মোৰাৰজী দেশাই

ভাৰতৰ চতুৰ্থ প্ৰধান মন্ত্ৰী

মোৰাৰজী দেশাই (ইংৰাজী: Morarji Desai, জন্ম:১৮৯৬ - মৃত্যু:১৯৯৫) ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী আছিল। তেওঁ ১৯৭৭চনৰ ২৪ মাৰ্চৰ দিনা প্ৰতিষ্ঠা হোৱা নতুন চৰকাৰখনৰ প্ৰধানমন্ত্ৰী হিচাপে ৰাষ্ট্ৰপতি ভৱনৰ অশোক হলৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শপত গ্ৰহণ কৰে। মোৰাৰজী দেশায়ে তেওঁৰ ৰাজনৈতিক জীৱনত ৩০ বছৰৰো অধিক কাল বিৰোধীৰ জীৱন অতিবাহিত কৰিছিল, তথাপিও কেতিয়াও হাতশক আশ্ৰয় দিয়া নাছিল, গান্ধীবাদী আদৰ্শৰে সদায় নিষ্কলুষ জীৱন যাপন কৰি জনহিতকৰ কামত জীৱন উচ্ছৰ্গা কৰিছিল। ভাৰত চৰকাৰে ১৯৯১ চনত তেওঁক ভাৰতৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন[1] সন্মানেৰে সন্মানিত কৰে।[2]

মোৰাৰজী দেশাই
ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী
কাৰ্যকাল
২৪ মাৰ্চ, ১৯৭৭ – ২৮ জুলাই, ১৯৭৯
ৰাষ্ট্ৰপতি বাছাপ্পা দানাপ্পা জাত্তি (ভাৰপ্ৰাপ্ত)
নীলম সঞ্জীৱ ৰেড্ডী
পূৰ্বসূৰী ইন্দিৰা গান্ধী
উত্তৰসূৰী চৰণ সিং
Minister of Home Affairs
কাৰ্যকাল
১ জুলাই ১৯৭৮ – ২৮ জুলাই, ১৯৭৯
পূৰ্বসূৰী চৰণ সিং
উত্তৰসূৰী Yashwantrao Chavan
ভাৰতৰ প্ৰধানমন্ত্ৰী (ভাৰপ্ৰাপ্ত)
কাৰ্যকাল
১৩ মাৰ্চ, ১৯৬৭ – ১৬ জুলাই, ১৯৬৯
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী
পূৰ্বসূৰী বল্লভভাই পেটেল
উত্তৰসূৰী চৰণ সিং
জগজীৱন ৰাম
Minister of Finance
কাৰ্যকাল
13 March 1967 – 16 July 1969
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী
পূৰ্বসূৰী Sachindra Chaudhuri
উত্তৰসূৰী ইন্দিৰা গান্ধী
কাৰ্যকাল
13 March 1958 – 29 August 1963
প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু
পূৰ্বসূৰী জৱাহৰলাল নেহৰু
উত্তৰসূৰী Tiruvellore Thattai Krishnamachari
ব্যক্তিগত তথ্য
জন্ম ২৯ ফেব্ৰুৱাৰী, ১৮৯৬
Bhadeli, British India
মৃত্যু ১০ এপ্ৰিল, ১৯৯৫ (৯৯ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাজনৈতিক দল জনতা দল (1988–1995)
আন ৰাজনৈতিক
সম্পৰ্ক
ভাৰতীয় জাতীয় কংগ্ৰেছ (১৯৬৯ৰ আগতে)
Indian National Congress-Organisation (1969–1977)
জনতা পাৰ্টী (১৯৭৭–১৯৮৮)
শিক্ষানুষ্ঠান Wilson College, Mumbai
জীৱিকা civil servant
Activist

জন্ম আৰু পৰিয়াল

সম্পাদনা কৰক

মোৰাৰজী দেশাইৰ জন্ম হয় ১৮৯৬ চনৰ ২৯ ফেব্ৰুৱাৰী তাৰিখে গুজৰাটবুলছৰৰ ওচৰৰ ভাদেলী নামে ঠাইত। তেওঁৰ পিতৃ ৰাণ ছৌদি দেশাই এজন স্কুলৰ শিক্ষক আছিল। স্কুলীয়া জীৱনতে মাত্ৰে ১৫ বছৰ বয়সতে তেওঁৰ পিতৃৰ বিয়োগ হয়। তেওঁৰ ১৫ বছৰ বয়সতেই এজন ৰাজহ বিষয়াৰ এঘাৰ বছৰীয়া জীয়েক গাজাৰাবেনৰ সৈতে বিবাহ পাশতো আবদ্ধ হৱ লগীয়া হয়। তেওঁৰ পুত্ৰৰ নাম আছিল কান্তি দেশাই আৰু জীয়েকৰ নাম আছিল ইন্দু দেশাই। বিয়ালৈ তিনিদিন থাকোঁতেই মোৰাৰজী দেশাইৰ পিতাকে ঘৰৰ কুঁৱাত জঁপিয়াই আত্মহত্যা কৰিছিল। সেই একেটা কুঁৱাতে তেওঁৰ বিমাতায়ো আত্মহত্যা কৰিছিল। পিতৃৰ অবিহনে কিশোৰ মোৰাৰজীৰ ওপৰতে পত্নীৰ উপৰিও মাক, তিনিজন ভায়েক, চাৰিজনী ভনীয়েক আৰু আইতাকৰ ভৰঁ-পোষণৰ দায়িত্বৰ ভাৰ আহি পৰিছিল। লৰালিকালৰ স্বভাৱ আছিল তেওঁৰ কাপুৰুষৰ দৰে। কোনোৱে তেওঁক ভয় দেখুৱালে সেইজনৰ ওচৰত সহজতে আত্মসমৰ্পণ কৰিবলৈ বেছি সময় নালাগিছিল।[2]

কৃষিৰ ওপৰত নিৰ্ভৰশীল ব্ৰাহ্মণ পৰিয়ালৰ সন্তান মোৰাৰজী দেশায়ে মাত্ৰ ১০ টকা বৃত্তিসহ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ উচ্চ শিক্ষা অৰ্জন কৰিবলৈ মুম্বাই (বোম্বাই)লৈ যায়। মুম্বাইৰ উইলছন মহাবিদ্যালয়ত ভৰ্তি হৈ বিজ্ঞান বিষয়ত অধ্যয়ন কৰে, তাত তেওঁ বিনামূলীয়াকৈ হোষ্টেলত থকাৰ সুবিদা পাইছিল আৰু এ আই এছ চিৰ বৃত্তিও লাভ কৰিছিল। তেওঁ পোৱা বৃত্তিৰ টকাখিনিও বিধৱা মাকৰ খৰচৰ বাবেহে পঠাইছিল। টকা-পইচাৰ নাটনি হোৱাৰ কাৰণে যিমানদূৰ পাৰে কম খৰচতে চলিবলৈ যত্ন কৰিছিল। তেওঁ স্নাতক উপাধি লাভ কৰাৰ পিছত মুম্বাই প্ৰভিন্সিয়েল চিভিল ছাৰ্ভিছত নিযুক্ত হয়। ১৯১৮ চনৰ পৰা তেওঁ আহমদাবাদত ডেপুটী কালেক্টৰ পদত অধিষ্ঠিত হয়।

কিন্তু মোৰাৰজী দেশাই আছিল স্বাধীন মনা। সেয়ে তেওঁ বেছিদিনলৈ চাৰকাৰী চাকৰি জীৱন পচন্দ নকৰিলে। সেই সময়ত দেশত স্বাধীনতা সংগ্ৰামৰ প্ৰবল ঢৌৰ জোৱাৰ উঠিছিল। সুপ্ত ভাৰতবাসীক জাগ্ৰত কৰাৰ মানসেৰে মহাত্মাই বক্তৃতাৰ উপৰিও অনেক কাকতত প্ৰচাৰ চলাইছিল, সেইবোৰেই মোৰাৰজী দেশাইকো আকৰ্ষিত কৰিছিল। সেয়ে তেওঁ চাকৰি বাদ দি হাজাৰ হাজাৰ মুক্তিকামী জনাতৰা সৈতে তেৱোঁ থিয় দিলে ভাৰতৰ স্বাধীনতাৰ সপোন ৰচি। ১৯৩০ চনত তেওঁ চৰকাৰী চাকৰি উস্তাফা দিছিল।[2]

