গলমণিকা নাচনী
গলমণিকা নাচনী (ইংৰাজী: Red-breasted Flycatcher, বৈজ্ঞানিক নাম-Ficedula parva) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই পেচ্চেৰিফৰমিছ বৰ্গৰ অন্তৰ্ভুক্ত চৰাই।
গলমণিকা নাচনী | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passeriformes |
পৰিয়াল: | Muscicapidae |
গণ: | Ficedula |
প্ৰজাতি: | F. parva |
বৈজ্ঞানিক নাম | |
Ficedula parva (Bechstein, 1792) |
বিৱৰণ
সম্পাদনা কৰকপ্ৰজননৰ সময়ত পূৰ্ণবয়স্ক মতা গলমণিকা নাচনী চৰাইৰ আকাৰ প্ৰায় ১১-১২ ছে: মি: হয়। ইয়াৰ পিঠি অংশ মটিয়া বৰণীয়া। তল অংশ বগা,মূৰ মুগা আৰু ডিঙি কমলা বৰণীয়া হয়। এই চৰাইবিধৰ ঠোঁট ক'লা আৰু জোঙা হয়।
অন্য সময়ত অৰ্থাৎ প্ৰজনন নকৰা কালত গলমণিকা নাচনী চৰাইৰ মূৰ মটিয়া হয় আৰু ডিঙিত কমলা বৰণ নাথাকে।
বিতৰণ
সম্পাদনা কৰকএই চৰাইবিধে উত্তৰ ইউৰোপ আৰু কেন্দ্ৰীয় এছিয়াত প্ৰজনন কৰে। শীতকালত গলমণিকা নাচনী চৰায়ে দক্ষিণ এছিয়া লৈ পৰিভ্ৰমণ কৰে।
বাসস্থান
সম্পাদনা কৰকগলমণিকা নাচণি চৰাই সাধাৰণতে পৰ্ণপাতী অৰণ্যত পানীৰ উৎসৰ আশে পাশে দেখা পোৱা যায়। [2]
আচৰণ
সম্পাদনা কৰকখাদ্য
সম্পাদনা কৰকইহঁতে ঘাইকৈ পোক-পতংগ খাই জীয়াই থাকে।
প্ৰজনন
সম্পাদনা কৰকএই চৰাইবিধে সাধাৰণতে গছৰ খোৰোঙত বাহ সাজে। এবাৰত ৪-৭ টাকৈ কণী পাৰে।
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Ficedula parva". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/160032599। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ Cezary Mitrus, Tim H. Sparks & Piotr Tryjanowski (2005). "First evidence of phenological change in a transcontinental migrant overwintering in the Indian sub-continent: the Red-breasted Flycatcher Ficedula parva". Ornis Fennica খণ্ড 82: 13–19. Archived from the original on 2007-07-19. https://web.archive.org/web/20070719201453/http://www.birdlife.fi/julkaisut/of/pdf/vol82-1/2Mitrus2421.pdf। আহৰণ কৰা হৈছে: 2013-10-24.