বসন্ত কুমাৰ শিৱশংকৰ পাডুকন (ইংৰাজী: Vasanth Kumar Shivashankar Padukone, ৯ জুলাই ১৯২৫ – ১০ অক্টোবৰ ১৯৬৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা, নৃত্য পৰিচালক, আৰু লেখক আছিল। তেওঁ গুৰু দত্ত নামেৰে অধিক পৰিচিত। ২০১২ চনত তেওঁক চিএনএনৰ "টপ ২৫ এছিয়ান অভিনেতা"ৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল।

গুৰু দত্ত
জন্ম বসন্ত কুমাৰ শিৱশংকৰ পাডুকন
০৯ জুলাই, ১৯২৫
পাডুকন, দক্ষিণ কানাড়া, মাদ্ৰাছ প্ৰেচিডেঞ্চি, বৃটিছ ভাৰত (বৰ্তমান কৰ্ণাটকত)
মৃত্যু ১০ অক্টোবৰ, ১৯৬৪ (৩৯ বছৰ)
বোম্বে, মহাৰাষ্ট্ৰ
পেচা
  • অভিনেতা
  • চলচ্চিত্ৰ প্ৰযোজক
  • চলচ্চিত্ৰ পৰিচালক
  • নৃত্য ৰচক
সক্ৰিয় হৈ থকা সময় ১৯৪৬-১৯৬৪
দাম্পত্যসঙ্গী গীতা দত্ত (বি. ১৯৫৩৬৪)
সন্তান
আত্মীয়-স্বজন

দত্ত তেওঁৰ শিল্পকৰ্মৰ বাবে যথেষ্ট প্ৰশংসিত হৈছিল, বিশেষকৈ তেওঁৰ ক্ল'জ-আপ শ্বট, পোহৰ আৰু বিষাদৰ চিত্ৰণৰ ব্যৱহাৰ উল্লেখযোগ্য।[1] তেওঁ মুঠ ৮খন হিন্দী ছবি পৰিচালনা কৰিছিল, ইয়াৰে কেইখনমানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুৰাগীৰ বিশেষ সমাদাৰ লাভ কৰিছে। ইয়াৰ ভিতৰত আছে প্যাছা (১৯৫৭), এই ছবিখনে টাইম আলোচনীৰ ১০০খন শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাত স্থান লাভ কৰিছিল। লগতে কাগজ কে ফুল (১৯৫৯), চৌধৱী কা চান্দ (১৯৬০), আৰু চাহিব বিবি ঔৰ গুলাম (১৯৬২) আদি চলচ্চিত্ৰসমূহক হিন্দী চিনেমাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ তালিকাত সঘনাই অন্তৰ্ভুক্ত কৰা হয়।[2][3][4][5]

প্ৰাথমিক জীৱন

সম্পাদনা কৰক

বসন্ত কুমাৰ শিৱশংকৰ পাদুকনে ১৯২৫ চনৰ ৯ জুলাইত, ভাৰতৰ বৰ্তমানৰ কৰ্ণাটক ৰাজ্যৰ পাদুকণত চিত্ৰপুৰ সৰস্বত ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। শৈশৱৰ এক ঘটনাক্ৰমে পিছত তেওঁৰ নাম সলনি কৰি গুৰুদত্ত পাডুকন কৰা হয়, বিশ্বাস আছিল যে ই এটা শুভ পছন্দ। তেওঁৰ পিতৃ শিৱশংকৰ ৰাও পাডুকন, এজন প্ৰধান শিক্ষক আৰু বেংকাৰ আছিল; তেওঁৰ মাতৃ আছিল বসন্তী, এগৰাকী শিক্ষয়িত্ৰী আৰু লেখিকা। পিতৃ-মাতৃ দুয়োজনেই প্ৰথমে কাৰৱাৰত বসতি স্থাপন কৰিছিল যদিও পাছত স্থানান্তৰিত হৈছিল। দত্তই প্ৰাৰম্ভিক শৈশৱ কলকাতাৰ ভোৱানীপুৰত কটায় আৰু তেওঁ সাৱলীল বাংলা ভাষা কয়।

তেওঁৰ এগৰাকী সৰু ভনীয়েক আছিল—ললিতা লাজমী, যি এগৰাকী ভাৰতীয় চিত্ৰশিল্পী—আৰু ৩জন সৰু ভাই আছিল আত্মা ৰাম (এজন পৰিচালক), দেৱী (এগৰাকী প্ৰযোজক), আৰু বিজয়। একেদৰে তেওঁৰ ভতিজী কল্পনা লাজমীও আছিল এগৰাকী সুপৰিচিত ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ; আৰু তেওঁৰ খুলশালীয়েক শ্যাম বেনেগাল এজন পৰিচালক আৰু চিত্ৰনাট্যকাৰ।

