চাঁওতালি ভাষা

ভাৰতীয় ভাষা

চাঁওতালি বা সাঁওতালি, চাঁওতালী, সান্থালী ভাষা হ'ল অষ্ট্ৰো-এছীয় ভাষাপৰিবাৰৰ চাঁওতালি উপপৰিবাৰৰ এটি ভাষা। হো আৰু মুণ্ডাৰী ভাষাৰ লগত ইয়াৰ মিল আছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতত প্ৰায় ৫৯ লাখ ৪০ হাজাৰ চাঁওতালিভাষী মানুহে বসবাস কৰে। ইয়াৰোপৰি বাংলাদেশত এই ৰ জনসংখ্যা ২০১১ চনৰ গণনা অনুযায়ী প্ৰায় ২ লাখ ২৫ হাজাৰ আৰু নেপালত ৪৯ হাজাৰ ৯০০।[1] ভূটানতো কিছু পৰিমাণে চাঁওতালি ভাষাৰ মানুহ আছে। বেছি ভাগ চাঁওতালিভাষী মানুষ ভাৰতৰ ঝাড়খণ্ড, অসম, বিহাৰ, ওড়িশা, ত্ৰিপুৰা আৰু পশ্চিমবংগ ৰাজ্যত বাস কৰে। চাঁওতালি ভাষাৰ নিজস্ব লিপি আছে, যাৰ নাম অল চিকি লিপি। অৱশ্যে বঙালী লিপি, ওড়িয়া লিপি, ৰোমান লিপি আৰু দেৱনাগৰী লিপিৰেও এই ভাষা লিখা হয়।

চাঁওতালি
ᱥᱟᱱᱛᱟᱲᱤ, ସାନ୍ତାଳୀ, সাঁওতালি
Santali written in Ol Chiki script.svg
অল চিকি লিপিত লিখিত "চাঁওতালি" শব্দ
থলুৱা অঞ্চল ভাৰত, বাংলাদেশ, নেপাল, ভূটান
জাতীয়তা চাঁওতাল আৰু তেৰাইবাসী চাঁওতালি
ভাষা পৰিয়াল
উপভাষা *মাহালি (মাহলি)
লিখন প্ৰণালী অল চিকি লিপি, দেৱনাগৰী, বঙালী লিপি, ৰোমান লিপি, ওড়িয়া লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
 ভাৰত
ভাষা সংকেত
ISO 639-2 sat
ISO 639-3 Either:
sat – চাঁওতালি
mjx – মাহালি

তথ্যসূত্ৰসম্পাদনা কৰক