গীটাৰ এবিধ তাঁৰযুক্ত বাদ্য য'ত তাঁৰৰ সহায়ত সংগীত সৃষ্টি কৰা হয়।[1]

গীটাৰ

এখন শাস্ত্ৰীয় গীটাৰ (নাইলন ষ্ট্ৰীং)
ষ্ট্ৰীং
শ্ৰেণী তাঁৰযুক্ত বাদ্য
Hornbostel–Sachs classification ৩২১.৩২২
(Composite chordophone)
পৰিবেশনৰ সীমা
(a standard tuned guitar)
আনুষঙ্গিক বাদ্য

যদিও গীটাৰ ৪০০০ বছৰ পুৰণি বাদ্য যন্ত্ৰ 'কিথাৰা'ৰ পৰা অহা বুলি কোৱা হয়, এই তথ্যৰ প্ৰমাণ মাথোঁ এই যে কিথাৰা আৰু স্পেনীয় ভাষাৰ শব্দ 'quitarra' শুনিবলৈ একে।[2] পৃথিৱীৰ আতাইতকৈ পুৰণি তাঁৰযুক্ত বাদ্য যন্ত্ৰ bowl harps আৰু tanburs বুলি জানিব পৰা যায়। এই যন্ত্ৰৰ ক্ৰমাৎ বিবৰ্তন ঘটে। আৰবৰ ফালে এই যন্ত্ৰত ফ্ৰেট ব্যৱহাৰ হোৱা নাছিল যদিও ইউৰোপীয়সকলে ইয়াত ফ্ৰেট লগাই ইয়াক 'লুট' নাম দিলে। এই লুটেই গৈ গীটাৰ হ'লগৈ।[3]

গীটাৰৰ নাম সংস্কৃত শব্দ 'তাৰ'ৰ পৰা অহা। এছিয়াত বিভিন্ন এনে তাৰ ব্যৱহাৰ কৰা বাদ্য আছে যাৰ নামতো 'তাৰ' আছে, যেনে দুতাৰ, চিতাৰ, চাৰতাৰ আদি।[4]

 
গিটাৰৰ অংগ

তলত গীটাৰৰ কিছু মূল অংগৰ বিষয়ে দিয়া হৈছে:

  • হে'ড্ ষ্টক্ - হেড্ ষ্টক হ'ল গিটাৰ টিউন কৰা পেগ্‌ছ ধৰি ৰখা অংগ।
  • টিউনিং পেগ্‌ছ - টিউনিং পেগ্‌ছ তাৰ ধৰি ৰখাত আৰু গিটাৰ টিউন কৰাত ব্যৱহাৰ হয়।
  • নাট - নাটে তাঁৰসমূহ নিজৰ নিজৰ ঠাইত ধৰি ৰাখে।
  • নে'ক - হে'ড্ ষ্টককে ধৰি ব'ডিৰ ওপৰৰ সকলো নেক।
  • ফ্ৰেট ব'ৰ্ড - ফ্ৰেট ব'ৰ্ডে ফ্ৰেটসমূহ নিজৰ নিজৰ ঠাইত ধৰি ৰাখে।
  • ফ্ৰেট সমোহ - ফ্ৰেটসমূহ ফ্ৰেট ব'ৰ্ডত পথালিকৈ থাকে।
  • ব'ডি - এজন সোঁহতীয়াই গীটাৰ ধৰিলে সোঁফালে যি বৃহৎ অংশ থাকে, সেয়েই ব'ডি।
  • ব্ৰিজ - ব্ৰিজে তাঁৰসমূহ ব'ডিত ধৰি ৰাখে।[5]

গীটাৰত ৬ ডাল তাঁৰ থাকে যাক 'ষ্ট্ৰিংছ্‌' বুলি কোৱা যায়। প্ৰতিডাল তাঁৰৰে স্বৰ বেলেগ বেলেগ। তাঁৰ কেইডালৰ নাম হ'ল- ই,বি,জি,ডি,এ,ই। এই ক্ৰম গীটাৰৰ আতাইতকৈ ক্ষীণ তাঁৰৰ পৰা আতাইতকৈ মোটা তাঁৰলৈকে।[6]

মূলত গীটাৰ তিনি প্ৰকাৰৰ। যেনে-

  1. স্পেনিছ গীটাৰ
  2. হাৱাইন গীটাৰ
  3. বেছ্‌ গীটাৰ

ইয়াৰ বাদেও স্পেনিছ গীটাৰক ক্লাছিকেল, একাউষ্টিক আৰু ইলেকট্ৰিক আদি ভাগত ভাগ কৰা হয়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক

লগতে চাওক

সম্পাদনা কৰক