গণেশ গগৈ
গণেশ গগৈ (ইংৰাজী: Ganesh Gogoi; ১৯০৭- ১৯৩৮) অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি হিচাপে খ্যাত হোৱাৰ উপৰিও[1], তেখেতক এজন সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ হিচাপেও জনা যায়। তেখেতৰ ১৯৩৪ চনত প্ৰকাশ পোৱা ‘পাপৰি’ নামৰ তেখেতৰ কবিতাৰ কিতাপখনে অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰা আৰম্ভ কৰিছিল। এই কিতাপখনৰ পৰিপ্ৰেক্ষিততেই তেখেতক পাপৰি কবি উপাধি প্ৰদান কৰা হৈছিল।
গণেশ গগৈ | |
---|---|
জন্ম | ডিচেম্বৰ ২৮, ১৯০৭ অসম, ভাৰত |
মৃত্যু | আগষ্ট ২১, ১৯৩৮ |
পেচা | লেখক, কবি আৰু অভিনেতা |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ধৰণ | অসমীয়া কাব্য সাহিত্য |
চমু জীৱনী
সম্পাদনা কৰকগণেশ গগৈৰ ১৯০৭ চনৰ ২৮ ডিচেম্বৰত যোৰহাটত জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম কনক চন্দ্ৰ গগৈ আছিল[2]। গণেশ গগৈয়ে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা মেট্ৰিকুলেচনত ঊত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত নাম লগায়। অবিভক্ত লখিমপুৰ জিলাৰ প্ৰথম গ্ৰেজুৱেট আছিল। ১৯২৭ চনত কলিকতালৈ গৈ ৰিপন কলেজত নাম লগোৱাৰ পিছত বন্ধু আনন্দ চন্দ্ৰ বৰুৱাৰ অনুৰোধত বেনাৰচ হিন্দু কলেজলৈ যায়। কিন্তু পঢ়া সাং নকৰি ঘৰলৈ আহি সাহিত্য চৰ্চাত মনপুতি লাগে। ১৯৩৮ চনৰ ২১ আগষ্টত মাথোঁ ৩০ বছৰ বয়সতে তেখেতৰ মৃত্যু ঘটে।
সাহিত্যিক অৱদান
সম্পাদনা কৰকবিংশ শতিকাৰ প্ৰথম ভাগত কলিকতাত হোৱা সাংস্কৃতিক জাগৰণে তেখেতক অসমতো এক নাট্য আন্দোলন কৰিবলৈ অনুপ্ৰেৰণা যোগায়। তেখেতে আনন্দ চন্দ্ৰ বৰুৱাৰ লগ লাগি যোৰহাটত "বাণী সন্মিলন" প্ৰতিষ্ঠা কৰে। তাৰ উপৰিও তেখেতে কেইবাখনো চুটি নাট লিখি গ্ৰামফোন ৰেকৰ্ড উলিয়াইছিল।
১৯২৯ চনত তেখেতে "যোৰহাট থিয়েটাৰ"ত যোগ দি অভিনয় কৰা আৰম্ভ কৰে। এই সময়ছোৱাতে তেখেতে কেইবাখনো নাটক আৰু চুটি নাট লিখি উলিয়ায়। "যোৰহাট থিয়েটাৰ"ত মঞ্চস্থ কৰা গণেশ গগৈৰ কেইখনমান নাটক হ’ল:
- নাটক
- জেৰেঙাৰ সতী (১৯৩৭),
- শকুনিৰ প্ৰতিশোধ,
- কাশ্মীৰ কুমাৰী,
- লাচিত,
- দক্ষ যজ্ঞ,
- সীতাৰ বনবাস,
- কুৰি শতিকা,
- কমলা কুৱঁৰী ইত্যাদি
- কবিতা
- পাপৰি (১৯৩৪); এই কবিতাৰ কিতাপখনে অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰা আৰম্ভ কৰে।
- স্বপ্ন ভংগ (১৯৩৪)
- ৰূপজ্যোতি (১৯৪৫)
- নাৱৰীয়া
- ব’ৰাগী
সংগীতৰ জগততো খোজ পেলোৱা গণেশ গগৈৰ যুগজয়ী গীতবোৰ বিভিন্ন আলোচনী যেন বাঁহী, আৱাহন, ঘৰ-জেউতি, দৈনিক বাতৰি ন-জোন আদিত প্ৰকাশ পাইছিল আৰু পিছলৈ ‘ৰূপজ্যোতি’ নামৰ কিতাপ আকাৰে প্ৰকাশ পায়। তেখেতৰ গীতিমালা নামৰ গ্ৰন্থখনত এই গানবোৰ লিপিবদ্ধ কৰা হৈছিল।
সন্মান
সম্পাদনা কৰক- অসম চৰকাৰে ২০০৯ চনৰে পৰা কবিজনৰ সন্মানাৰ্থে গণেশ গগৈ বঁটা প্ৰদান কৰি আহিছে।
- "গণেশ গগৈৰ জীৱন সুৰভি" নামৰ এখন তথ্যচিত্ৰ তেখেতৰ জীৱন আৰু কৰ্মাৱলী বিষয়ক সামৰি নিৰ্মাণ কৰা হৈছে, এই তথ্যচিত্ৰখন ঢাকাত অনুষ্ঠিত ২০০৭ চনৰ দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ আনুষ্ঠানিকভৱে নিৰ্বাচিত কৰা হৈছিল[3]।
- গণেশ গগৈ কবিতা কানন নামে এখন উদ্যান অসমৰ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি কৰা হৈছে।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Music of India Website". Archived from the original on 2014-10-29. https://web.archive.org/web/20141029140413/http://www.museindia.com/authprofile.asp?id=655। আহৰণ কৰা হৈছে: 2012-11-12.
- ↑ "Ganesh Gogoi – A Versatile Genius, by Babul Tamuli, Source, Bipuljyoti.in". Archived from the original on 2012-05-01. https://web.archive.org/web/20120501064051/http://www.bipuljyoti.in/authors/ganeshgogoi.html। আহৰণ কৰা হৈছে: 2012-11-12.
- ↑ Ganesh Gogoi Award to Hiren Bhattacharya Archived 2012-07-18 at Archive.today দ্য আসাম ট্ৰিবিউনত প্ৰকাশিত বাতৰি, তাৰিখ: ছেপ্টেম্বৰ ১১, ২০০৯]
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিউৎসত গণেশ গগৈৰ দ্বাৰা লিখা মূল পাঠ্য আছে। |
- সৌন্দৰ্য আৰু কবি, গণেশ গগৈৰ এটা কবিতা, উৎস: সঁফুৰা ডট নেট।
- গ্ৰন্থ
- History of Assamese literature, by Birinchi Kumar Barua
- Assamese literature: Volume 9, Part 2 - Page 84, Satyendranath Sarma
- Encyclopaedia of Indian Literature: devraj to jyoti, Amaresh Datta
- অডিঅ’