চিত্ৰলেখা (ইংৰাজী: Chitralekha) ১৯৬৪ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষাভাৰতীয় চলচ্চিত্ৰকিদাৰ শৰ্মাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অশোক কুমাৰ, প্ৰদীপ কুমাৰ আৰু মীনা কুমাৰীয়ে। ১৯৩৪ চনত প্ৰকাশিত ভগৱতী চৰণ বৰ্মাৰ একে নামৰ হিন্দী উপন্যাস এখনৰ আধাৰত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছিল।[1] চলচ্চিত্ৰখনৰ সংগীত পৰিচালক আছিল ৰোশন আৰু গীতিকাৰ আছিল চাহিৰ লুধিয়ানৱী। “ছনছাৰ চে ভাগে ফিৰতে হো” আৰু “মন ৰে, তু কাহে না ধীৰ ধৰে” গীতদুটাৰ বাবে চলচ্চিত্ৰখনে অধিক জনপ্ৰিয়তা লাভ কৰিছিল। ২০১০ চনত আউটলুক ইণ্ডিয়া আলোচনীখনে ৩০ গৰাকী প্ৰসিদ্ধ ভাৰতীয় সুৰকাৰ, গীতিকাৰ আৰু কণ্ঠশিল্পীক তেওঁলোকৰ সৰ্বকালৰ প্ৰিয় হিন্দী গীতসমূহৰ নাম সোধা হৈছিল। শীৰ্ষৰ ২০টা গীতৰ এখন তালিকাও প্ৰস্তুত কৰি উলিওৱা হৈছিল য'ত “মন ৰে, তু কাহে ধীৰ ধৰে” গীতটোৱে তালিকাখনৰ শীৰ্ষত স্থান দখল কৰিবলৈ সক্ষম হৈছিল।[2][3]

চিত্ৰলেখা
পৰিচালক কিদাৰ শৰ্মা
চিত্ৰনাট্য কিদাৰ শৰ্মা
ৰজিন্দাৰ কুমাৰ শৰ্মা
ভিত্তি চিত্ৰলেখা
লেখক: ভগৱতী চৰণ বৰ্মা
প্ৰযোজক এ কে নাদিয়াৱালা
অভিনয়ত অশোক কুমাৰ
প্ৰদীপ কুমাৰ
মীনা কুমাৰী
মেহমুদ
চিত্ৰগ্ৰহণকাৰী ডি চি মেহতা
সম্পাদনা প্ৰভাকৰ গোখলে
সংগীত পৰিচালক ৰোশন
চাহিৰ লুধিয়ানৱী (গীতৰ কথা)
মুক্তি
১৯৬৪
দেশ ভাৰত
ভাষা হিন্দী

এই চলচ্চিত্ৰখন ১৯৪১ চনত কিদাৰ শৰ্মাই পৰিচালনা কৰা চিত্ৰলেখাৰ পুনৰ্নিমাণ। ১৯৪১ চনত নিৰ্মাণ কৰা চলচ্চিত্ৰখন বাণিজ্যিকভাৱে সফল হৈছিল যদিও ১৯৬৪ চনত নিৰ্মাণ কৰা চিত্ৰলেখাই বক্স অফিচত ভাল ফলাফল লাভ নকৰিলে।[4][2] উল্লেখযোগ্য যে, এইখনেই মীনা কুমাৰীয়ে অভিনয় কৰা প্ৰথম ৰঙীণ চলচ্চিত্ৰ।

অভিনয় শিল্পী সম্পাদনা কৰক

সংগীত সম্পাদনা কৰক

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল ৰোশনে আৰু গীতৰ কথা আছিল চাহিৰ লুধিয়ানৱীৰ

নং শিৰোনামকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "এ ৰি, জানে না দুংগী"  লতা মংগেশকাৰ  
2. "সখী ৰে, মেৰা মন উলঝে"  লতা মংগেশকাৰ  
3. "ছনছাৰ চে ভাগে ফিৰতে হো"  লতা মংগেশকাৰ  
4. "কাহে তৰছায়ে জিয়াৰা, য়ৌৱন ৰুট ছাজন আকে না জায়ে"  আশা ভোঁচলে, ঊষা মংগেশকাৰ  
5. "চা গয়ে বাদল নীল গগন পৰ, ঘুল গয়া কজৰা"  আশা ভোঁচলে, মহম্মদ ৰফি  
6. "মন ৰে, তু কাহে না ধীৰ ধৰে"  মহম্মদ ৰফি  
7. "মাৰা গয়া ব্ৰহ্মচাৰী"  মান্না দে  

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক