প্ৰাইমেট

(Primateৰ পৰা পুনঃনিৰ্দেশিত)

প্ৰাইমেট (ইংৰাজী: primate; Listeni/ˈprmt/ pry-mayt) হৈছে Primates (Listeni/prˈmtz/ pry-may-teez; লেটিন: "prime, প্ৰথম স্থান") বৰ্গৰ অন্তৰ্গত স্তন্যপায়ী প্ৰাণী[2] জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত, প্ৰাইমেট বুলিলে দুটা প্ৰধান শৃংখল, strepsirrhines আৰু haplorhinesক বুজায়। হাবিত বাস কৰা কিছুমান পূৰ্ৱজৰ পৰা প্ৰাইমেটৰ উদ্ভৱ হৈছিল; বহু প্ৰাইমেটৰে ত্ৰি-অক্ষীয় পৰিৱেশত খাপ খাব পৰা বৈশিষ্ট থাকে। বহু প্ৰাইমেট এতিয়াও আংশিকভাৱে বায়বীয়।

প্ৰাইমেট
জীৱাশ্ম কাল: PaleoceneHolocene,
৫৫–০ নিযুত বছৰ
কিছুমান প্ৰাইমেট পৰিয়াল, ওপৰৰ পৰা তললৈ ক্ৰমে: Daubentoniidae, Tarsiidae, Lemuridae, Lorisidae, Cebidae, Callitrichidae, Atelidae, Cercopithecidae, Hylobatidae, Hominidae
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Primates
লিনিয়াছ, ১৭৫৮[1]
পৰিয়ালসমূহ
  • ১৬ টা
অমানৱ প্ৰাইমেটৰ পৰিসৰ (সেউজীয়া)

সকলো মহাদেশতেই বসবাস কৰা মানুহক বাদ দি, অধিকাংশ প্ৰাইমেট আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ গ্ৰীষ্মপ্ৰধান বা উপ-গ্ৰীষ্মপ্ৰধান অঞ্চলত বাস কৰে। ইহঁত মাত্ৰ 30 গ্ৰাম (1 oz) ওজনৰ Madame Berthe's mouse lemurৰ পৰা, ২০০ কেজি (৪৪০ পাউণ্ড)ত কৈও অধিক বৃহৎকায় eastern gorilla পৰ্যন্ত হব পাৰে। জীৱাশ্মৰ সাক্ষৰ ভিত্তিত, প্ৰায় ৫৫.৮ নিযুত বছৰ আগতেই Teilhardina গণৰ প্ৰাইমেত আছিল বুলি ঠাৱৰ কৰা হৈছে।[3]

পৰম্পৰাগতভাৱে প্ৰাইমেট বৰ্গক দুটা প্ৰধান গোটত ভাগ কৰা হয়: প্ৰছিমিয়ান আৰু এণ্ঠপইড (ছিমিয়ান)। প্ৰছিমিয়ানৰ বৈশিষ্টবোৰ সিহঁতৰ পূৰ্ৱজৰ সৈতে বহু সাদৃশ্য থাকে। মাডাগাস্কাৰৰ লেমুৰ, লৰিছইড, আৰু টাৰছিয়াৰৰ হৈছে প্ৰছিমিয়ান, আৰু বান্দৰ, বনমানুহ আৰু হমিনিবোৰ ছিমিয়ানৰ অন্তৰ্গত প্ৰাণী।

ছিমিয়ানক আকৌ দুটা ভাগ কৰা হয়: কেটাৰাইন (ঠেক নাকৰ) আফ্ৰিকা আৰু দক্শিণ এছিয়াবান্দৰ আৰু বনমানুহবোৰ আৰু প্লেটিৰাইন ("বহল নাকৰ") বা দক্ষিণ আৰু মধ্য আমেৰিকাৰ নিউ ৱৰ্ল্ড মাংকিবোৰ। কেপোচিন, হৌলাৰ আৰু স্কোৱাৰেল মাংকি নিউ ৱৰ্ল্ড মাংকিৰ অন্তৰ্গত। অল্ড ৱৰ্ল্জ মাংকি (যেনে বেবুন আৰু মেকাকবোৰ), গিবন আৰু বনমানুহবোৰ কেটাৰাইনৰ অন্তৰ্গত। জীৱাশ্মৰ সাক্ষ্য মতে ইউৰোপত কেটাৰাইনৰ অন্য বহুত প্ৰজাতি আছিল যদিও, কেৱল মানুহবোৰেই আফ্ৰিকা, দক্ষিণ এছিয়া আৰু পূৱ এছিয়া বাহিৰলৈ সফলতাৰে বিস্তাৰিত হোৱা একমাত্ৰ কেটাৰাইন। বৰ্তমানেও প্ৰাইমেটৰ বহু নতুন নতুন প্ৰজাতিৰ আবিস্কাৰ হৈ আছে।

প্ৰাইমেটবোৰ বায়বীয় (গছত থকা) যদিও বহু প্ৰজাতি স্থলত বাস কৰে, কিন্ত সকলোৱেই গছত বগাবলৈ সক্ষম। ইহঁতে গছত উলমি, দুভৰি বা চাৰি ঠেঙৰ দ্বাৰা খোজকাঢ়ি চলাচল কৰে।

অন্য স্তন্যপায়ীতকৈ প্ৰাইমেটৰ মগজু ডাঙৰ। কিছুমানৰ তিনি-ৰঙী দৰ্শন বিকশিত হৈছে। অধিকাংশৰে বুঢ়া আঙুলি থাকে আৰু কিছুমানৰ নেজ থাকে। ইহঁকৰ লিংগিয় বৈষমতা দেখা যায়; দেহৰ ওজন, কৃন্তক দাঁতৰ আকাৰ, আৰু বৰণৰ পাৰ্থক্য থাকে। ইহঁতৰ বিকাশৰ হাৰ অন্য স্তন্যপায়ীৰ তুলনাত মন্থৰ আৰু জন্মৰ পাছতহে পূৰ্ণ বিকশিত হয় যদিও জীৱন কাল দীঘলীয়া। প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি পূৰ্ণ বয়স্ক বোৰ, অকলশৰে থাকে, যোৰা পাতি থাকে বা বহু সদস্য একেলগে লগ লাগি সমাজ পাতি বসবাস কৰে।

বৰ্গীকৰণ

সম্পাদনা কৰক

তলৰ ক্লেড'বৃক্ষত জীৱিত প্ৰাইমেটৰ এটা সম্ভাৱ্য শ্ৰেণীবিভাজন ক্ৰম দেখুওৱা হৈছে,[4][5] সাধাৰণ (পৰম্পৰাগত) নাম ব্যৱহাৰ কৰা গোটসমূহ সোঁফালে দেখুওৱা হৈছে৷

প্ৰিমাট’মৰ্ফা

 ডাৰ্মপ্টেৰা  


 প্ৰাইমেট 
 হেপ্ল’ৰিনি 
 চিমিফৰ্ম 
 কেটাৰিনি 
 হমিনৈডিয়া 
 হমিনিডায় 
 হমিনিনায় 
 হমিনি 

মানুহ (genus Homo)   



চিম্পাঞ্জী (genus পান)  



 গৰিলিনি 

গৰিলা (genus Gorilla)   





ওৰাঙোটাং (subfamily Ponginae)   




হলৌজাত জীৱ (family Hylobatidae)   




আফ্ৰিউৰেছিয়াৰ বান্দৰ (superfamily Cercopithecoidea)   




আমেৰিকা মহাদেশৰ বান্দৰ (parvorder Platyrrhini)   



 টাৰ্চিফৰ্ম 

টাৰ্চিয়েৰ (superfamily Tarsioidea)   




 ইষ্ট্ৰেপ্সিৰিনি 
লিমাৰিফৰ্ম[টোকা 1] 

লেমুৰ (superfamily Lemuroidea)   



লাজুকী বান্দৰ আৰু গেলগো (superfamily Lorisoidea)   






প্ৰচিমিয়ান
বান্দৰ
বৰ বৰবান্দৰ
মানুহ
সৰু বৰবান্দৰ
  1. যদিও লেমুৰ আৰু ল’ৰিছ’ইডৰ মাজৰ একবংশগত সম্পৰ্ক বহুলভাৱে গ্ৰহণ কৰা হয়, তথাপি ইহঁতক একেটা ক্লেডত অন্তৰ্ভুক্ত কৰা নহয়। ইয়াত "লেমুৰিফৰ্ম" শব্দটো ব্যৱহাৰ কৰা হৈছে কাৰণ ই এটা জনপ্ৰিয় শ্ৰেণীবিভাজনৰ পৰা উদ্ভৱ হৈছে যিয়ে বিশেষ সাজোনযুক্ত দাঁত থকা প্ৰাইমেটৰ ক্লেডক এটা ইনফ্ৰাঅৰ্ডাৰত আৰু বিলুপ্ত, বিশেষ সাজোনযুক্ত দাঁত নথকা এডাপিফৰ্মক আন এটাত গোট খুৱাই, দুয়োটা উপক্ৰম ষ্ট্ৰেপচিৰিনিৰ ভিতৰত ধৰা হৈছে।[6][7] কিন্তু আন এটা জনপ্ৰিয় বিকল্প শ্ৰেণীবিভাজনে ল’ৰিছ’ইডবোৰক ইনফ্ৰাঅৰ্ডাৰ ল’ৰিচিফৰ্মেছত অন্তৰ্ভুক্ত কৰা হয়৷[8]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Groves, C. (2005). Wilson, D. E., & Reeder, D. M, eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: Johns Hopkins University Press. পৃষ্ঠা. 111–184. ISBN 0-801-88221-4. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=12100001. 
  2. "Primate". Merriam-Webster Online Dictionary. Merriam-Webster. Retrieved 2008-07-21. 
  3. O'Leary, M. A.; and others (2013). "The placental mammal ancestor and the post–K-Pg radiation of placentals". Science খণ্ড 339 (6120): 662–667. doi:10.1126/science.1229237. PMID 23393258. 
  4. Cartmill, M.; Smith, F. H. (2011). The Human Lineage. John Wiley & Sons. ISBN 978-1-118-21145-8. https://books.google.com/books?id=X058kYnhxC0C&pg=PA90. 
  5. Groves, C. P. (2001). Primate Taxonomy. Smithsonian Institution Press. ISBN 1-56098-872-X. 
  6. Szalay & Delson 1980, পৃষ্ঠা. 149.
  7. Cartmill 2010, পৃষ্ঠা. 15.
  8. Hartwig 2011, পৃষ্ঠা. 20–21.