ঘৰচিৰিকা

(ঘনচিৰিকাৰ পৰা পুনঃনিৰ্দেশিত)

ঘৰচিৰিকা বা ঘনচিৰিকা (ইংৰাজী: House Sparrow, বৈজ্ঞানিক নাম: Passer domesticus) হৈছে Passeridae গোত্ৰৰ বিশ্বৰ প্ৰায় সকলো ঠাইতে দেখিবলৈ পোৱা সৰু আকাৰৰ চৰাই। এই চৰাইবিধ মানুহৰ সৈতে বসবাস কৰাত বিশেষভাৱে অভ্যস্ত। ইহঁতক নগৰ-চহৰ আৰু গাঁৱে-ভূঞে সকলোতে বসবাস কৰা দেখা যায়। ঘৰচিৰিকাই মূলতঃ গুটি, পোক-পতংগ আদি খাই জীয়াই থাকে। ঘৰচীয়া মেকুৰী, ফেঁচা আদি ইহঁতৰ প্ৰধান ভক্ষক (predator)।

ঘৰচিৰিকা
অষ্ট্ৰেলিয়াত এটা মতা ঘৰচিৰিকা চৰাই
ইংলেণ্ডত এটা মতা ঘৰচিৰিকা চৰাই
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Passeridae
গণ: Passer
প্ৰজাতি: Passer domesticus
বৈজ্ঞানিক নাম
Passer domesticus
(Linnaeus, 1758)
       Native range
       Introduced range
সমাৰ্থক[2]

Fringilla domestica Linnaeus, 1758
Passer domesticus (Linnaeus, 1758) Brisson, 1760
Pyrgita domestica (Linnaeus, 1758) G. Cuvier, 1817
Passer indicus Jardine and Selby, 1835
Passer arboreus Bonaparte, 1850 (preoccupied)
Passer confucius Bonaparte, 1853
Passer rufidorsalis C. L. Brehm, 1855
Passer engimaticus Zarudny, 1903
Passer ahasvar Kleinschmidt, 1904

বিৱৰণ সম্পাদনা কৰক

ঘৰচিৰিকা এবিধ সৰু আকাৰৰ চৰাই,[3] সাধাৰণতে ইয়াৰ দেহৰ দৈৰ্ঘ্য ১৬ ছে: মি: হয়।[4] ইয়াৰ মূৰটো ঘূৰণীয়া, ঠোঁট শকত আৰু নেজডাল চুটি,প্ৰায় ৫.২-৬.৫ ছে:মি: দৈৰ্ঘ্যৰ।[3][5] ঘৰচিৰিকাৰ দেহৰ ওজন প্ৰায় ২৪-৩৯.৫ গ্ৰাম। মাইকী ঘৰচিৰিকাৰ দেহৰ ওজন মতাৰ তুলনাত কম হয়।[6][6][7][8] ঘৰচিৰিকাৰ দেহৰ বৰণ ঠাইভেদে মুগাৰ পৰা মটিয়াধৰণৰ হোৱা দেখা যায়। মতা আৰু মাইকী চৰাইৰ বৰণ ভিন্ন। মাইকী ঘৰচিৰিকা সাধাৰণতে পাতলীয়া বৰণৰ-মতাৰ দেহৰ ৰং গাঢ় আৰু পৃষ্ঠ অংশ ৰঙচুৱা।[7] মতা ঘৰচিৰিকাৰ ঠোঁটৰ পৰা পিঠিলৈকে গাঢ় ধোৱা বৰণৰ আৰু মূৰৰ দুইকাষে ৰঙচুৱা মটিয়া বৰণৰ হয়।[9]

টেক্স’নমি সম্পাদনা কৰক

ঘৰচিৰিকাৰ গোত্ৰ Passer আৰু এই গোত্ৰ ২৫ বিধ প্ৰজাতিৰ সমষ্টি।[10] এই প্ৰজাতিসমূহৰ বহুতো উপ-প্ৰজাতি পোৱা যায়। তাৰে উল্লেখযোগ্য বাৰ বিধ উপ-প্ৰজাতিৰ চমূ বৰ্ণনা তলত দিয়া হ’ল-

বিভাগ-domesticus
  • P. d. domesticus-ইউৰোপ আৰু উত্তৰ এছিয়া[11]
  • P. d. balearoibericus – দক্ষিণ ফ্ৰান্স আৰু বেলেৰিক দ্বীপ-পূঞ্জ (Balearic Islands)[10]
  • P. d. tingitanus (Loche, 1867)-লিবিয়া, মৰ'ক্কো আৰু আলজেৰিয়া (Algeria)[12]
  • P. d. niloticus Nicoll and Bonhote, 1909- ইজিপ্ট আৰু[12][13]
  • P. d. persicus Zarudny and Kudashev, 1916- ইৰাণ আৰু আফগানিস্তান[12][14]
  • P. d. biblicus Hartert, 1910-পেলেষ্টাইন, তুৰ্কী, কুৱেইট[10]
বিভাগ- indicus
  • P. d. hyrcanus Zarudny and Kudashev, 1916- ইৰাণ>
  • P. d. bactrianus Zarudny and Kudashev, 1916-কাজাখস্তান, ইৰান আৰু আফগানিস্তান
  • P. d. parkini Whistler, 1920- কাশ্মীৰ, ভাৰত আৰু নেপাল
  • P. d. indicus Jardine and Selby, 1831- ভাৰত, শ্ৰীলংকা আৰু উত্তৰ ইৰাণ[10]
  • P. d. hufufae Ticehurst and Cheeseman, 1924- চৌদি আৰবীয়া[15]
  • P. d. rufidorsalis C. L. Brehm, 1855- চুডান[13][10]

বিতৰণ সম্পাদনা কৰক

ঘৰচিৰিকাৰ উৎপত্তি হৈছিল মধ্যপ্ৰাচ্যত আৰু তাৰ পৰাই সমগ্ৰ বিশ্বত ই বিয়পি পৰে।[16] নতুন নতুন ঠাইত এই চৰাইবিধ সংযোজন কৰি (introduction) মানুহেও ঘৰচিৰিকাৰ বিস্তাৰত গুৰুত্বপূৰ্ণ অংশ লৈছে। এনে নতুনকৈ ঘৰচিৰিকা সংযোজিত কৰা স্থানবোৰ হৈছে আমেৰিকা, পশ্চিম আফ্ৰিকা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আৰু বিশ্বৰ বিভিনন্ন দ্বীপ সমূহ।[17]

বসতিস্থল সম্পাদনা কৰক

ঘৰচিৰিকা চৰাই মানুহৰ সৈতে বসবাস কৰাত অভ্যস্ত এবিধ প্ৰজাতি।ঘৰচিৠকাই মানুহৰ ঘৰৰ কিনাৰত বাহ সাজে।[18][19]

আচৰণ সম্পাদনা কৰক

ঘৰচিৰিকাই প্ৰায়ে পানীত (বাওঁফালৰ চিত্ৰ) বা ধূলিত (সোঁফালৰ চিত্ৰ) গা ধুৱে

ঘৰচিৰিকাই জাক পাতি থাকি ভাল পায়।[20] ইহঁতে পানী বা ধূলিত জাক পাতি গা ধোৱে আৰু সমজুৱাকৈ গান গায় (social singing)।[21][22] খোৱাৰ সময়ত আৰু বাঁহত সাধাৰণতে মাইকী ঘৰচিৰিকাৰ আধিপত্য বেছি থাকে।[23][24]

ঘৰচিৰিকাৰ মাত সাধাৰণতে চুটি আৰু নোৰোৱাকৈ মতা চি-ৰ-ৰ-প (chirrup), চি-ল-প (tschilp), বা ফি-লি-ল-প (Philip) ধৰণৰ হয়। জাকত থকা বা বাঁহ সাজি থকা চৰায়ে ইটোৱে সিটোৰ সতে যোগাযোগ কৰিবলৈ, মতা ঘৰচিৰিকাই বিশেষ স্থানত নিজৰ আধিপত্য প্ৰকাশ কৰিবলৈ আৰু মাইকী ঘৰচিৰিকাক আকৰ্ষিত কৰিবলৈ মাতে। প্ৰজননৰ সময়ত ইয়াৰ তীব্ৰতা বৃদ্ধি পায়।[25][26][27] পূৰ্ণবয়স্ক ঘৰচিৰিকাই সাধাৰণতে বিভিন্ন গুটি খায়।[28] নগৰ অঞ্চলত খাদ্যৰ বাবে মানুহৰ ওপৰত ইঁহত নিৰ্ভৰশীল হৈ পৰে।[29][30] তদুপৰি ইহঁতে বিভিন্ন পোক-পতংগ, কেঁচু, ভেকুলী বা জেঠী আদিও খায়[28] পোৱালি চৰাইক জন্মৰ পোন্ধৰ দিনলৈকে খুউৱা হয়[31]

জাৰ্মানীত মাইকী ঘৰচিৰিকা চৰি থকা অৱস্থাত
চানফ্ৰান্সিছকোত এটা মতা ঘৰচিৰিকা চৰায়ে মাতি থকা অৱস্থাত

ঘৰচিৰিকা একগামী, অৰ্থাৎ এহাল চৰায়ে আজীৱনযোৰ পাতি বাস কৰে।[32] ইহঁতে বিভিন্ন ঠাইত বাঁহ সাজে, যেনে-গছৰ খোৰোং, ঘৰৰ বিভিন্ন সুৰুঙা আদিত। সাধাৰণতে এবাৰত চাৰিৰ পৰা পাচোঁটাকৈ কণী পাৰে। বছৰত ইহঁতে চাৰিৰ পৰা সাতবাৰ পৰ্য্যন্ত কণী পাৰিব পাৰে। কণীবোৰ দেখাত বগা বা নীল-বগা বা সেউজ-বগা ধৰণৰ হয়- তাত মুগা বা মটিয়া দাগ থাকে। [33][7]এটা কণীৰ দৈৰ্ঘ্য ২০-২২ মি:মি: আৰু প্ৰস্থ ১৪-১৬ মি:মি:আৰু ওজন ২.৯ গ্ৰাম হোৱা দেখা যায়।[34]

ঘৰচিৰিকাৰ পোৱালি সাধাৰণতে ১১-২৩ দিনলৈকে বাহত থাকে।[35] এই সময়ত পিতৃ-মাতৃয়ে দুয়ো মিলি পোৱালিক খাদ্য খুৱায়। জন্মৰ চাৰি দিনৰ পিছত পোৱালিয়ে চকু মেলে আৰু আঠ দিনৰ পিছত প্ৰথম পাখি গজে।[33][35]

ঘৰচিৰিকাৰ মুখ্য ভক্ষক হৈছে মেকুৰী, মাংসভোজী চৰাই আৰু কেৰ্কেটুৱা।

স্থিতি তথা সংৰক্ষণ সম্পাদনা কৰক

ঘৰচিৰিকাৰ বহুল বিস্তৃতি তথা জনসংখ্যাৰ বাবে ইয়াক আই ইউ চি এন ৰঙা তালিকাত Least Concern হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে।[1] অৱশ্যে শেহতীয়া তথ্য অনুসৰি ঘৰচিৰিকাৰ জনসংখ্যা বিশ্বৰ বিভিন্ন অঞ্চলত দ্ৰুতগতিত হ্ৰাস পাইছে।[36][37][38]

আলোকচিত্ৰ সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 BirdLife International (2012). "Passer domesticus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106008367। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. Summers-Smith 1988, পৃষ্ঠা 307–313
  3. 3.0 3.1 "House Sparrow". All About Birds. Cornell Lab of Ornithology. Archived from the original on 31 January 2013. https://web.archive.org/web/20130131113844/http://www.allaboutbirds.org/guide/House_Sparrow/id। আহৰণ কৰা হৈছে: 16 December 2012. 
  4. Summers-Smith 1988, পৃষ্ঠা 116–117
  5. Clement, Harris & Davis 1993, পৃষ্ঠা 443
  6. 6.0 6.1 Summers-Smith 1988, পৃষ্ঠা 118–121
  7. 7.0 7.1 7.2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Groschupf নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  8. Felemban, Hassan M. (1997). "Morphological differences among populations of House Sparrows from different altitudes in Saudi Arabia" (PDF). The Wilson Bulletin খণ্ড 109 (3): 539–544. Archived from the original on 2012-09-01. https://web.archive.org/web/20120901234051/http://elibrary.unm.edu/sora/Wilson/v109n03/p0539-p0544.pdf। আহৰণ কৰা হৈছে: 2012-12-16. 
  9. Clement, Harris & Davis 1993, পৃষ্ঠা 444
  10. 10.0 10.1 10.2 10.3 10.4 Summers-Smith, J. Denis (2009). "Family Passeridae (Old World Sparrows)". In del Hoyo, Josep; Elliott, Andrew; Christie, David. Handbook of the Birds of the World. Volume 14: Bush-shrikes to Old World Sparrows. প্ৰকাশক Barcelona: Lynx Edicions. ISBN 978-84-96553-50-7. 
  11. Summers-Smith 1988, পৃষ্ঠা 121–122
  12. 12.0 12.1 12.2 Summers-Smith 1988, পৃষ্ঠা 126–128
  13. 13.0 13.1 Mackworth-Praed & Grant 1955, পৃষ্ঠা 870–871
  14. Cramp & Perrins 1994, পৃষ্ঠা 289
  15. Vaurie, Charles (1956). "Systematic notes on Palearctic birds. No. 24, Ploceidae, the genera Passer, Petronia, and Montifringilla". American Museum Novitates (1814). সাঁচ:Hdl. 
  16. Anderson 2006, পৃষ্ঠা 5, 9–12
  17. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Anderson5 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  18. Hobbs, J. N. (1955). "House Sparrow breeding away from Man" (PDF). The Emu খণ্ড 55 (4): 202. http://www.publish.csiro.au/?act=view_file&file_id=MU955302.pdf. 
  19. Wodzicki, Kazimierz (May 1956). "Breeding of the House Sparrow away from Man in New Zealand" (PDF). Emu খণ্ড 54: 146–147. http://www.publish.csiro.au/?act=view_file&file_id=MU956143.pdf. 
  20. Anderson 2006, পৃষ্ঠা 247
  21. Summers-Smith 1988, পৃষ্ঠা 139–142
  22. McGillivray, W. Bruce (1980). "Communal Nesting in the House Sparrow" (PDF). Journal of Field Ornithology খণ্ড 51 (4): 371–372. Archived from the original on 2010-08-08. https://web.archive.org/web/20100808203456/http://elibrary.unm.edu/sora/JFO/v051n04/p0371-p0372.pdf। আহৰণ কৰা হৈছে: 2012-12-16. 
  23. Johnston, Richard F. (1969). "Aggressive Foraging Behavior in House Sparrows". The Auk খণ্ড 86 (3): 558–559. Archived from the original on 2011-06-06. https://web.archive.org/web/20110606011459/http://elibrary.unm.edu/sora/Auk/v086n03/p0558-p0559.pdf। আহৰণ কৰা হৈছে: 2012-12-16. 
  24. Kalinoski, Ronald (1975). "Intra- and Interspecific Aggression in House Finches and House Sparrows" (PDF). The Condor খণ্ড 77 (4): 375–384. doi:10.2307/1366086. Archived from the original on 2011-06-06. https://web.archive.org/web/20110606011611/http://elibrary.unm.edu/sora/Condor/files/issues/v077n04/p0375-p0384.pdf। আহৰণ কৰা হৈছে: 2012-12-16. 
  25. Summers-Smith 1963, পৃষ্ঠা 26–30
  26. Cramp & Perrins 1994, পৃষ্ঠা 291
  27. Summers-Smith 1963, পৃষ্ঠা 101
  28. 28.0 28.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Anderson273–275 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  29. Summers-Smith 1988, পৃষ্ঠা 159–161
  30. Gavett, Ann P.; Wakeley, James S. (1986). "Diets of House Sparrows in Urban and Rural Habitats". The Wilson Bulletin খণ্ড 98. Archived from the original on 2010-08-09. https://web.archive.org/web/20100809185941/http://elibrary.unm.edu/sora/Wilson/v098n01/p0137-p0144.pdf। আহৰণ কৰা হৈছে: 2012-12-16. 
  31. Vincent 2005, পৃষ্ঠা 2–3
  32. Anderson 2006, পৃষ্ঠা 141–142
  33. 33.0 33.1 Lowther, Peter E.; Cink, Calvin L. (2006). "House Sparrow (Passer domesticus)". In Poole, A.. The Birds of North America Online. http://bna.birds.cornell.edu/bna/species/012। আহৰণ কৰা হৈছে: 21 April 2010. 
  34. "BTO Bird facts: House Sparrow". British Trust for Ornithology. http://blx1.bto.org/birdfacts/results/bob15910.htm। আহৰণ কৰা হৈছে: 24 November 2009. 
  35. 35.0 35.1 Glutz von Blotzheim & Bauer 1997, পৃষ্ঠা 60ff
  36. "Even sparrows don't want to live in cities anymore". Times of India. 13 June 2005. Archived from the original on 11 August 2011. https://web.archive.org/web/20110811025910/http://articles.timesofindia.indiatimes.com/2005-06-13/delhi/27852762_1_house-sparrow-birds-crows. 
  37. Daniels, R. J. Ranjit (2008). "Can we save the sparrow?" (PDF). Current Science খণ্ড 95 (11): 1527–1528. Archived from the original on 23 June 2017. https://web.archive.org/web/20170623000716/http://www.ias.ac.in/currsci/dec102008/1527.pdf। আহৰণ কৰা হৈছে: 16 December 2012. 
  38. De Laet, J.; Summers-Smith, J. D. (2007). "The status of the urban house sparrow Passer domesticus in north-western Europe: a review". Journal of Ornithology খণ্ড 148 (Supplement 2): 275–278. doi:10.1007/s10336-007-0154-0. 

অন্যান্য উৎস সম্পাদনা কৰক

বহিঃসংযোগ সম্পাদনা কৰক