গোপী-উদ্ধৱ সংবাদ

শংকৰদেৱ বিৰচিত ভক্তি তত্ত্ব প্ৰকাশক গ্ৰন্থ

গোপী-উদ্ধৱ সংবাদ মহাপুৰুষ শংকৰদেৱ বিৰচিত এখনি ভক্তি তত্ত্ব প্ৰকাশক গ্ৰন্থ। গ্ৰন্থখনিৰ মূল আধাৰ ভাগৱত পুৰাণৰ দশম স্কন্ধ। “উদ্ধৱ সংবাদ’’ নামৰ পৃথক পুথিৰ কথা কথা গুৰু চৰিতত আৰু আন আন গ্ৰন্থত “গোপী উদ্ধৱ সংবাদ’’ নাম উল্লেখ থকা কথাৰ মাজত কিছু মতদ্বৈধতা পৰিলক্ষিত হয়৷

ইতিহাস আৰু মতদ্বৈধতা সম্পাদনা কৰক

কীৰ্তন ঘোষাত সন্নিৱিষ্ট “গোপী-উদ্ধৱ সংবাদ’’তকৈ সকলো প্ৰকাৰে সুকীয়া “উদ্ধৱ সংবাদ’’ নামৰ পুথি এখন ডিব্ৰুগড়আহোম ছপাশালৰ পৰা প্ৰকাশিত আৰু ভদ্ৰসেন বৰাৰ দ্বাৰা সংগৃহীত এখন পুথি গৱেষক সাহিত্যিক ডিম্বেশ্বৰ নেওগে উদ্ধাৰ কৰিছিল৷ কিন্তু পুথিখনত ক’তো শঙ্কৰদেৱৰ ভণিতা পোৱা নাই৷ [1] কিন্ত চৰিত পুথিত উল্লেখ থকামতে, শঙ্কৰদেৱে “চিহ্নযাত্ৰা’’ নাট পৰিৱেশন কৰি উঠাৰ পিছত ভক্তিত গদগদ হৈ ব্ৰাহ্মণসকলে তেওঁত শৰণ ল’ব খোজাত “উদ্ধৱ সংবাদ’’ নামৰ পুথিখন আগত থৈ শৰণ শঙ্কৰদেৱে তেওঁলোকক শৰণ দিয়াৰ কথাৰ উল্লেখ আছে৷[2] সেইকথা মানিলে, শঙ্কৰদেৱৰ “উদ্ধৱ সংবাদ’’ নামৰ আন এখন পুথি থকাৰ অৱকাশ থাকে, অৰ্থাৎ কীৰ্তন পুথিত সন্নিৱিষ্ট ’গোপী উদ্ধৱ সংবাদ’’ আৰু “উদ্ধৱ সংবাদ’’ দুখন বেলেগ পুথি বুলি ধৰিব পাৰি৷ এই কথাৰ প্ৰমাণস্বৰূপে, মঞ্চলেখা গ্ৰন্থত উল্লেখ থকামতে, “গোপী-উদ্ধৱ সংবাদ বা উদ্ধৱযান’’ নামে এখনি পুথি গোপাল আতাই পঢ়িবলৈ নিয়াৰ পিছত জুয়ে পোৰাত গোপাল আতাই একে নামৰে আন এখন পুথি ৰচনা কৰে৷ [3] পূৰ্ণানন্দই লিখা ’গোপাল আতা চৰিত্ৰ’ত আছে,

উদ্ধৱ গোপীৰ প্ৰেম সংকেত বচন
অঙ্কৰূপে শঙ্কৰে কৰিলা নিবন্ধন৷
নতু ব্যক্ত হন্তে যিটো অগ্নিত পুৰিল৷
পুনুহো গোপালে সেহি কথা নিবন্ধিল৷[4]

চিহ্নযাত্ৰা আৰু উদ্ধৱ সংবাদ সম্পাদনা কৰক

চিহ্নযাত্ৰা শঙ্কৰদেৱৰ আদি বয়সৰ ৰচনা৷ চিহ্নযাত্ৰা প্ৰদৰ্শনৰ পাছতে ব্ৰাহ্মণক শৰণ দিবলৈ অনা “উদ্ধৱ সংবাদ’’(চৰিত পুথিমতে)[5]আগবয়সৰ আৰু “গোপী উদ্ধৱ সংবাদ’’ শঙ্কৰদেৱৰ ভাটি বয়সৰ ৰচনা৷ সেয়ে ইয়াত বিষয়বস্তুৰ গাম্ভীৰ্য, বৰ্ণনাৰ চমৎকাৰিত্ব, ভাষাৰ লালিত্য, ভক্তিৰ গাঢ়তা আদি লক্ষ্য কৰা যায়৷[6]বেজবৰুৱাই লিখা ’শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ’ গ্ৰন্থত ব্ৰাহ্মণসকলক শৰণ দিবৰ নিমিত্তে ভাগৱতৰ দশম স্কন্ধৰ ’গোপী-উদ্ধৱ সংবাদ’ ৰচনা কৰিছিল আৰু তাকে থাপনাত থাপি তাৰ আগত শৰণ দিছিল৷[7] তেনেস্থলত কীৰ্তনত সন্নিৱিষ্ট “গোপী-উদ্ধৱ সংবাদ’’ একেখনি নহ’বও পাৰে৷ ডিম্বেশ্বৰ নেওগৰ মতে, (চৰিত পুথিত উল্লেখ থকা অনুসৰি) চিহ্নযাত্ৰা নাটৰ পিছত এৰাতিতে শঙ্কৰদেৱে যিখন “উদ্ধৱ-সংবাদ’’ লিখিছিল, সেইখনেই ডিব্ৰুগড়ৰ আহোম ছপাশালে ছপোৱা “উদ্ধৱ-সংবাদ’’ হ’ব পাৰে৷ পুথিখনিত ১৭৭টি পদ আছে৷ এই পুথিত কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱক সান্তনা দিয়াৰ পৰা আৰম্ভ হৈছে৷ আনহাতে, কীৰ্ত্তনত সন্নিৱিষ্ট “গোপী-উদ্ধৱ সংবাদ’’ত এটা ঘোষা আৰু এটা অধ্যায়ৰ ৪৮টা পদহে আছে৷[8]

তুমি আমি দুয়ো গৈলে মিলিব অনৰ্থ
লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পন্থ৷৷
অধৰ্ম্মে পীড়িব লোক যাইব অধোগতি৷
ভকতক ৰাখি তুমি থাকিও সম্প্ৰতি৷৷ [9]

আনহাতে, কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ সময়ত উদ্ধৱক দিয়া প্ৰবোধ বাণীও “উদ্ধৱ সংবাদ’’ৰ ইয়াৰ সমাৰ্থক৷ বৈকুণ্ঠ প্ৰয়াণত ভকতিৰ গূঢ় তত্ত্ব শ্ৰীকৃষ্ণই উদ্ধৱৰ আগত ব্যক্ত কৰিছে৷[10] কীৰ্ত্তনত সন্নিৱিষ্ট “গোপী-উদ্ধৱ সংবাদ’’ত শ্ৰীকৃষ্ণই গুৰুগৃ্হত শিক্ষা সাং কৰি কংসবধ কৰিবলৈ আহি নন্দ-যশোদাক সান্তনা দিবলৈ ভক্ত উদ্ধৱক সন্দেশসহ বৃন্দাবনলৈ প্ৰেৰণ কৰিছিল; উদ্ধৱে বৃন্দাবনত গোপীসকলৰ লগত কৰা বাৰ্তালাপ আৰু গোপীৰ কৃষ্ণভক্তিৰ প্ৰশংসায়ে এই অধ্যায়ৰ মূল বিষয়।[11]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী, ডিম্বেশ্বৰ নেওগ, পৃ:নং; ১৩৬, শুৱনী প্ৰকাশ, ১৯৯৯
  2. কথা গুৰু চৰিত, সম্পা: মহেশ্বৰ নেওগ, লয়াৰ্ছ বুক ষ্টল, ১৯৮৬
  3. মঞ্চলেখা, অতুলচন্দ্ৰ হাজৰিকা,পৃ:নং; ১৯, লয়াৰ্ছ বুক ষ্টল, ১৯৯৫
  4. মঞ্চলেখা, অতুলচন্দ্ৰ হাজৰিকা,পৃ:নং; ১৯, লয়াৰ্ছ বুক ষ্টল, ১৯৯৫
  5. কথা গুৰু চৰিত, সম্পা: মহেশ্বৰ নেওগ, লয়াৰ্ছ বুক ষ্টল, ১৯৮৬
  6. অসমীয়া সাহিত্যত দৃষ্টিপাত, ড° হেমন্তকুমাৰ শৰ্মা, পৃ:নং: ৯২, বীণা লাইব্ৰেৰী, ২০০৫
  7. শ্ৰীশঙ্কৰদেৱ আৰু শ্ৰীমাধবদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, পৃ:নং; ২৩, লয়াৰ্ছ বুক ষ্টল, ১৯৯৫
  8. কীৰ্ত্তন আৰু নামঘোষা, পৃ: নং; ২৪৩, লয়াৰ্ছ বুক ষ্টল, ২০০০ ISBN-81-7373-110-5
  9. নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী, ডিম্বেশ্বৰ নেওগ, পৃ:নং; ১৩৬, শুৱনী প্ৰকাশ, ১৯৯৯
  10. কীৰ্ত্তন আৰু নামঘোষা, পৃ: নং; ৩৫৮, লয়াৰ্ছ বুক ষ্টল, ২০০০ ISBN-81-7373-110-5
  11. কীৰ্ত্তন আৰু নামঘোষা, পৃ: নং; ২৪৩, লয়াৰ্ছ বুক ষ্টল, ২০০০ ISBN-81-7373-110-5