গদী, গদকী, গদিয়ালী বা ভৰমৌড়ী (টাকৰী লিপিত: 𑚌𑚛𑚯, 𑚌𑚛𑚊𑚯, 𑚌𑚛𑚮𑚣𑚭𑚥𑚯, 𑚡𑚤𑚢𑚵𑚪𑚯) এটি পাহাড়ী ভাৰতীয়-আৰ্য ভাষা। এই ভাষা মুখ্যতঃ উত্তৰ ভাৰতহিমাচল প্ৰদেশচম্বা জিলাৰ ভাৰমৌড় অঞ্চলৰ গদী লোকে ব্যৱহাৰ কৰে। তদুপৰি, চুবুৰীয়া জম্মুউধমপুৰ, কথুৱা আৰু দোদা জিলাতো এই ভাষা কোৱা হয়।[1]

Gaddi
𑚌𑚛𑚯, गदी Gaddi
𑚌𑚛𑚊𑚯, गदकी Gaddki
𑚌𑚛𑚮𑚣𑚭𑚥𑚯, गदियाली Gaddiyali
𑚡𑚤𑚢𑚵𑚪𑚯, भरमौड़ी Bharmauri

Gaddi, Gaddki, Gaddiyali and Bharmauri written in Takri Script
থলুৱা অঞ্চল Himachal Pradesh
অঞ্চল Bharmaur
জাতীয়তা Gaddis
স্থানীয় ভাষিক
সাঁচ:Sigfig (2011)e25
ভাষা পৰিয়াল
লিখন প্ৰণালী Takri, Devanagari
ভাষা সংকেত
ISO 639-3 gbk

এই ভাষাটো পৰম্পৰাগতভাৱে টাকৰী লিপি ব্যৱহাৰ কৰি লিখা হৈ আহিছে।[2]

গদী সংস্কৃতিৰ বিষয়ে গদী ভাষাত এক সক্ষাৎকাৰ তৰসেম জৰয়ালৰ সৈতে (প্ৰথম অংশ)

উপভাষা সম্পাদনা কৰক

গদী ভাষাৰ ৪ট উপভাষা আছে:[3]

  • প্ৰথমটো সমগ্ৰ ভৰমৌড়, ছতৰাৰী আৰু ভত্যত অঞ্চলত ব্যৱহাৰ কৰা হয়, আৰু লগতে কাংগড়া জিলা গদীভাষী অঞ্চলতো
  • দ্বিতীয়টো পিয়ুহাৰ, বেলজ, গূণ, বকনী আৰু মেহলা আৰু কাডেড়ৰ ওপৰৰ ভাগত কোৱা হয়
  • তৃতীয়টো বসু আৰু চুবুৰীয়া অঞ্চলত কোৱা হয়
  • চতুৰ্থটো লিল্হ আৰু পাহোত কোৱা হয়

স্থিতি সম্পাদনা কৰক

এই ভাষাক অনেকে পাহাড়ী বা হিমাচলীও আখ্যা দিয়ে। কোনো কোনোৱে এই ভাষা ডোগ্ৰীৰ উপভাষাও জ্ঞান কৰে। ইউনেস্ক'ই এই ভাষাক নিশ্চিতভাৱে লুপ্তপ্ৰায় ভাষাৰ তালিকাত ৰাখিছে, যাৰ অৰ্থ হ'ল যে গদী শিশুৱে এই ভাষা মাতৃভাষা হিচাপে নিশিকা হৈছে।[4]

হিমাচল প্ৰদেশৰ বিধান সভাত ২০১০ চনত 'পাহাড়ী (হিমাচলী)' নামেৰে এটি ভাষা ভাৰতৰ সংবিধানত অষ্ট অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী তুলি ধৰা হৈছিল।[5] পিচে এই ক্ষেত্ৰত তাৰ পাছত কোনো উন্নতি দেখা যোৱা নাই, যদিও অনেক সৰু সৰু সংগঠনে এই ভাষা সংৰক্ষণৰ চেষ্টা কৰি আহিছে।[6]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক