ঘৰ বতাহী
ঘৰ বতাহী (ইংৰাজী: House Swift, বৈজ্ঞানিক নাম-Apus nipalensis) 'Apodidae' পৰিয়ালৰ এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি।
ঘৰ বতাহী (House Swift) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Apodiformes |
পৰিয়াল: | Apodidae |
গণ: | Apus |
প্ৰজাতি: | A. nipalnsis |
বৈজ্ঞানিক নাম | |
Apus nipalensis (Hodgson, 1837) |
বিৱৰণ
সম্পাদনা কৰকবিতৰণ
সম্পাদনা কৰকএই চৰাইবিধ ঘাইকৈ দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ আছে।
বাসস্থান
সম্পাদনা কৰকঘৰ বতাহী চৰায়ে সাধাৰণতে মুকলি অঞ্চলত চৰিবলৈ পছন্দ কৰে।
আচৰণ
সম্পাদনা কৰকএই চৰাইবিধে জাকপাতি খাদ্যৰ সন্ধান কৰে আৰু হুলস্থূলীয়াও হোৱা দেখা যায়। ঘৰ বতাহী চৰায়ে সৰহভাগ সময় আকাশত উৰিয়ে কটায়। কেৱল নিশাৰ ভাগতহে জিৰণী ল'বলৈ তললৈ নামি আহে। আনকি উৰন্ত অৱস্থাতে ইহঁতে চিকাৰো কৰে আৰু পানীও খাব পাৰে।
খাদ্য
সম্পাদনা কৰকঘৰ বতাহী চৰায়ে উৰি ফুৰা পোক-পতংগ চিকাৰ কৰে। বিশেষকৈ উৰিব পৰা পোক যেনে উঁই পোক, মাখি আদি খাই ইহঁত জীয়াই থাকে। [2]
প্ৰজনন
সম্পাদনা কৰকএই চৰাইবিধে জাকপাতি বাস কৰে আৰু ওচৰা-ওচৰিকৈ বাহ সাজে। সাধৰণতে থিয় গঁড়াত এই চৱাইবিধে বাহ সাঁজে। এবাৰত প্ৰায় ২-৩ টাকৈ কণী পাৰি পোৱালি জগায়। [3]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Apus nipalensis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106001788। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ Dr. Harold G Cogger (et. al), "Encyclopedia of Animals"; Swifts and Hummingbirds by Charles T. Collins, Weldon Owen, 1993 (p. 354-356).
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2006-11-13. https://web.archive.org/web/20061113203445/http://www.naturia.per.sg/buloh/birds/Apus_nipalensis.htm। আহৰণ কৰা হৈছে: 2013-10-24.