ঝাৰখণ্ড

ভাৰতৰ এখন ৰাজ্য
(ঝাড়খণ্ডৰ পৰা পুনঃনিৰ্দেশিত)

ঝাৰখণ্ড (হিন্দী: झारखंड), (চাঁওতালি: ᱡᱷᱟᱨᱠᱷᱚᱸᱰ) বা পূৰ্বৰ এই শব্দটোৰ বিষয়ে ঝাড়খণ্ড পূৰ্ৱ ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানীৰ নাম ৰাঁচী। ই বিহাৰৰ দক্ষিণাংশৰ পৰা পৃথক হৈ ২০০০ চনৰ ১৫ নভেম্বৰত গঠিত হৈছিল।[3] এই ৰাজ্য নানা খনিজ সম্পদেৰে পূৰ্ণ। ঝাৰখণ্ডৰ পৰ্যটনকেন্দ্ৰবিলাকৰ ভিতৰত বিখ্যাত কেইটামান হ'ল : হলুদপুকুৰ, ৰাজমহল, নেতাৰহাট, হাজাৰীবাগ, মন্দাৰগিৰি ইত্যাদি।

ঝাৰখণ্ড
झारखण्ड
ᱡᱷᱟᱨᱠᱷᱚᱸᱰ
ভাৰতৰ ৰাজ্য
ভাৰতৰ মানচিত্ৰত ঝাৰখণ্ডৰ অৱস্থান
ভাৰতৰ মানচিত্ৰত ঝাৰখণ্ডৰ অৱস্থান
ঝাৰখণ্ডৰ মানচিত্ৰ
ঝাৰখণ্ডৰ মানচিত্ৰ
দেশ ভাৰত
অঞ্চল পূৰ্ব ভাৰত
প্ৰতিষ্ঠা ১৫ নৱেম্বৰ ২০০০
ৰাজধানী ৰাঁচী
বৃহত্তম চহৰ জামছেদপুৰ
চৰকাৰ
 • ৰাজ্যপাল দ্ৰৌপদী মুৰ্মু
 • মুখ্যমন্ত্ৰী হেমন্ত সোৰেন
 • বিধানসভা এককক্ষীয় (৮১ আসন)
 • লোকসভা কেন্দ্ৰ ১৪
 • হাইকোৰ্ট ঝাৰখণ্ড হাইকোৰ্ট
কালি
 • মুঠ ৭৯,৭১৪ km2 (30,778 sq mi)
 • স্থান ১৫শ
জনসংখ্যা
 (২০১১)
 • মুঠ ৩২৯৮৮১৩৪
 • স্থান ১৩শ
 • ঘনত্ব ৪১৪/km2 (1,070/sq mi)

ঝাৰখণ্ডৰ মাটিকালি ৭৯,৭১৪ বৰ্গ কিঃমিঃ। ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা হ'ল ৩২৯৮৮১৩৪ জন। সাক্ষৰতাৰ হাৰ ৬৭.৬%। ঝাৰখণ্ডৰ চৰকাৰী ভাষা : হিন্দী আৰু চাঁওতালি ভাষা।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক