খগেশ্বৰ দত্ত বৰুৱা (ইংৰাজী: Khageswar Datta Baruah) এজন অসমীয়া শিক্ষক আৰু বিজ্ঞান লেখক আছিল। তেওঁ গুৱাহাটীৰ কামৰূপ একাডেমীত শিক্ষকতা কৰিছিল। ১৯৩৮ চনত গুৱাহাটীৰ পৰা ইংৰাজী ভাষাত ৰচনা কৰা তেওঁৰ দ্য ৰেভেলেশ্যন্‌চ অফ দ্য হেভেন্‌চ (The Revelations of the Heavens) নামৰ এখন বিজ্ঞানবিষয়ক কিতাপ প্ৰকাশ হৈছিল। মহাকাশক বিষয়বস্তু হিচাপে লৈ কিতাপখন ৰচনা কৰা হৈছিল। বিজ্ঞানৰ বুৰঞ্জীত ই এখন অতি তাৎপৰ্যপূৰ্ণ কিতাপ। আমেৰিকাৰ লাইব্ৰেৰী অফ কংগ্ৰেছ (লাইব্ৰেৰী অফ কংগ্ৰেছ) আৰু স্মিথছোনিয়ান-নাছাত (এষ্ট্ৰোফিজিক্স ডেটা চিষ্টেম) তেওঁৰ এই কিতাপখন এতিয়াও সংৰক্ষণ কৰা আছে। দৰিদ্ৰতাৰ কবলত পৰি চল্লিশ বছৰ নৌহওঁতেই দত্ত বৰুৱাই সপৰিয়ালে আত্মহত্যা কৰে।

খগেশ্বৰ দত্ত বৰুৱা
জন্ম কুৰি শতিকাৰ দ্বিতীয় দশক
কামৰূপ জিলা, অসম প্ৰদেশ, ব্ৰিটিছ ভাৰত
মৃত্যু ধুবুৰী, গোৱালপাৰা জিলা, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা স্নাতক
শিক্ষানুষ্ঠান কটন কলেজ
পেচা শিক্ষক, বিজ্ঞান লেখক
উল্লেখযোগ্য কৰ্ম দ্য ৰেভেলেশ্যন্‌চ অফ দ্য হেভেন্‌চ

জীৱনী সম্পাদনা কৰক

১৯২৯ চনত কটন কলেজিয়েটৰ নৱম শ্ৰেণীৰ ছাত্ৰ হিচাপে লিখা লিখকৰ চিঠিখনৰ পৰা (তথ্য চাওক) অনুমান কৰা যায় যে খগেশ্বৰ দত্ত বৰুৱাৰ জন্ম হৈছিল ১৯১০ আৰু ১৯১২ মাজত। তেওঁ সৰু কালতে মাক-দেউতাকক হেৰুৱাই অনাথ হৈছিল আৰু নানান অভাৱ-অনাটনৰ মাজেৰে ডাঙৰ হৈছিল। কিন্তু তেওঁৰ মেধা শক্তি আৰু পঢ়া-শুনাৰ প্ৰতি অদম্য ধাউতি আছিল। সেয়েহে লোকৰ সহানুভূতি আৰু সামান্য জলপানীৰ পইচাৰে অধ্যয়ন কৰি থাকিবলৈ সক্ষম হৈছিল। হাইস্কুল পাৰ হৈ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত থকা কটন কলেজৰ পৰা সুখ্যাতিৰে ক্ৰমশঃ আই.এছ.চি. আৰু বি.এ. ত উত্তীৰ্ণ হৈছিল। জীৱিকা নিৰ্বাহৰ বাবে প্ৰথমে কামৰূপ জিলাৰ পুঠিমাৰি গাঁৱৰ হাইস্কুল এখনত আৰু তাৰ পিছত গুৱাহাটীৰ কামৰূপ একাডেমী[1] শিক্ষকতাৰ কামত সোমায়। কামৰূপ একাডেমীখন ব্ৰিটিছ ৰাজক অৱজ্ঞা কৰি থলুৱা লোকে পাতিছিল যাতে ছাত্ৰসকলে ব্ৰিটিছে পতা চৰকাৰী স্কুল পৰিহাৰ কৰি এই স্কুলত শিক্ষা আহৰণ কৰিব পাৰে আৰু ব্ৰিটিছ ৰাজত্বৰ প্ৰতিবাদ কৰিব পাৰে। কামৰূপ একাডেমীত শিক্ষকতা কৰা কালত অনুসন্ধিৎসু ছাত্ৰৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ব্যক্তিগত ভাৱে গৱেষণা কৰি দ্য ৰেভেলেশ্যন্‌চ অফ দ্য হেভেন্‌চ কিতাপখন লিখি উলিয়ায়। বিস্ময়কৰ কথা এয়ে যে বৈজ্ঞানিক গৱেষণাৰ কোনো সংস্থান নথকা অসমৰ নিচিনা আওহতীয়া ঠাইত ব্ৰিটিছৰ আমোলত, ১৯৩৮ চনতে এগৰাকী শিক্ষকে এনে ধৰণৰ এখন মৌলিক কিতাপ লিখি উলিয়াবলৈ সক্ষম হৈছিল।