স্বাধীনতা সংগ্ৰামী আৰু ৰাজনৈতিক জীৱন

সম্পাদনা কৰক

মোৰাৰজী দেশায়ে গুজৰাট প্ৰদেশ কমিটীত যোগদান কৰিলে। গান্ধী আৰউইন চুক্তি আৰু কৰাচী চুক্তিৰ পিছত তেওঁ কংগ্ৰেছ কমিটীৰ সম্পাদক হিচাপে নিযুক্ত হয়। এই সময়চোৱাত তেওঁ এবাৰ কাৰাবাস খাটিব লগীয়া হয়। ১৯৩৭ চনৰ পৰা তেওঁ জনসাধাৰণৰ সেৱা কৰাৰ পোনপটীয়া সুবিধা লাভ কৰে। বি জি খেৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী হিচাপে তেওঁ মাটিৰ ৰায়তী স্বত্ব আইনখনৰ অমূল সংস্কাৰ সাধন কৰাৰ উপৰিও পুলিচ বিভাগটোৰ উল্লেখনীয় পৰিবৰ্তন আনিবলৈ সমৰ্থবান হয়। তেওঁ ন্যায়পালিকাক প্ৰাদেশিক কাৰ্যপালিকাৰ পৰা পৃথক কৰাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা লৈছিল। ১৯৫২ চনত খেৰে বোম্বাই মুখ্যমন্ত্ৰী পদৰ পৰা অৱসৰ লোৱাত দেশায়ে বোম্বাইৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈ ১৯৬৫ চনলৈকে কাৰ্যনিবাহ কৰে। পিছে ভাষিক ভিত্তিত বোম্বাই ৰাজ্য বিভক্ত হোৱাৰ ঘটনাটোক কেন্দ্ৰে কৰি তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। তাৰ পিছত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ দপ্তৰ চলায়। এই দুয়ো দপ্তৰ চলায় ১৯৫৬ চনৰ পৰা ১৯৫৭ চনলৈকে। তাৰ পাছত তেওঁ বিত্ত দপ্তৰৰ ভাৰ গ্ৰহণ কৰে। তেওঁৰ কাৰ্য্যকালতেই বিত্তীয় সংস্কাৰবোৰ সাধিত হয়। সেইসময়তেই দেখা দিয়া জটিল অৰ্থনৈতিক পৰিস্থিতিকো আমেৰিকান সাহায্যৰে নিয়ন্ত্ৰণলৈ আনিব পৰাটো তেওঁৰ বাবে আন এটা কৃতকাৰ্যতা। তেওঁ এই দপ্তৰ চালোৱাৰ কাৰ্যকাল আছিল ১৯৫৮ চনৰ পৰা ১৯৬৩ চনলৈকে।

