ডী ডী অসম
ডী ডী অসম (ইংৰাজী: DD Assam) হৈছে ভাৰতৰ চৰকাৰী প্ৰতিষ্ঠান প্ৰচাৰ ভাৰতীৰ দ্বাৰা পৰিচালিত অসমকেন্দ্ৰীক টেলিভিছন চেনেল। পূৰ্বতে এই চেনেলটোক গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ তথা ডী ডী নৰ্থ ইষ্ট নামেৰে জনা গৈছিল। ১ ডিচেম্বৰ ২০১৯ তাৰিখৰ পৰা ডী ডী অসমৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ হয়।[1] ২০২০ চনৰ ৪ আগষ্টত চেনেলটোক আনুষ্ঠানিক ৰূপে মুকলি কৰা হয় আৰু ই ডী ডী নৰ্থ ইষ্ট চেনেলৰ স্থান লয়।[2]
ডী ডী অসম | |
---|---|
ডী ডী অসমৰ ল'গ' | |
উদ্বোধন | ১৯৮২ (গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ নামেৰে) ২০২০ (ডী ডী অসম নামেৰে) |
গৰাকী | প্ৰচাৰ ভাৰতী |
দেশ | ভাৰত |
ভাষা | অসমীয়া, ইংৰাজী |
মুখ্য কাৰ্যালয় | গুৱাহাটী, অসম, ভাৰত |
ৱেবছাইট | prasarbharati |
উপলদ্ধতা | |
কৃত্ৰিম উপগ্ৰহ | |
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) | চেনেল ৬৪৭ |
ৰিলায়েন্স বিগ টিভি (ভাৰত) | চেনেল ৮৮৩ |
ডিডি ফ্ৰী ডিছ (ভাৰত) | চেনেল ০০৫২ |
ডিছ টিভি (ভাৰত) | চেনেল ১৫১৩ |
চান ডাইৰেক্ট ডি টি এইচ (ভাৰত) | চেনেল ৬৯২ |
টাটা স্কাই (ভাৰত) | চেনেল ১৯৯৮ |
ভিডিঅ'কন ডি টি এইচ (ভাৰত) | চেনেল ৮৪৪ |
কেবল টিভি | |
এচিচি | চেনেল ০২৯ |
ইতিহাস
সম্পাদনা কৰকআৰম্ভণিতে ডী ডী নৰ্থ ইষ্ট উত্তৰ-পূব ভাৰতৰ এক সংযুক্ত চেটেলাইট চেনেল আছিল য'ত অসমীয়া, ইংৰাজী, হিন্দীৰ উপৰিও উত্তৰ-পূব ভাৰতৰ বিভিন্ন ভাষাত অনুষ্ঠান সম্প্ৰচাৰিত হৈছিল। এই চেনেলত গুৱাহাটীৰ লগতে উত্তৰ-পূব ভাৰতৰ আন আন দূৰদৰ্শন কেন্দ্ৰ যেনে: আগৰতলা, ক'হিমা, ইম্ফল, শিলচৰ, ডিব্ৰুগড়, তুৰা, আইজল, ইটানগৰ আৰু শ্বিলঙ কেন্দ্ৰৰ পৰাও অনুষ্ঠান সম্প্ৰচাৰিত কৰা হৈছিল। অনুষ্ঠানসমূহ প্ৰধানকৈ জ্ঞানমূলক, কৃষি, স্বাস্থ্য, তথ্যমূলক, ধাৰাবাহিক আৰু বাতৰি। দূৰদৰ্শনত প্ৰথম অসমীয়া বাতৰি সম্প্ৰচাৰিত হৈছিল ১৯৯২ চনত।[3]
অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে অসমৰ বাবে এক সূকীয়া ২৪ ঘণ্টীয়া দূৰদৰ্শন চেনেলৰ দাবী কৰি আহিছিল।[4]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "Doordarshan channels have seen good growth in viewership in 2019: I&B min". টেলিভিছন প'ষ্ট. ১১ মাৰ্চ ২০২০. https://www.televisionpost.com/doordarshan-channels-have-seen-good-growth-in-viewership-in-2019-ib-min/। আহৰণ কৰা হৈছে: ২১ এপ্ৰিল ২০২০.[সংযোগবিহীন উৎস]
- ↑ "I&B Minister Prakash Javadekar launches ‘DD Assam’". Financial Express. 2020-08-04. https://www.financialexpress.com/brandwagon/ib-minister-prakash-javadekar-launches-dd-assam/2044631/.
- ↑ "গুৱাহাটী দূৰদৰ্শনৰ বিষয়ে". ddkguwahati.gov.in. Doordarshan Kendra Guwahati. ২০১৬. Archived from the original on 2018-12-14. https://web.archive.org/web/20181214183122/http://ddkguwahati.gov.in/aboutus.asp। আহৰণ কৰা হৈছে: নবেম্বৰ ২৯, ২০১৬.
- ↑ "Turn DDK, Guwahati into 24x7 State channel". দ্য আছাম ট্ৰিবিউন. ২৯ ডিচেম্বৰ ২০১৮. Archived from the original on 2018-12-29. https://web.archive.org/web/20181229121329/http://www.assamtribune.com/scripts/detailsnew.asp?id=dec2918/city055। আহৰণ কৰা হৈছে: ২১ এপ্ৰিল ২০২০.