কামৰূপ একাডেমীৰ পিছত তেওঁ পুৰণি গোৱালপাৰাৰ আৰু বৰ্ত্তমানৰ ধুবুৰী জিলাৰ ১৮৭৯ চনতে স্থাপিত ধুবুৰী গভৰ্ণমেণ্ট বয়জ হাইস্কুলত শিক্ষকতা কৰিবলৈ লয়। কিন্তু শিক্ষকতা কৰি আৰু কিতাপ লিখি ছজনীয়া পৰিয়ালৰ খোৱামুঠি উলিওৱা টান হৈ পৰে। তাতে ভাৰতৰ স্বাধীনতা আন্দোলন আৰু দ্বিতীয় মহাসমৰৰ পৰিবেশত তাকৰীয়া বেতনো নিয়মিত ৰূপে পোৱা নগৈছিল। তেনে এটা অৱস্থাত তেওঁৰ যক্ষ্মা ৰোগ হোৱা বুলি সন্দেহ কৰা হৈছিল, যিটো অস্বাস্থ্যকৰ পৰিবেশ আৰু অপুষ্টিত হোৱাটো আচৰিতজনক নহয়। যক্ষ্মা ৰোগক সেই দিনত বংশাক্ৰমিক দুৰাৰোগ্য ৰোগ বুলি গণ্য কৰা হৈছিল। গতিকে এদিন ৰাতিপুৱা সপৰিয়ালে এক টুলুঙা নাওত উঠি ব্ৰহ্মপুত্ৰৰ মাজত নেতাই ধুবুনী ঘাটৰ ওচৰত, প্ৰথমে ল'ৰা-ছোৱালী কেইটাক পেলাই দি, শেহত পতি-পত্নীয়ে আত্মজাহ দিয়ে। কিন্তু নাওৰ বুকুত থকা নৱ জাতকক কিবা কাৰণত পাহৰি গ'ল, যাক পিছত এক মুছলমান নাওৰীয়াই পাই ৰক্ষা কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৩৭ৰ ওচৰা-ওচৰি আছিল বুলি অনুমান কৰা হয়।

দ্য ৰেভেলেশ্যন্‌চ অফ দ্য হেভেন্‌চ সম্পাদনা কৰক

১৯৩৮ চনত এই গ্ৰন্থখন প্ৰকাশ পায়। ২০২২ চনৰ আগ ভাগত খগেশ্বৰ দত্ত বৰুৱাৰ কিতাপখন উৱলি যোৱা অৱস্থাত সংগ্ৰহ কৰি সংৰক্ষণৰ বাবে পুনৰ ছপা কৰি প্ৰকাশ কৰা হয়। নতুনকৈ ছপা হোৱা কিতাপৰ পিডিফ নকল তথ্যত চালে পাব। এই নতুন মূদ্ৰণৰ সম্পাদক আৰু প্ৰকাশক গুৱাহাটীৰ ডা° জীৱন দত্ত বৰুৱা। প্ৰকাশ হোৱাৰ পিছত দ্য ৰেভেলেশ্যন্‌চ অফ দ্য হেভেন্‌চৰ ওপৰত অসমীয়া খবৰ নামৰ দৈনিক বাতৰি কাকত এখনত প্ৰিয়ম্বদা দাসে লিখা এক সমালোচনা প্ৰকাশ পায়।

আলোকচিত্ৰ সম্পাদনা কৰক

তথ্য উৎস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক