গাহৰি-নেজীয়া বান্দৰ

বান্দৰৰ প্ৰজাতি

গাহৰি-নেজীয়া বান্দৰ (ইংৰাজী: Pig-tailed macaque) বাংলাদেশ, কম্বোডিয়া, চীন, ভাৰত, লাওচ, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি। পূৰ্ব্বতে ইয়াক Macaca nemestrina-ৰ এবিধ উপ-প্ৰজাতি বুলি গণ্য কৰা হৈছিল। ভাৰতবৰ্ষত এই প্ৰজাতিটো ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত পোৱা যায়।[3][4] শেহতীয়াকৈ উপলব্ধ হোৱা আচৰণ সম্পৰ্কীয় বৈজ্ঞানিক তথ্যই প্ৰাণীবিধৰ বিষয়ে অধিক জনাৰ সুবিধা দিছে।[5]

গাহৰি-নেজীয়া বান্দৰ
(Pig-tailed macaque)[1]
গাহৰি-নেজীয়া বান্দৰ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
পৰিয়াল: Cercopithecidae
গণ: Macaca
প্ৰজাতি: M. leonina
বৈজ্ঞানিক নাম
Macaca leonina
(Blyth, 1863)
গাহৰি-নেজীয়া বান্দৰৰ বিতৰণ

শ্ৰেণীবিভাজন সম্পাদনা কৰক

পূৰ্বতে উপ-প্ৰজাতি বুলি গণ্য কৰা হৈছিল যদিও বৰ্ত্তমান গাহৰি নেজীয়া বান্দৰৰ দুটা সম্পূৰ্ণ পৃথক প্ৰজাতি পোৱা যায়:

  1. দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰ (Southern pigtailed macaque; Macaca nemestrina) – ইয়াক উত্তৰ ভাৰত, দক্ষিণ চীন, ইণ্ডোনেছিয়া, পূব বাংলাদেশ তথা বাৰ্মা, থাইলেণ্ড, লাওচ, কম্বোডিয়া আৰু ভিয়েটনাম আদিত পোৱা যায়।[6]
  2. উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ (Northern pigtailed macaques; Macaca leonine) – এই প্ৰজাতিটো মূলতঃ থাইলেণ্ড, ভাৰত, চীন আদিত বিস্তৃত।[7]

দুয়োটা প্ৰজাতিৰ দৈহিক তথা অন্যান্য পাৰ্থক্য সম্পৰ্কে তথ্য এতিয়াও সীমিত।

দৈহিক গঠন সম্পাদনা কৰক

দক্ষিণৰ গাহৰি-নেজীয়া বান্দৰৰ সমগ্ৰ দেহটো সেউজীয়া-মাটীয়া নোমেৰে আবৃত। মূৰৰ ওপৰত থকা ৰং ডাঠ।[8] উত্তৰৰ গাহৰি-নেজীয়া বান্দৰৰ গাৰ নোম সোণালী-মটীয়া বৰণৰ আৰু মূৰৰ ওপৰৰ অংশ মুগা। গাহৰি-নেজীয়া বান্দৰৰ পোৱালিবোৰ জন্মতে ক'লা ৰঙৰ আৰু ডাঙৰ হোৱাৰ লগে লগে ৰং সলনি হৈ আহে।[9] মতা আৰু মাইকীৰ দৈহিক গঠন ভিন্ন হয়। মতা প্ৰাণীৰ দেহৰ দৈৰ্ঘ্য ১.৬–১.৮ ফুট আৰু মাইকীৰ ১.৫–১.৮ ফুট হয়। দেহৰ ওজন মতা প্ৰাণীৰ ৬.২–১৪.৫ কিঃগ্ৰাঃ, মাইকীৰ ৪.৭–১০.৯ কিঃগ্ৰাঃ। নেজডাল চুটি- দেখাত গাহৰিৰ নেজৰ দৰে‌।[10] গড় আয়ুস ২৬ বছৰ।[11]

বসতিস্থল সম্পাদনা কৰক

গাহৰি-নেজীয়া বান্দৰে সাধাৰণতে চিৰসেউজীয়া অৰণ্যত বাস কৰে।[12] বসতিস্থল সাগৰৰ পৰা ২০০০ মিটাৰ উচ্চতালৈকে হ'ব পাৰে।[13]

আচৰণ সম্পাদনা কৰক

সচৰাচৰ ফল-মূল খাদ্য হিচাপে গ্ৰহণ কৰে। বৈজ্ঞানিক তথ্য অনুসৰি গাহৰি-নেজীয়া বান্দৰৰ খাদ্যৰ প্ৰায় ৭৪% ফল-মূল। অৱশ্যে তাৰ উপৰিও এই প্ৰাণীবিধে অন্যান্য খাদ্য যেনে- কীট-পতংগ, গছৰ গুটি, পাত, কাণ্ড আদি খায়।[14]

গাহৰি-নেজীয়া বান্দৰে সৰহভাগ সময় মাটিত কটায়। দল-বান্ধি বাস কৰে। একোটা দলত ৯ টাৰ পৰা ৮১টা পৰ্য্য়ন্ত গাহৰি-নেজীয়া বান্দৰ থাকিব পাৰে। দলৰ মাজত স্পষ্ট অধিক্ৰম (dominance hierarchy) থাকে।[15]

সাধাৰণতে সমগ্ৰ বছৰজুৰি প্ৰজনন কৰে যদিও জানুৱাৰীৰ পৰা মে' মাহত অধিক হাৰত প্ৰজনন হয়।[16] মাইকী প্ৰাণী তিনি বছৰ বয়সত প্ৰজননক্ষম হয়। আনহাতে মতা প্ৰাণী প্ৰজননক্ষম হয় ৪-৫ বছৰ বয়সতহে।[17] মাকে পোৱালিৰ যত্ন লয়।

সংৰক্ষণ সম্পাদনা কৰক

এই প্ৰাণীবিধক আই ইউ চি এন-ৰ তালিকাত বিপথগামী (Vulnerable) বুলি ঘোষণা কৰা হৈছে। মানুহৰ দ্বাৰা বনাঞ্চল ধ্বংস, চিকাৰ, পৰিৱেশ প্ৰদুষণ ইত্যাদিয়ে এই প্ৰাণীবিধ বিপদাপন্নৰ হোৱাৰ মূল কাৰণ বুলি গণ্য কৰা হয়।[18]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100549. 
  2. Boonratana, R., Das, J., Yongcheng, L., Htun, S. & Timmins, R. J. (2008). Macaca leonina. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 4 January 2009.
  3. Choudhury, A.U. (1988) Priority ratings for conservation of Indian primates. Oryx 22: 89-94.
  4. Choudhury, A.U. (2003) The pig-tailed macaque Macaca nemestrina in India - status and conservation. Primate Conservation 19:91-94.
  5. Choudhury, A.U. (2008) Ecology and behaviour of the pigtailed macaque Macaca nemestrina leonina in some forests of Assam in North-East India. J. Bombay nat. Hist. Soc. 105 (3): 279- 291.
  6. Choudhury A. 2003. The pig-tailed macaque Macaca nemestrina in India- status and conservation. Prim Cons 19: 91-8., Feeroz MM, Islam MA, Kabir MM. 1994. Food and feeding behaviour of hoolock gibbon (Hylobates hoolock), capped langur (Presbytis pileata), and pigtailed macaque (Macaca nemestrina) of Lawachara. Bangladesh J Zool 22(2): 123-32., Groves C. 2001. Primate taxonomy. Washington DC: Smithsonian Inst Pr. 350 p.
  7. Groves C. 2001. Primate taxonomy. Washington DC: Smithsonian Inst Pr. 350 p.
  8. Rowe N. 1996. The pictorial guide to the living primates. East Hampton (NY): Pogonias Pr. 263 p.
  9. Crockett CM, Wilson WL. 1980. The ecological separation of Macaca nemestrina and M. fascicularis in Sumatra. In: Lindburg DG, editor. The macaques: studies in ecology, behavior and evolution. New York: Van Nostrand Reinhold. p 148-81.
  10. Choudhury 2001. Primates in northeast India: an overview of their distribution and conservation status. In: Gupta AK, editor. Vol 1(1), Non-human primates of India, ENVIS bulletin: wildlife & protected areas. Dehradun (India): Wildl Inst India. p 92-9.
  11. Sponsel LE, Ruttanadakul N, Natadecha-Sponsel P. 2002. Monkey business? The conservation implications of macaque ethnoprimatology in southern Thailand. In: Fuentes A, Wolfe LD, editors. Primates face to face: conservation implications of human-nonhuman primate interconnections. Cambridge (UK): Cambridge Univ Pr. p 288-309.
  12. Crockett CM, Wilson WL. 1980. The ecological separation of Macaca nemestrina and M. fascicularis in Sumatra. In: Lindburg DG, editor. The macaques: studies in ecology, behavior and evolution. New York: Van Nostrand Reinhold. p 148-81.
  13. Srivastava A, Mohnot SM. 2001. Distribution, conservation status and priorities for primates in northeast India. In: Gupta AK, editor. Vol 1(1), Non-human primates of India, ENVIS bulletin: wildlife & protected areas. Dehradun (India): Wildl Inst India. p 102-8.
  14. Caldecott JO. 1986. An ecological and behavioural study of the pig-tailed macaque. In: Szalay FS, editor. Contributions to primatology, Vol. 21. Basel (Switzerland): Karger. 259 p.
  15. Dittus W. 2004. Demography: a window to social evolution. In: Thierry B, Singh M, Kaumanns W, editors. Macaque societies: a model for the study of social organization. Cambridge (UK): Cambridge Univ Pr. p 87-112.
  16. Oi T. 1996. Sexual behaviour and mating system of the wild pig-tailed macaque in west Sumatra. In: Fa DE, Lindburg DG, editors. Evolution and ecology of macaque societies. Cambridge (UK): Cambridge Univ Pr. p 342-68.
  17. Sirianni JE, Swindler DR. 1985. Growth and development of the pigtailed macaque. Boca Raton (FL): CRC Pr. 168 p
  18. Srivastava A, Das J, Biswas J, Buzarbarua P, Sarkar P. 2001. Primate population decline in response to habitat loss: Borajan Reserve Forest of Assam, India. Primates 42(4): 401-6.

বহিঃসংযোগ সম্পাদনা কৰক