কেৰিয়াৰ

সম্পাদনা কৰক

প্ৰাৰম্ভিক কেৰিয়াৰ

সম্পাদনা কৰক

১৯৪২ চনৰ পৰা আৰম্ভ কৰি তেওঁ আলমোৰাৰ উদয় শংকৰৰ স্কুল অৱ ডান্সিং এণ্ড কোৰিঅ'গ্ৰাফীত অধ্যয়ন কৰে। কিন্তু ১৯৪৪ চনত কোম্পানীটোৰ নেত্ৰীগৰাকীৰ সৈতে জড়িত হোৱাৰ পিছত তেওঁক উলিয়াই দিয়া হয়। তাৰ পৰাই কলিকতাৰ (বৰ্তমান কলকাতা) লিভাৰ ব্ৰাদাৰ্ছৰ এটা কাৰখানাত টেলিফোন অপাৰেটৰত কৰ্মসংস্থাপন লাভ কৰে। কিন্তু অলপ সময়ৰ পিছতে তেওঁ চাকৰিটোৰ প্ৰতি বিমোহিত হৈ চাকৰিটো এৰি দিয়ে। সেই বছৰৰ শেষৰ ফালে পুনেৰ প্ৰভাত ফিল্ম কোম্পানীৰ সৈতে ৩ বছৰীয়া চুক্তিৰ অধীনত খুৰাকে তেওঁক এটা চাকৰি যোগাৰ কাৰি দিয়ে। প্ৰভাততে দত্তই দুজন লোকক লগ পাইছিল যি তেওঁৰ আজীৱন ভাল বন্ধু হৈ আছিল—অভিনেতা ৰেহমান আৰু দেৱ আনন্দ, পিছৰজনে পিছলৈ দত্তৰ পৰিচালনাৰ আত্মপ্ৰকাশৰ প্ৰযোজনা কৰিবলৈ আগবাঢ়ি আহিছিল। ১৯৪৫ চনত দত্তই বিশ্ৰম বেডেকাৰৰ লখৰাণী (১৯৪৫)ত অভিনয়ত আত্মপ্ৰকাশ কৰে, লাচমান হিচাপে, এটা সৰু চৰিত্ৰ।

১৯৪৭ চনত প্ৰভাটৰ সৈতে তেওঁৰ চুক্তি শেষ হোৱাৰ সময়তে দত্তৰ মাকে তেওঁক ফ্ৰীলান্স এচিষ্টেণ্ট হিচাপে চাকৰি যোগাৰ কৰি দিছিল। দত্তই এইবাৰ সহকাৰী নৃত্যশিল্পী বিদ্যাৰ সৈতে জড়িত হৈ পুনৰবাৰ চাকৰি হেৰুৱালে। তাৰপাছত দত্ত প্ৰায় ১০ মাহ নিবনুৱা হৈ বম্বেৰ মাটুংগাত পৰিয়ালৰ সৈতে থাকিল। এই সময়ছোৱাত দত্তই ইংৰাজী ভাষাত লিখাৰ এক ধাৰা গঢ়ি তুলিছিল আৰু স্থানীয় ইংৰাজী ভাষাৰ আলোচনী দ্য ইলাষ্ট্ৰেটেড উইকলি অৱ ইণ্ডিয়াৰ বাবে চুটিগল্প ৰচনা কৰিছিল।

চমকপ্ৰদ উন্নতি

সম্পাদনা কৰক

১৯৪৭ চনত প্ৰভাতৰ সৈতে থকা সময়খিনি বিফল হোৱাৰ পিছত দত্ত বোম্বাইলৈ গুচি যায় আৰু তাতে তেওঁ সেই সময়ৰ দুজন আগশাৰীৰ পৰিচালকৰ সৈতে কাম কৰে: অমিয়া চক্ৰৱৰ্তী (১৯৪৯); আৰু জ্ঞান মুখাৰ্জী (১৯৫০)ত। এই সময়খিনিতে দেৱ আনন্দই দত্তক তেওঁৰ নতুন কোম্পানী নৱকেতনত পৰিচালক হিচাপে চাকৰিৰ প্ৰস্তাৱ দিছিল। আনন্দ আৰু দত্তই এটা চুক্তিত উপনীত হয় যে দত্ত যদি চলচ্চিত্ৰ নিৰ্মাতা হ’ব লাগে তেন্তে তেওঁ আনন্দক নায়ক হিচাপে নিযুক্তি দিব, আৰু আনন্দই যদি এখন ছবি নিৰ্মাণ কৰে তেন্তে তেওঁ দত্তক ব্যৱহাৰ কৰিব ইয়াৰ পৰিচালক হিচাপে। সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি এই যুটিয়ে একেলগে একেৰাহে দুখন ছুপাৰ হিট ছবি নিৰ্মাণ কৰিছিল।

প্ৰথমে আনন্দে বাজী (১৯৫১)ৰ বাবে দত্তক নিয়োগ কৰে, য'ত আনন্দ নিজেই অভিনয় কৰে আৰু দত্তৰ পৰিচালনাৰ আত্মপ্ৰকাশ হয়। নৈতিকভাৱে অস্পষ্ট নায়ক, ছাঁ পোহৰৰ সৈতে, ছবিখন ১৯৪০ চনৰ হলিউডৰ film noir ধাৰাটোৰ প্ৰতি উৎসৰ্গিত। এই ছবিখনে বলিউদত পৰৱৰ্তী দশকবোৰৰ বাবে noir ধাৰাটোক সংজ্ঞায়িত কৰিছিল।বাজীৰ পিছতে দত্তৰ দ্বাৰা পৰিচালিত আৰু আনন্দ অভিনীত জাল (১৯৫২) ছবিখনে পুনৰ বক্স অফিচত সফলতা লাভ কৰিছিল। দত্তৰ মৃত্যুৰ পিছত আনন্দই কৈছিল যে "তেওঁ এজন যুৱক আছিল, তেওঁ হতাশাজনক ছবি বনাব নালাগিছিল।" দত্ত আৰু চেতন আনন্দ (আনন্দৰ ডাঙৰ ভাতৃ) ৰ মাজৰ সৃষ্টিশীল পাৰ্থক্যই ভৱিষ্যতে সহযোগিতা কৰাটো কঠিন কৰি তুলিছিল।

১৯৫৯ চনত চিনেমাস্কোপত নিৰ্মিত প্ৰথম ভাৰতীয় ছবি দত্তৰ কাগজ কে ফুল মুক্তি পায়। বক্স অফিচত দুৰ্যোগ বুলি গণ্য কৰা এইখনেই হ’ব দত্তৰ দ্বাৰা নিৰ্মিত একমাত্ৰ ছবি যাৰ বাবে দত্তৰ লোকচান হৈছিল ১৭ কোটি টকা। সেই সময়ৰ মানদণ্ডত এয়া এক বৃহৎ পৰিমাণৰ ধন আছিল।

পিছৰ ছবিবোৰ

সম্পাদনা কৰক

১৯৬০ চনত দত্তৰ দলটোৱে এম ছাদিকৰ পৰিচালনাত ৱাহিদা ৰেহমান আৰু ৰেহমানৰ সৈতে দত্তক অভিনয় কৰা চৌধৱী কা চান্দক মুক্তি দিয়ে। ছবিখনে বক্স অফিচত সফলতা লাভ কৰিছিল আৰু কাগজৰ পৰা দত্তৰ ক্ষতিৰ পৰিমাণৰ অধিক উদ্ধাৰ কৰিছিল। ছবিখনৰ টাইটেল ট্ৰেক "চৌধৱী কা চান্দ হো য়া আফতাব হো" এটা বিশেষ ৰঙৰ ক্ৰমত নিৰ্মিত আৰু এই ছবিখনেই গুৰু দত্তৰ একমাত্ৰ ৰঙীন ছবি। [6]

১৯৬২ চনত তেওঁৰ দলটোৱে চাহিব বিবি ঔৰ গুলাম নামৰ এখন সমালোচনাত্মকভাৱে সফল ছবি মুকলি কৰে যিখন পৰিচালনা কৰিছিল আব্ৰাৰ আলভিয়ে, যিয়ে ছবিখনৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰিছিল। ছবিখনত দত্ত আৰু মীনা কুমাৰীৰ লগতে ৰেহমান আৰু ৱাহিদা ৰেহমানে সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।

১৯৬৪ চনত হৃষিকেশ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত অন্তিমখন ছবি ‘সঞ্জ ঔৰ সাভেৰা’ত মীনা কুমাৰীৰ বিপৰীতে অভিনয় কৰিছিল দত্তই।

তেওঁৰ চলচ্চিত্ৰ প্ৰকল্পসমূহৰ কাৰ্য্যক্ষমতাৰ বিষয়ে সাধাৰণ বিশ্বাসৰ বিপৰীতে দত্তই কম-বেছি পৰিমাণে বাণিজ্যিকভাৱে সফল চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল। বছৰ বছৰ ধৰি তেওঁৰ প্ৰকল্পসমূহৰ বাণিজ্যিক প্ৰকৃতিয়ে তেওঁৰ সৃষ্টিশীল আকাংক্ষাৰ সৈতে এক ট্ৰেড-অফ দেখিবলৈ পাইছিল। চি.আই.ডি., বাজী, প্যাছা, কাগজ কে ফুল, চৌধৱী কা চান্দ আৰু চাহিব বিবি ঔৰ গোলাম আদি চলচ্চিত্ৰ হিন্দী চিনেমাত এই ধৰণৰ প্ৰথম।

বক্স অফিচ দুৰ্যোগ বুলি গণ্য কৰা দত্তৰ দ্বাৰা নিৰ্মিত একমাত্ৰ ছবিখন আছিল কাগজ কে ফুল, যিখন এতিয়া এটা কাল্ট ক্লাছিক। কাগজ কে ফুলৰ ডিভিডিৰ এক্সট্ৰা ফিচাৰত আছে দত্তৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত চেনেল ৪ৰ দ্বাৰা নিৰ্মিত তিনিটা খণ্ডৰ In Search of Guru Dutt শীৰ্ষকএখন তথ্যচিত্ৰ।

তেওঁ ৰাজ কাপুৰ, মেহবুব খান আৰু বিমল ৰয়ৰ সৈতে ১৯৫০ চনৰ মাজভাগৰ পৰা ১৯৬০ চনৰ মাজভাগলৈকে কলাত্মক আৰু বাণিজ্যিক সফলতাৰ সুস্থ মিশ্ৰণ লাভ কৰিবলৈ সক্ষম হোৱা কেইজনমান ভাৰতীয় চলচ্চিত্ৰ পৰিচালকৰ ভিতৰত অন্যতম আছিল। তেওঁৰ ভাতৃ আত্মা ৰামে ১৯৬৯ চনত নিৰ্মাণ কৰা চন্দ ঔৰ বিজলী ছবিখন দত্তৰ বাবে উৎসৰ্গা কৰিছিল।

পোহৰ আৰু ছাঁৰ সম্পৰ্কত নিজৰ কল্পনাশক্তি, উত্তেজক চিত্ৰকল্প, আৰু আখ্যানত একাধিক বিষয়ভিত্তিক স্তৰ বৈ যোৱাৰ আকৰ্ষণীয় ক্ষমতা ব্যৱহাৰ কৰা এজন পৰিচালক হিচাপে দত্ত পৰিচিত। [7]

কাগাজ কে ফুল আৰু প্যাছা দুয়োখনেই সৰ্বকালৰ শ্ৰেষ্ঠ ছবিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। লগতে ২০০২ চনৰ চাইট এণ্ড চাউণ্ড আলোচনীৰ "টপ ফিল্মছ চাৰ্ভে"তো অন্তৰ্ভুক্ত কৰা হৈছে য'ত ২৫০ জনতকৈ অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক আৰু পৰিচালকৰ সমীক্ষা লোৱা হৈছিল। ২০০৫ চনত প্যাছাই টাইম আলোচনীৰ অল-টাইম ১০০ চলচ্চিত্ৰৰ তালিকাত স্থান লাভ কৰে। ২০১০ চনত দত্তক চিএনএনৰ "সৰ্বকালৰ শীৰ্ষ ২৫জন এছিয়ান অভিনেতা"ৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হয়।

দত্তক চিত্ৰিত কৰা এটা ডাকটিকট ২০০৪ চনৰ ১১ অক্টোবৰত ইণ্ডিয়া পোষ্টে মুকলি কৰে।[8] ২০১১ চনৰ ১০ অক্টোবৰত দত্তৰ ওপৰত এখন দূৰদৰ্শনৰ তথ্যচিত্ৰ প্ৰচাৰ হৈছিল। ২০২১ চনত লেখক ইয়াছেৰ উছমানে তেওঁৰ বিষয়ে এখন জীৱনীমূলক গ্ৰন্থ প্ৰকাশ কৰিছিল, যাৰ নাম আছিল Guru Dutt: An Unfinished Story.[9]

চলচ্চিত্ৰসমূহ

সম্পাদনা কৰক
বৰ্ষ শীৰ্ষক ভূমিকা পৰিচালক প্ৰযোজক অন্য টোকা
১৯৪৬ হম এক হ্যে নৃত্যৰচক, সহকাৰী পৰিচালক
১৯৫১ বাজি হয় লেখক
১৯৫২ জাল হয় লেখক
১৯৫৩ বাজ প্ৰিন্স ৰবি হয় লেখক
১৯৫৪ আৰ-পাৰ কালু হয় হয়
১৯৫৫ মিষ্টাৰ এণ্ড মিচেচ ৫৫ প্ৰীতম কুমাৰ হয়
১৯৫৬ চি আই ডি হয়
১৯৫৬ শৈলাব হয়
১৯৫৭ প্যাছা বিজয় হয় হয়
১৯৫৮ টুৱেল্‌ভ ও-ক্লক এড্‌ভোকেট অজয় কুমাৰ
১৯৫৯ কাগজ কে ফুল সুৰেশ সিনহা হয় হয়
১৯৬০ চৌধৱী কা চান্দ আছলাম হয়
১৯৬০ কালাবাজাৰ নিজে
১৯৬২ চাহিব বিবি ঔৰ গুলাম অতুল্য চক্ৰৱৰ্তী / ভূতনাথ হয়
১৯৬২ চৌতেলা ভাই গোকুল
১৯৬৩ ভৰোছা বাঁছী
১৯৬৩ বহুৰাণী ৰঘু
১৯৬৪ ছুহাগন প্ৰফেচৰ বিজয় কুমাৰ
১৯৬৪ সাঁঝ ঔৰ সবেৰা ডাক্টৰ শংকৰ চৌধাৰী চূড়ান্ত চলচ্চিত্ৰৰ ভূমিকা
১৯৬৬ বহাৰে ফিৰ ভি আয়েগী হয়

বঁটা আৰু মনোনয়ন

সম্পাদনা কৰক
বৰ্ষ চলচ্চিত্ৰ বঁটা শ্ৰেণী ফলাফল তথ্যসূত্ৰ
১৯৬৩ চাহিব বিবি ঔৰ গুলাম বি‌এফজে‌এ বঁটা শ্ৰেষ্ঠ অভিনেতা (হিন্দী) বিজয়ী [10]
১৯৬৩ ফিল্মফেয়াৰ বঁটা শ্ৰেষ্ঠ চলচ্চিত্ৰ বিজয়ী [11]
শ্ৰেষ্ঠ অভিনেতা মনোনীত [11]
১৯৬৩ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা হিন্দী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি[টোকা 1] বিজয়ী [12]

গ্ৰন্থপঞ্জী

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "Women were ready to do anything for Guru Dutt- Devi Dutt" (en ভাষাত). filmfare.com. https://www.filmfare.com/features/women-were-ready-to-do-anything-for-guru-dutt-devi-dutt-28634.html। আহৰণ কৰা হৈছে: 6 May 2021. 
  2. "Guru Dutt | Indian filmmaker and actor" (en ভাষাত). Encyclopedia Britannica. https://www.britannica.com/biography/Guru-Dutt। আহৰণ কৰা হৈছে: 3 April 2021. 
  3. An, Gautam (27 November 2014). "'Pyaasa' (1957) is an Eternal Classic. Here's Why." (en-US ভাষাত). The Cinemaholic. https://thecinemaholic.com/pyaasa/। আহৰণ কৰা হৈছে: 3 April 2021. 
  4. "10 Greatest Regional Indian Film Directors Of All Time" (en-IN ভাষাত). in.news.yahoo.com. https://in.news.yahoo.com/10-greatest-regional-indian-film-105239013.html। আহৰণ কৰা হৈছে: 3 April 2021. 
  5. Rajadhyaksha, Ashish, and Paul Willemen. [1994] 1998. Encyclopedia of Indian Cinema. London: British Film Institute Publishing.
  6. Box Office 1960. BoxOffice India.com Archived 22 September 2012 at the Wayback Machine
  7. "Guru Dutt". https://www.britannica.com/biography/Guru-Dutt। আহৰণ কৰা হৈছে: 3 July 2022. 
  8. "Guru Dutt". www.istampgallery.com. January 2016. https://www.istampgallery.com/guru-dutt/। আহৰণ কৰা হৈছে: 26 September 2020. 
  9. Bose, Sushmita (11 March 2021). "Guru Dutt was an immensely poor communicator in real life". Khaleej Times. https://www.khaleejtimes.com/wknd/interviews/guru-dutt-was-an-immensely-poor-communicator-in-real-life. 
  10. "Award Winners: 1963". bfjaaward.com. http://www.bfjaaward.com/award-winners.php?year=1963. 
  11. 11.0 11.1 "Filmfare Awards Winners From 1953 to 2020" (en ভাষাত). filmfare.com. https://www.filmfare.com/awards/filmfare-awards/winners। আহৰণ কৰা হৈছে: 9 August 2021. 
  12. "10th NFA Catalogue". dff.nic.in. https://dff.nic.in/images/Documents/104_10thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 9 August 2021.