জৱাহৰলাল নেহেৰুৰ মৃত্যুৰ পিছত দেশায়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে। কিন্তু কামৰাজৰ ঐক্যমতৰ ধ্বনিৰ বাবে তেওঁ ফলপ্ৰসূ হৱ নোৱাৰিলে। ১৯৬৫ চনত তেওঁক প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে প্ৰশাসনীয় সংস্কাৰ আয়োগৰ সভাপতি পাতে। ১৯৬৭ চনত তেওঁ হয় উপ-প্ৰধানমন্ত্ৰী। ১৯৬৯ চনত দ্বিবিভক্ত কংগ্ৰছ দলৰ সাংগঠনিক কংগ্ৰেছৰ সভাপতি হয় মোৰাৰজী আৰু শাসক কংগ্ৰেছৰ নেত্ৰী হল ইন্দিৰা গান্ধী আৰু দেশায়ে বিৰোধীৰ ভূমিকা পালন কৰি তেওঁ নিজৰ মতত অচল-অটল হৈ থাকিল। গুজৰাটত নিৰ্বাচন পাতিবলৈ হেঁচা দি ১৯৭৫ চনৰ এপ্ৰিলত তেওঁ অনশন আৰম্ভ কৰিছিল। অনশনৰ সপ্তম দিনত ইন্দিৰাই গুজৰাটত নিৰ্বাচন পাতিবলৈ সৈমান হৈছিল। প্ৰধানমন্ত্ৰী হিচাপে ১৯৭৯ চনৰ ১০ জুনত পূৱ ইউৰোপৰ কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমণ কৰি সেই ৰাষ্ট্ৰবোৰৰ সৈতে ভাৰতৰ অৰ্থনৈতিক, বৈজ্ঞানিক আৰু কাৰিকৰী দিশত উভয়ৰ সহযোগিতাৰ চুক্তি স্বাক্ষৰিত কৰিছিল। তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকোঁতে অসমলৈ আহোঁতে এটা ভয়ানক বিমান দুৰ্ঘটনাৰ কবলত পৰিছিল। তেওঁ অহা আকাশী যানখন ভূপতিত হৈছিল অসমযোৰহাট জিলাত, কিন্তু দেশাইৰ কোনো অনিষ্ট হোৱা নাছিল। ১৯৭৯ চনৰ ১৫ জুলাইত ২৮ মহীয়া দেশাই চৰকাৰে অভ্যন্তৰীণ কন্দলৰ গৰাহত পৰি ৰাষ্ট্ৰপতি সঞ্জীৱ ৰেড্ডীৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিবলৈ বাধ্য হয়।

মোৰাৰজী দেশাই কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোঁতেই তেওঁৰ ব্যৱসায়ী পুত্ৰ কান্তি দেশাইৰ ক্ষেত্ৰত এই কথা প্ৰচাৰ কৰিছিল যে তেওঁ পুত্ৰৰ ক্ষেত্ৰত যাতে কোনো কৰ্মচাৰীয়ে বিশেষ ধৰণৰ কোনো আগ্ৰহ নেদেখুৱাই। কান্তি দেশাইয়ে কোনো চৰকাৰী পাৰ্মিট বিচাৰিলে সেই কাগজ-পত্ৰ তেওঁৰ দৃষ্টিলৈ আহিব লাগিব। তেওঁ পুত্ৰকো এইবুলি সতৰ্ক কৰি দিছিল যে, যদি তেওঁ চৰকাৰৰ পৰা অন্যায়ভাবে কিবা সুযোগ আদায় কৰাৰ খৱৰ পায়, তেন্তে তেওঁ লগে লগে আত্মহত্যা কৰিব। মোৰাৰজী দেশাইৰ জীৱনৰ যন্ত্ৰণা পোৱা বছৰটো আছিল ১৯৫৫ চন। সেই বছৰতেই তেওঁৰ নুমলীয়া জী ইন্দুয়ে আত্মহত্যা কৰিছিল। পিতাকৰ ইচ্ছাৰ বিৰুদ্ধে ইন্দুয়ে কোনোবা লৰাৰ লগত বিয়াত সোমাব খোজাত আৰু পিতাকে বাধা দিয়া বাবে তেওঁ আত্মহত্যা কৰিছিল।[2]

১৯৯৫ চনৰ ১০ এপ্ৰিল তাৰিখে মোৰাৰজী দেশাইৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. "ভাৰত-ৰত্ন বঁটা বিজয়ীৰ তালিকা (১৯৫৪ - ২০০৭". ভাৰতৰ গৃহ মন্ত্ৰালয়. Archived from the original on 2009-04-10. https://web.archive.org/web/20090410024701/http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf। আহৰণ কৰা হৈছে: ৭ ডিচেম্বৰ, ২০১০. 
  2. 2.0 2.1 2.2 2.3 সমীন কলিতা. ভাৰত-ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৯৬,৯৭,৯৮,৯৯,১০০. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক