গুপী গাইন বাঘা বাইন
গুপী গাইন বাঘা বাইন (ইংৰাজী: Goopy Gyne Bagha Byne , অসমীয়া অৰ্থ: গুপী গায়ন বাঘা বায়ন) ১৯৬৯ত মুক্তিপ্ৰাপ্ত সত্যজিত ৰায় পৰিচালিত এখন বঙালী ভাষাৰ ফেণ্টাচী, এডভেঞ্চাৰ, হাস্যৰসাত্মক, শিশু উপযোগী চলচ্চিত্ৰ। উপেন্দ্ৰ ৰায় চৌধুৰীৰ এটা গল্পৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছিল সত্যজিত ৰায়ে। তেওঁ ছবিৰ গীত ৰচনাৰ উপৰিও সংগীত পৰিচালনাও কৰিছিল। এইখন গুপী-বাঘা চিৰিজৰ প্ৰথমখন ছবি। এই চিৰিজৰ দ্বিতীয়খন ছবি আছিল- হীৰক ৰাজাৰ দেশে (১৯৮০)। তৃতীয়খন ছবি গুপী বাঘা ফিৰে এলো ১৯৯২ চনত মুক্তি পাইছিল, যিখন ছবিৰ লেখক সত্যজিত ৰায় আছিল যদিও পৰিচালনা কৰিছিল তেওঁৰ পুত্ৰ সন্দীপ ৰায়ে।
গুপী গাইন বাঘা বাইন | |
---|---|
চলচ্চিত্ৰৰ পোষ্টাৰ | |
পৰিচালক | সত্যজিত ৰায় |
ৰচনা | সত্যজিত ৰায় |
ভিত্তি | গুপী গাইন বাঘা বাইন byউপেন্দ্ৰ কিশোৰ ৰায়চৌধুৰী |
প্ৰযোজক | পূৰ্ণিমা পিকচাৰ্ছ (নেপাল দত্ত, অসীম দত্ত) |
অভিনয়ত | তপন চেতাৰ্জী ৰবি ঘোষ জহৰ ৰায় |
চিত্ৰগ্ৰহণকাৰী | সৌমেন্দু ৰায় |
সম্পাদনা | সৌমদীপ মৃধা |
সংগীত পৰিচালক | সত্যজিত ৰায় |
মুক্তি |
৮ মে' ১৯৬৯ |
দৈৰ্ঘ্য |
১২০ মিনিট |
দেশ | ভাৰত |
ভাষা | বঙালী |
বাজেট | ৬ লাখ ভাৰতীয় টকা ($৮০,০০০)[1] |
১৯১৫ চনত সন্দেশ আলোচনীত প্ৰথমবাৰৰ বাবে ভূমুকি মৰা, সত্যজিত ৰায়ৰ ককাক উপেন্দ্ৰ কিশোৰ ৰায়ে সৃষ্টি কৰা গুপী গাইন আৰু বাঘা বাইন নামৰ দুটা চৰিত্ৰৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। [2] ১৯৬১ চনত সন্দেশ আলোচনীয়ে পুনৰ্জীৱন লাভ কৰাৰ পিছত এই কাহিনীৰ আধাৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ ধাৰণাটো তেওঁৰ মনলৈ আহিছিল আৰু আংশিকভাবে হ’লেও পুত্ৰ সন্দীপৰ বাবে বাধ্য হৈয়ে কম ভয়ংকৰ আৰু কম বয়সীয়াসকলৰ উপযোগীকৈ ছবিখন নিৰ্মাণ কৰিছিল। [2] তেওঁৰ পূৰ্বৰ ছবিবোৰৰ বিপৰীতে এই ছবিখনে শিশুসকলৰ মানসিক খোৰাক যোগাইছিল; লগতে পৰিচালকগৰাকীয়ে গীত আৰু নৃত্যৰে কাহিনীটো আগবঢ়াই লৈ যোৱাৰ সুযোগ গ্ৰহণ কৰিছিল। [2][3] ৰায়ে তেওঁৰ প্ৰযোজকক ধনৰ যোগান ধৰিবলৈ সৈমান কৰিব পাৰিছিল, যদিও আৰম্ভণিৰ পৰাই স্পষ্ট হৈ পৰিছিল যে ছবিখনত যথেষ্ট ধন ব্যায় হ’ব। [4]
কাহিনীৰ সাৰাংশ
সম্পাদনা কৰককাহিনীৰ দুই নায়ক গুপী আৰু বাঘা সংগীতৰ প্ৰতি অনুৰক্ত, অথচ সাংগীতিক প্ৰতিভাহীন। সেইবাবেই গুপীৰ গাঁও আমলকী আৰু বাঘাৰ গাঁও হৰতুকীৰ পৰা তেওঁলোকক খেদি পঠিওৱা হয়। পথত এখন হাবিত তাৰ ভুতৰ ৰজাৰ সৈতে দুয়োৰো সাক্ষাত হয়। ভুতৰ ৰজাই তেওঁলোকক তিনিটা বৰ দিয়ে। প্ৰথম বৰ মতে তেওঁলোকৰ যেতিয়াই ইচ্ছা হয়, মনৰ মতে খাবলৈ পাব। দ্বিতীয় বৰ মতে তেওঁলোকে দুজোৰা জোতা পায় আৰু সেই জোতা পিন্ধি হাততালি দিলেই যিকোনো ঠাইলৈকে যাব পাৰিব। তৃতীয় বৰ মতে তেওঁলোকৰ সাংগিতীক প্ৰতিভাৰ উৎকৰ্ষ হয় আৰু লোকক গান শুনাই অৱস কৰি দিয়াৰ ক্ষমতা লাভ কৰে।
ইয়াৰ পিছত দুয়োজনে শুণ্ডী ৰাজ্যৰ ৰজাক গীত শুনাই তাতেই সভাগায়ক হৈ থাকি যায়। শুণ্ডীৰ প্ৰতিবেশী হাল্লা ৰাজ্যই শুণ্ডীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। তেওঁলোক দুয়ো গুপ্তচৰৰ বেশে হাল্লালৈ যায় আৰু তাৰ ৰজা আৰু মন্ত্ৰীসকলক সততা আৰু সংগীত প্ৰতিভাৰে পৰাস্ত কৰি যুদ্ধ ৰখাই দিয়ে।
