গীতাঞ্জলি থাপা

ভাৰতীয় অভিনেত্ৰী

গীতাঞ্জলি থাপা এগৰাকী ভাৰতীয় অভিনেত্ৰী। বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছিক্কিমৰ গীতাঞ্জলি থাপাৰ বোলছবি প্ৰদৰ্শিত হোৱাৰ লগতে তেওঁৰ অভিনয় বিশেষ ভাবে সমাদৃত হৈছে। কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বঁটা লাভ কৰা গীতাঞ্জলিয়ে ২০১৩ চনত লায়াৰ্ছ ডাইছ নামৰ চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে ৬১তম শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।

গীতাঞ্জলি থাপা
Geetanjali Thapa in 2014
২০১৮ চনত গীতাঞ্জলি থাপা
জন্ম ০১ জানুৱাৰী, ১৯৮৮ (৩৬ বছৰ)
গেংটক, ছিক্কিম, ভাৰত
বাসগৃহ মুম্বাই
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০১১–বৰ্তমানলৈ
বঁটা, সন্মান, পুৰস্কাৰ আদি শ্ৰেষ্ঠ পৰিৱেশন, লছ এঞ্জেলেছ চলচ্চিত্ৰ মহোৎসৱ ২০১৩[1]
শ্ৰেষ্ঠ অভিনেত্ৰী, ইমাজিন ইণ্ডিয়া ২০১৩, মাদ্ৰিদ[2]
শ্ৰেষ্ঠ অভিনেত্ৰী, ৬১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা[3]
শ্ৰেষ্ঠ অভিনেত্ৰী, চৰ্তুদশ বাৰ্ষিক নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ[4]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

১৯৮৮ চনৰ ১ জানুৱাৰী তাৰিখে ছিক্কিমৰ ৰাজধানী গেংটকত গীতাঞ্জলি থাপাৰ জন্ম হৈছিল। তেওঁ আনুষ্ঠানিক শিক্ষাৰ পাতনি ছিক্কিমৰ টাশ্বি নামগ্যাল একাডেমীত মেলিছিল। তাৰপিছত তেওঁ উচ্চ শিক্ষাৰ বাবে কলকাতালৈ যায়। তেওঁ নিজকে এগৰাকী পেছাদাৰী মডেল হিচাপে প্ৰতিষ্ঠা কৰে। তেওঁ অসমগুৱাহাটীত অনুষ্ঠিত মেগা মিছ নৰ্থ ইষ্ট ২০০৭ সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হৈছিল।[5][6][7][8]

২০০৬ চনত স্কুলত পঢ়ি থকাৰ সময়তে গীতাঞ্জলিয়ে ইংৰাজী ভাষাৰ চুটি ছবি মিথৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল।

কৰ্মজীৱন সম্পাদনা কৰক

তেওঁ চলচ্চিত্ৰ জগতলৈ প্ৰৱেশ কৰাৰ আগতে নিজকে এক পেছাদাৰী মডেল হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেওঁ ২০১০ চনত টিনা কি চাবি বোলছবিত অভিনয় কৰিবলৈ সুযোগ পায়। ইয়াৰ পিছত তেওঁ কমল কেএমৰ ছবি আই.ডিৰ মুখ্য ভূমিকাত অভিনয় কৰে। ইয়াত কৰা অভিনয়ৰ বাবে তেওঁ লছ এঞ্জেলেছ চলচ্চিত্ৰ মহোৎসৱ ২০১৩ত শ্ৰেষ্ঠ পৰিৱেশক আৰু ইমাজিন ইণ্ডিয়া ২০১৩, মাদ্ৰিদত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে।[9]বুচন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱকে আদি কৰি এই ছবিখন কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। তাৰ পিছত তেওঁ অমিত খুৰানাৰ মনচুন শ্বুটিঙত অভিনয় কৰে আৰু এই ছবিখন ক্যা চলচ্চিত্ৰ মহোৎসৱৰ মিডনাইট স্ক্ৰীনিং শিতানত প্ৰদৰ্শিত হয়। তাৰপিছত তেওঁ অনুৰাগ কাশ্যপৰ দেট ডে আফটাৰ এভৰী ডেত অভিনয় কৰে। ২০১৩ চনৰ মুম্বাই চলচ্চিত্ৰ মহোৎসৱত তেওঁৰ পৰৱৰ্তী ছবি গীতু মোহনদাসৰ লায়াৰ্ছ ডাইছ প্ৰদৰ্শিত হয়। তাৰপিছত ছবিখন বহুতো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয় বিভিন্ন পুৰস্কাৰ লাভ কৰে।[10] গীতাঞ্জলিয়ে ইয়াত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৬১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। এই ছবিখন ৮৭তম অস্কাৰ বঁটালৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শিতানলৈ ভাৰতৰ চৰকাৰী মনোনয়ন আছিল।

তাৰ পিছত তেওঁ অস্কাৰ বঁটা বিজয়ী নিৰ্দেশক দানিছ টানৱিকৰ ছবি টাইগাৰ্ছত পাকিস্তানী মহিলাৰ চৰিত্ৰত অভিনয় কৰে।[11][12] এইখন ছবি ট'ৰেণ্ট' আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ ২০১৪ ত প্ৰদৰ্শিত হয়। ইয়াৰ লগতে তেওঁ কেইবাখনো বিজ্ঞাপনটো কাম কৰে। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল ঐশ্বৰ্য ৰায়ৰ লগত কৰা লৰিয়েলৰ বিজ্ঞাপন।[6]

শেহতীয়াকৈ তেওঁ ট্ৰেপড, কুছ ভিগে ভিগে অলফাজ, পেংটিং লাইফ আৰু বাইস্ক'পৱালাৰ দৰে ছবিত অভিনয় কৰিছে।

অভিনয় সম্পাদনা কৰক

চলচ্চিত্ৰ সম্পাদনা কৰক

চন বোলছবি চৰিত্ৰ ভাষা নোট
২০১২ আই.ডি চাৰু হিন্দী শ্ৰেষ্ঠ পৰিৱেশন, লছ এঞ্জেলেছ চলচ্চিত্ৰ মহোৎসৱ ২০১৩[1]শ্ৰেষ্ঠ অভিনেত্ৰী, ইমাজিন ইণ্ডিয়া ২০১৩, মাদ্ৰিদ[2]
২০১৩ মনচুন শ্বুটিং অনু হিন্দী
দেট ডে আফটাৰ এভৰী ডে বাছৰ ছোৱালীজনী হিন্দী
২০১৪ লায়াৰ্ছ ডাইছ কমলা হিন্দী শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা[3] শ্ৰেষ্ঠ অভিনেত্ৰী, চৰ্তুদশ বাৰ্ষিক নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ[4]
২০১৬ টাইগাৰ্ছ জাইনাব হিন্দী
ইংৰাজী
জাৰ্মান
ট'ৰেণ্ট' আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ ২০১৪[13]
২০১৭ ট্ৰেপড নূৰী হিন্দী
২০১৮ কুছ ভিগে ভিগে অলফাজ অৰ্চনা প্ৰধান হিন্দী
পেংটিং লাইফ গেষ্ট ৰুমত থকা মহিলা গৰাকী ইংৰাজী মুক্তি লাভ কৰা নাই
বাইস্ক'পৱালা মিনি বসু হিন্দী

ৱেব চিৰিজ সম্পাদনা কৰক

চন নাম চৰিত্ৰ নেটৱৰ্ক নোট Ref.
২০১৮ চেক্ৰেড গেমছ নয়নিকা চেহগাল নেটফ্লিক্স

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 "20th LA Film Fest Award". Archived from the original on 2014-04-25. https://web.archive.org/web/20140425020656/http://www.lafilmfest.com/winners-announced-for-2013/। আহৰণ কৰা হৈছে: 2014-06-29. 
  2. 2.0 2.1 "ImagineIndia 13th International Film Festival Award". Archived from the original on 2014-05-29. https://web.archive.org/web/20140529051903/http://www.imagineindia.net/2014/eng/News/News.php?id=242388676991724102। আহৰণ কৰা হৈছে: 2014-06-29. 
  3. 3.0 3.1 "61st National Film Awards Announced" (PDF) (Press release). Press Information Bureau (PIB), India. http://pib.nic.in/newsite/PrintRelease.aspx?relid=104863। আহৰণ কৰা হৈছে: 16 April 2014. 
  4. 4.0 4.1 "14th Annual New York Indian Film Festival". http://www.iaac.us/nyiff2014/press.htm। আহৰণ কৰা হৈছে: 2014-06-29. 
  5. "Geetanjali Thapa wins Mega Miss North East". Archived from the original on 2010-01-07. https://web.archive.org/web/20100107154608/http://www.nenanews.com/ANE%20Oct%201-15%2C%2007/oh4.htm. 
  6. 6.0 6.1 Shaheen Parkar (28 September 2014). "Yet to learn how things work in Bollywood: Geetanjali Thapa". MiD DAY. http://www.mid-day.com/articles/yet-to-learn-how-things-work-in-bollywood-geetanjali-thapa/15640193। আহৰণ কৰা হৈছে: 2014-10-20. 
  7. "Geetanjali Thapa on being low-key and letting her work speak". The Telegraph. http://www.telegraphindia.com/1131008/jsp/t2/story_17434586.jsp। আহৰণ কৰা হৈছে: 20 January 2014. 
  8. "Interview: Geetanjali Thapa, Actor [I.D., Monsoon Shootout"]. DearCinema.com. 15 July 2013. Archived from the original on 2014-04-21. https://web.archive.org/web/20140421082259/http://dearcinema.com/interview/interview-geetanjali-thapa-actor-i-d-monsoon-shootout/4229। আহৰণ কৰা হৈছে: 2014-04-20. 
  9. "I auditioned for White Lies so I could meet Danis: Geetanjali Thapa". Archived from the original on 2014-02-01. https://web.archive.org/web/20140201235824/http://articles.timesofindia.indiatimes.com/2013-10-04/news-interviews/42716292_1_danis-tanovic-emraan-hashmi-white-lies। আহৰণ কৰা হৈছে: 19 January 2014. 
  10. "Liar's Dice: Mumbai Review". The Hollywood Reporter. http://www.hollywoodreporter.com/review/liars-dice-mumbai-review-649639/। আহৰণ কৰা হৈছে: 25 January 2014. 
  11. "Making a Mark". India Today. http://indiatoday.intoday.in/story/geetanjali-thapa-i.d--liars-dice-geethu-mohandas-mumbai-film-festival/1/313209.html। আহৰণ কৰা হৈছে: 25 January 2014. 
  12. Ankur Pathak (6 September 2014). "Geetanjali Thapa: I wouldn’t want to be cast just because I’m a 'North Easterner'". http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Geetanjali-Thapa-I-wouldnt-want-to-be-cast-just-because-Im-a-North-Easterner/articleshow/41845023.cms। আহৰণ কৰা হৈছে: 2014-10-20. 
  13. "Tigers". TIFF. Archived from the original on 2014-10-28. https://web.archive.org/web/20141028014351/http://www.tiff.net/festivals/thefestival/programmes/contemporary-world-cinema/tigers। আহৰণ কৰা হৈছে: 2014-10-20. 

বাহ্যিক সংযোগ সম্পাদনা কৰক