চিত্ৰা দেৱ (ইংৰাজী: Chitra Deb; (২৪ নৱেম্বৰ ১৯৪৩ — ২ অক্টোবৰ ২০১৭) এগৰাকী বঙালী সাহিত্যিক আৰু গৱেষক। ঠাকুৰ পৰিয়ালৰ ভিতৰ চৰাৰ বিষয়ে লিখা গৱেষণামূলক গ্ৰন্থ ঠাকুৰবাৰীৰ অন্দৰমহলৰ বিশেষভাবে জনাজাত।[1]

চিত্ৰা দেৱ
জন্ম ২৪ নৱেম্বৰ, ১৯৪৩
পুৰ্ণিয়া, বিহাৰ
মৃত্যু ২ অক্টোবৰ, ২০১৭
কলকাতা
পেচা লেখক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি ঠাকুৰবাৰীৰ অন্দৰমহল
উল্লেখযোগ্য বঁটা চিত্তৰঞ্জন বন্দোপাধ্যায় জন্ম শতবাৰ্ষিকী বঁটা
দাম্পত্যসংগী অবিবাহিত

প্ৰাৰম্ভিক জীৱন

সম্পাদনা কৰক

১৯৮৪ চনৰ ২৪ নবেম্বৰত বিহাৰৰ পূৰ্ণিয়াত তেওঁৰ জন্ম হয়। স্কুলীয়া পঢ়াশুনা তেওঁ বিহাৰতে সম্পন্ন কৰে। উচ্চশিক্ষা কলকাতাত। তেওঁ বঙালী ভাষা আৰু সাহিত্যৰ ছাত্ৰী আছিল। পি এইচ ডিৰ গৱেষণাৰ বিষয় আছিল ‘মল্লৰাজ সভাকবি শংকৰ কবিচন্দ্ৰৰ মহাভাৰত’।[1]

সাহিত্যিক জীৱন

সম্পাদনা কৰক

আনন্দবাজাৰ পত্ৰিকাত কৰ্মজীৱন আৰম্ভ কৰা দেৱে ১৯৮০ চনৰ পৰা ২০০৪ চনলৈকে তাত কাম কৰিছিল। তেওঁ আনন্দবাজাৰৰ পুথিভঁৰাল শাখাৰ দায়িত্বত আছিল। দেৱে কেইবাখনো কিতাপ সম্পাদনা আৰু অনুবাদ কৰাৰ লগতে শিশুসকলৰ বাবে কেইখনমান ঐতিহাসিক উপন্যাসো তেওঁ লিখি থৈ গৈছে। তেওঁ বংগৰ সামাজিক আৰু সাংস্কৃতিক ইতিহাসত নাৰীৰ অৱদানৰ ওপৰত বিস্তৃতভাৱে গৱেষণা কৰিছে আৰু এই সম্পৰ্কে বিভিন্ন ৰচনা লিখিছে। দেৱৰ আটাইতকৈ জনপ্ৰিয় কামটো ঠাকুৰ পৰিয়ালৰ সৈতে জড়িত।[2] ১৯৮০ চনত তেওঁৰ গ্ৰন্থ ঠাকুৰবাৰীৰ অন্দৰমহল প্ৰকাশ পায়। গ্ৰন্থখনে বাংলা একাডেমীৰ বঁটা লাভ কৰে আৰু ই বিভিন্ন ভাষালৈ অনূদিত হয়।[3] তেওঁ বংগীয় সাহিত্য পৰিষদে প্ৰদান কৰা চিত্তৰঞ্জন বন্দোপাধ্যায় জন্ম শতবাৰ্ষিকী বঁটাও লাভ কৰে। তেওঁ ঐতিহাসিক ব্যক্তিসকলৰ অবিস্মৰণীয় প্ৰেম কাহিনীৰ আধাৰত ৰচনা কৰিছিল ৰাজকীয় প্ৰেমকথা। তেওঁৰ সম্পাদিত গ্ৰন্থৰ ভিতৰত আছে সৰলবালা সৰকাৰ ৰচনা সমগ্ৰ, কবিচন্দ্ৰেৰ মহাভাৰত, বিষ্ণুপুৰী মহাভাৰত আদি। অনূদিত গ্ৰন্থৰ ভিতৰত প্ৰেমচন্দগোদান, নিৰ্মলা আদি উল্লেখযোগ্য।[4] দেৱে ৰচনা কৰা গ্ৰন্থসমূহ হ’ল-
১) ঠাকুৰবাৰীৰ অন্দৰমহল
২) ঠাকুৰবাৰীৰ বাহিৰমহল
৩) বিবাহবছৰেৰ কাব্যকথা
৪) অন্তঃপুৰেৰ আত্মকথা
৫) মহিলা ডাক্তৰ
৬) ভিন্নগ্ৰহেৰ বাসিন্দা
৭) আপোন খেয়ালে চলেন ৰাজা
৮) ৰূপৱতীৰ মালা
৯) ভাৰতেৰ ৰাণী
১০) বুদ্ধদেৱ কেমন দেখতে চিলেন
১১) অদ্ভুত যত হাতীৰ গল্প
১২) সিদ্ধিদাতাৰ অন্তৰ্ধান
১৩) ৰাজকীয় প্ৰেমকথা

পৰৱৰ্তী জীৱন

সম্পাদনা কৰক

চিত্ৰা দেৱে বিয়া কৰোৱা নাছিল। তেওঁ ৰাণীকুঠি ৰিজেণ্ট পাৰ্কত চৰকাৰী আবাসত বাস কৰিছিল। কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ এক জটিল স্নায়ৱিক ৰোগত ভুগিছিল। লগতে শ্বাসকষ্টতো ভুগিছিল। সেই কষ্ট প্ৰশমনৰ বাবে এটা বিশেষ বেজী লৈছিল, যাৰ পাৰ্শ্বক্ৰিয়া হৈ কঁকালৰ নিম্নাংশ অসাৰ হৈ গৈছিল। তেওঁ প্ৰায় এযুগ ধৰি অসুখত ভুগিছিল। অসুস্থ অৱস্থাতে তেওঁ বাহিৰ মহল গ্ৰন্থখন লিখি উলিয়ায়। অসুস্থতাৰ বাবে কলকাতাৰ টালিগঞ্জৰ এখন হাস্পাতালত তেওঁক ভৰ্তি কৰোৱা হৈছিল ২০১৭ চনৰ ২ অক্টোবৰত, ৭৪ বছৰ বয়সত দেৱৰ মৃত্যু হয়>[1]