ইয়াৰ পিছত শুণ্ডীৰ ৰাজকন্যা মণিমালাৰ সৈতে গুপীৰ আৰু হাল্লাৰ ৰাজকন্যা মুক্তামালাৰ সৈতে বাঘাৰ বিবাহ সম্পন্ন হয়।[5]
অভিনয় শিল্পী
সম্পাদনা কৰক- তপন চেতাৰ্জী (গুপী গায়ন)
- ৰবি ঘোষ (বাঘা বায়ন)
- সন্তোষ দত্ত (শুণ্ডীৰ ৰজা/ হাল্লাৰ ৰজা)
- হৰিন্দ্ৰনাথ চট্টোপাধ্যায় (বৰ্ফি, যাদুকৰ)
- অজয় বেনাৰ্জী (হাল্লাৰ দৰ্শনাৰ্থী)
- ৰতন বেনাৰ্জী (শুণ্ডীৰ দৰবাৰী গায়ক)
- দুৰ্গাদাস বেনাৰ্জী (আমলকিৰ ৰজা)
- বিনয় বসু (হাল্লাৰ দৰ্শনাৰ্খী)
- গোবিন্দ চক্ৰৱৰ্তী (গুপীৰ দেউতাক)
- অৱণী চেতাৰ্জী (গাঁৱৰ বয়সীয়া লোক)
- কাৰ্তিক চেতাৰ্জী (শুণ্ডীৰ দৰবাৰী গায়ক)
- শান্তি চেতাৰ্জী (হাল্লাৰ সেনাপ্ৰধান)
- গোপাল দে (জল্লাদ)
- শৈলেন গাংগুলী (হা্ল্লাৰ দৰ্শনাৰ্থী)
- জহৰ ৰয় (হাল্লাৰ প্ৰধানমন্ত্ৰী)
- তৰুণ মিত্ৰ (শুণ্ডীৰ দৰবাৰী গায়ক)
- হৰিধন মুখাৰ্জী (গাঁৱৰ বয়সীয়া লোক)
- প্ৰসাদ মুখাৰ্জী (ভুতৰ ৰজা)
- খগেন পাঠক (গাঁৱৰ বয়সীয়া লোক)
- চিন্ময় ৰয় (হাল্লাৰ চোৰাংচোৱা)
- জয়কৃষ্ণ সান্যাল (শুণ্ডীৰ দৰবাৰী গায়ক)
বঁটা আৰু সন্মান
সম্পাদনা কৰক- গুপী গাইন বাঘা বাইনে ১৯৬৮ চনৰ ১৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত দুটা মুখ্য বঁটা লাভ কৰে: [5]
- ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সোণৰ পদক
- শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- ই চাৰিটাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে:
- মনোনয়ন
- ১৯তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গোল্ডেন বিয়েৰৰ বাবে মনোনয়নI
টোকা
সম্পাদনা কৰক- ↑ "exchange rate". http://fxtop.com/en/currency-converter-past.php?A=100&C1=USD&C2=INR&DD=08&MM=05&YYYY=1969&B=1&P=&I=1&btnOK=Go%21.
- ↑ 2.0 2.1 2.2 Robinson 2004, পৃষ্ঠা. 183.
- ↑ Ray 2013, পৃষ্ঠা. 45.
- ↑ Robinson 2004, পৃষ্ঠা. 184.
- ↑ 5.0 5.1 "National Film Awards Archives". DIRECTORATE OF FILM FESTIVALS. Archived from the original on 28 September 2021. https://web.archive.org/web/20210928042908/http://dff.nic.in/Archive.aspx?ID=6। আহৰণ কৰা হৈছে: 30 July 2021.
তথ্যউৎস
সম্পাদনা কৰক- Robinson, Andrew (1989). Satyajit Ray: The Inner Eye. University of California Press. ISBN 978-1-860-64965-3. https://books.google.com/books?id=TnkcLvYRNfMC.
- Banerjee, Deb (2009). Powerful and Powerless: Power Relations in Satyajit Ray's Films. University of Kansas. http://kuscholarworks.ku.edu/dspace/bitstream/1808/6006/1/Banerjee_ku_0099M_10685_DATA_1.pdf.
- Ray, Satyajit (2013). Our Films, Their Films. Orient BlackSwan. https://books.google.com/books?id=wqMHAQAAIAAJ.
বাহ্যিক সংযোগ
সম্পাদনা কৰক- Goopy Gyne Bagha Byne (SatyajitRay.org) Archived 2007-04-30 at the Wayback Machine
- গুপী গাইন বাঘা বাইন সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।