control, and Computing Before Cybernetics. পৃষ্ঠা. 319–320. ISBN 0801880572. 
  19. Kahn, David (1966). The Codebreakers: The Comprehensive History of Secret Communication from Ancient Times to the Internet. Macmillan and Sons. পৃষ্ঠা. 743–751. ISBN 0684831309. 
  20. quoted in Kahn, The Codebreakers, p. 744.
  21. Quoted in Erico Marui Guizzo, "The Essential Message: Claude Shannon and the Making of Information Theory", Archived মে' 28, 2008 at the Wayback Machine unpublished MS thesis, Massachusetts Institute of Technology, 2003, p. 21.
  22. Horgan, John (April 27, 2016). "Claude Shannon: Tinkerer, Prankster, and Father of Information Theory". IEEE Spectrum. https://spectrum.ieee.org/tech-history/cyberspace/claude-shannon-tinkerer-prankster-and-father-of-information-theory। আহৰণ কৰা হৈছে: 19 June 2020. 
  23. "People: Shannon, Claude Elwood". MIT Museum. https://webmuseum.mit.edu/detail.php?module=people&type=related&kv=12372। আহৰণ কৰা হৈছে: December 9, 2016. 
  24. "MIT Professor Claude Shannon dies; was founder of digital communications". প্ৰকাশক Cambridge, Massachusetts: MIT News office. February 27, 2001. http://web.mit.edu/newsoffice/2001/shannon.html. 
  25. Thorp, Edward (October 1998). "The Invention of the First Wearable Computer". Digest of Papers. Second International Symposium on Wearable Computers (Cat. No.98EX215): 4–8. doi:10.1109/iswc.1998.729523. ISBN 0-8186-9074-7. 
  26. Advertisement: Minivac 601. October 1961. পৃষ্ঠা. 33. https://books.google.com/books?id=XCEDAAAAMBAJ&dq=Minivac+601&pg=PA33. 
  27. "Bell Labs Advances Intelligent Networks". http://www.alcatel-lucent.com/wps/portal/!ut/p/kcxml/04_Sj9SPykssy0xPLMnMz0vM0Y_QjzKLd4w39w3RL8h2VAQAGOJBYA!!?LMSG_CABINET=Bell_Labs&LMSG_CONTENT_FILE=News_Features/News_Feature_Detail_000025. 
  28. Claude Shannon (1950). "Programming a Computer for Playing Chess". Philosophical Magazine খণ্ড 41 (314). http://archive.computerhistory.org/projects/chess/related_materials/text/2-0%20and%202-1.Programming_a_computer_for_playing_chess.shannon/2-0%20and%202-1.Programming_a_computer_for_playing_chess.shannon.062303002.pdf। আহৰণ কৰা হৈছে: January 2, 2018. 
  29. Grime, James (July 24, 2015). How many chess games are possible?. Numberphile. 
  30. Claude Shannon (1950). "Programming a Computer for Playing Chess". Philosophical Magazine খণ্ড 41 (314). http://archive.computerhistory.org/projects/chess/related_materials/text/2-0%20and%202-1.Programming_a_computer_for_playing_chess.shannon/2-0%20and%202-1.Programming_a_computer_for_playing_chess.shannon.062303002.pdf। আহৰণ কৰা হৈছে: January 2, 2018. 
  31. "Early Computer Chess Programs by Bill Wall". billwall.phpwebhosting.com. http://billwall.phpwebhosting.com/articles/computer_early_chess.htm.