কৰুণা কান্ত কলিতা

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ

কৰুণা কান্ত কলিতা (ইংৰাজী: Korunakanta Kalita)অসমৰ এজন শিক্ষাবিদ, বক্তা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ। তেখেতৰ জন্ম হৈছিল কামৰূপ জিলাৰ ৰামদিয়া মৌজাৰ হাঁহদিয়া গাঁৱত, ১৯৪৩ বৰ্ষৰ ১ মাৰ্চত। পিতৃৰ নাম নন্দিৰাম কলিতা আৰু মাতৃৰ নাম দিব্যপ্ৰভা কলিতা।

কৰুণা কান্ত কলিতা

২০১২ চনত কলিয়াবৰত অনুষ্ঠিত সংঘৰ মূল অধিৱেশনত কৰুণা কান্ত কলিতা
জন্ম ১ মাৰ্চ, ১৯৪৩ (৮১ বছৰ)
হাঁহদিয়া গাঁও, কামৰূপ জিলা
মৃত্যু ২৬ ডিচেম্বৰ, ২০১৪ (৭১ বছৰ)
পেচা শিক্ষাবিদ, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পদাধিকাৰ

শিক্ষা সম্পাদনা কৰক

প্ৰাথমিক শিক্ষাৰ অন্তত তেখেতে ১৯৬০ চনত হাজো উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক, ১৯৬২ বৰ্ষত বি. বৰুৱা কলেজৰ পৰা ইণ্টাৰমিডিয়েট, ১৯৬৪ বৰ্ষত নলবাৰী কলেজৰ পৰা স্নাতক আৰু ১৯৮১ বৰ্ষত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিপ্ল’মা সুখ্যাতিৰে উত্তীৰ্ণ হয়।

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘলৈ অৱদান সম্পাদনা কৰক

শিক্ষকতাৰ বৃত্তিৰে কৰ্ম জীৱনৰ পাতনি মেলা কলিতাই ঢকুৱাখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অধ্যক্ষ পদত থাকোঁতে অৱসৰ গ্ৰহণ কৰে। তেখেতে ঢকুৱাখানাত কৰ্মৰত অৱস্থাতেই শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ লগত নিবিড়ভাৱে আত্মনিয়োগ কৰি এজন সুবক্তা আৰু সংগঠক ৰূপে জনমানসত প্ৰতিষ্ঠা লাভ কৰে৷ ১৯৯১ বৰ্ষত কলিতাদেৱে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ উপ-পদাধিকাৰ আৰু ১৯৯৩ বৰ্ষত সঙ্ঘৰ পদিধিকাৰ আসনৰ বাবে নিৰ্বাচিত হৈ ২০০২ খ্ৰীষ্টাব্দলৈকে আৰু ২০০৫ বৰ্ষৰ পৰা ২০১০ বৰ্ষলৈকে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সৰ্বোচ্চ পদবী পদাধিকাৰ ৰূপে কাৰ্যনিৰ্বাহ কৰে।[1] তেখেতৰ কাৰ্যকালতেই সঙ্ঘৰ ভালেসংখ্যক আঁচনি কাৰ্যকৰী আৰু শুভাৰম্ভ কৰা হৈছিল৷ তাৰ ভিতৰত আধ্যাত্মিক চিন্তা-চৰ্চাৰে নৱ প্ৰজন্মক গঢ় দিয়াৰ উদ্দেশ্যে শিশু সমাৰোহ, আই সমাৰোহ, যুৱ সমাৰোহ, সেৱাবাহিনী গঠন আদি, মণিকাঞ্চন বাৰ্তালোচনী প্ৰকাশ, ইংলিছ জাৰ্ণেল ‘মহাপুৰুষজ্যোতি’, ইত্যাদি উল্লেখযোগ্য।

মৃত্যু সম্পাদনা কৰক

২০১৪ চনৰ ২৬ ডিচেম্বৰত কৰুণা কান্ত কলিতাৰ মৃত্যু হয়।[2] তেওঁৰ বিয়োগত অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈ দেৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃত্যুৰ পাছদিনা তেওঁ কলিতাৰ গৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা যাঁচে।[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ সকলৰ অভিভাষণ, প্ৰকাশক- শ্ৰীমন্ত শংকৰদেৱ সংঘ
  2. শান্তনু কৌশিক বৰুৱা, প্ৰীতিমা কৌশিক বৰুৱা (২০১৭). নতুন জানানে ২০১৮. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৫২৪. ISBN 81-86827-11-0. 
  3. http://www.telegraphindia.com/1141228/jsp/northeast/story_19266344.jsp#.VXsWvfAb6eI

বাহ্যিক সংযোগ সম্পাদনা কৰক