চিদাম্বৰম সুব্ৰমনিয়াম

ভাৰতীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী

চিদাম্বৰম সুব্ৰমনিয়াম (ইংৰাজী: Chidambaram Subramaniam; ৩০ জানুৱাৰী ১৯১০ – ৭ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ কেন্দ্ৰীয় চৰকাৰত কৃষি, বিত্ত আৰু ৰক্ষা মন্ত্ৰণালয়ৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহন কৰিছিল। পিছলৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে দায়িত্ব পালন কৰিছিল। তেওঁ ভাৰতৰ খাদ্য আৰু কৃষিমন্ত্ৰী হৈ থাকোঁতে ভাৰতক খাদ্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰিবলৈ এম. এছ. স্বামীনাথন, বি. শিৱৰমণ আৰু নৰ্মান ই. বৰলুঙৰ সৈতে ভাৰতত সেউজ বিপ্লৱৰ সূচনা কৰিছিল।[1] তেওঁক ভাৰত চৰকাৰে সেউজ বিপ্লৱত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ১৯৯৮ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।

চিদাম্বৰম সুব্ৰমনিয়াম
ভাৰতৰ কৃষিমন্ত্ৰী
কাৰ্যকাল
১৯৬৪ – ১৯৬৬
প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰী
পূৰ্বসূৰী স্বৰ্ণ সিং
উত্তৰসূৰী জগজীৱন ৰাম
পৰিকল্পনা আয়োগৰ উপ-সভাপতি
কাৰ্যকাল
২ মে' ১৯৭১ – ২২ জুলাই ১৯৭২
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী
পূৰ্বসূৰী ডি.আৰ. গাডগিল
উত্তৰসূৰী দুৰ্গা প্ৰসাদ ধাৰ
ভাৰতৰ বিত্তমন্ত্ৰী
কাৰ্যকাল
১৯৭৫ – ১৯৭৭
প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী
পূৰ্বসূৰী যশৱন্তৰাও চৌহান
উত্তৰসূৰী হৰিভাই এম. পেটেল
ভাৰতৰ ৰক্ষামন্ত্ৰী
কাৰ্যকাল
২৮ জুলাই ১৯৭৯ – ১৪ জানুৱাৰী ১৯৮০
প্ৰধানমন্ত্ৰী চৰণ সিং
পূৰ্বসূৰী জগজীৱন ৰাম
উত্তৰসূৰী ইন্দিৰা গান্ধী
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল
কাৰ্যকাল
১৫ ফেব্ৰুৱাৰী ১৯৯০ – ৯ জানুৱাৰী ১৯৯৩
পূৰ্বসূৰী কাশু ব্ৰহ্মনন্দ ৰেড্ডী
উত্তৰসূৰী পি.চি. আলেকজেণ্ডাৰ
ব্যক্তিগত তথ্য
জন্ম ৩০ জানুৱাৰী, ১৯১০
মৃত্যু ০৭ নৱেম্বৰ, ২০০০ (৯০ বছৰ)
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
শিক্ষানুষ্ঠান মাদ্ৰাজ বিশ্ববিদ্যালয়
পুৰস্কাৰ ভাৰত ৰত্ন (১৯৯৮)

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

সম্পাদনা কৰক

১৯১০ চনৰ ৩০ জানুৱাৰী তাৰিখে তামিলনাডুৰ কৈম্বটোৰ জিলাৰ পলাচীত চিদাম্বৰম সুব্ৰমনিয়ামৰ জন্ম হৈছিল।[2] তেওঁ প্ৰাৰম্ভিক শিক্ষা পলাচীত গ্ৰহণ কৰি চেন্নাইলৈ যায়। তাত তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ একে বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত মাদ্ৰাজ আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।[3] তেওঁৰ খুড়া স্বামী স্বামীনাথন তেওঁৰ আদৰ্শ ব্যক্তি আছিল।

ৰাজনৈতিক জীৱন

সম্পাদনা কৰক

প্ৰাৰম্ভিক কালছোৱা

সম্পাদনা কৰক

তেওঁ মহাবিদ্যালয়ত পঢ়ি থাকোঁতে ব্ৰিটিছৰ বিৰুদ্ধে আইন অমান্য আন্দোলনত যোগ দিছিল। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ কাৰাবাস খাটিছিল।[2] পিছলৈ তেওঁ সংবিধান সভালৈ নিৰ্বাচিত হয় আৰু ভাৰতৰ সংবিধানৰ প্ৰস্তুতকৰণত নিজৰ অৰিহণা আগবঢ়ায়। ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁ ১৯৫২ চনৰ পৰা ১৯৬২ চনলৈ মাদ্ৰাজ ষ্টেটত মুখ্যমন্ত্ৰী চক্ৰৱৰ্তী ৰাজাগোপালচাৰী আৰু কে কামৰাজৰ কেবিনেটত শিক্ষা, আইন আৰু বিত্ত বিভাগৰ মন্ত্ৰী আছিল। এই কালছোৱাত তেওঁ মাদ্ৰাজ বিধানসভাৰ নেতা আছিল। ১৯৬২ চনত তেওঁ লোকসভালৈ নিৰ্বাচিত হয় আৰু কেন্দ্ৰীয় চৰকাৰৰ তীখা আৰু খনিমন্ত্ৰীৰ পদত নিযুক্ত হয়। তাৰপিছত তেওঁ ভাৰতৰ কৃষি মন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰে। ২ মে' ১৯৭১ চনৰ পৰা ২২ জুলাই ১৯৭২ চনলৈ তেওঁ ভাৰতৰ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ আছিল।

সেউজ বিপ্লৱ

সম্পাদনা কৰক

তেওঁ এম. এছ. স্বামীনাথন আৰু বি. শিৱৰমনৰ সৈতে ভাৰতীয় কৃষিব্যৱস্থাৰ আধুনিকীকৰণৰ বাবে জনা যায়। তেওঁলোকৰ আঁচনিৰ সঠিক ৰূপায়ণৰ বাবে ১৯৭২ চনত ভাৰতত সৰ্বকালৰ অভিলেখ ভংগ কৰা ঘেঁহুৰ উৎপাদন হৈছিল। খাদ্য আৰু কৃষি মন্ত্ৰী হিচাপে তেওঁ ভাৰতত উচ্চ উৎপাদনক্ষম বীজৰ জাত, সাৰ আৰু কৃষিক্ষেত্ৰত ন-ন প্ৰযুক্তিৰ ব্যৱহাৰৰ সূচনা কৰিছিল। ইয়াৰ ফলত ভাৰত খাদ্যশস্য উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হৈ পৰে।[1]

তেওঁ ভাৰতীয় শ্বেত বিপ্লৱৰ জনক ভাৰ্গিজ কুৰিয়েনআমুলৰ অধ্যক্ষ হিচাপে নিয়োগ কৰিছিল। তেওঁ চেন্নাইত ৰাষ্ট্ৰীয় কৃষি ফাউণ্ডেচন আৰু তিৰুচিৰাপল্লীত ভাৰতীদৰ্শন ব্যৱস্থাপনা প্ৰতিষ্ঠান স্থাপন কৰিছিল।[4]

বিত্ত মন্ত্ৰালয় আৰু অপাতকাল

সম্পাদনা কৰক

১৯৬৯ চনত কংগ্ৰেছৰ বিভাজন হোৱাত ইন্দিৰা গান্ধীয়ে আৰম্ভ কৰা কংগ্ৰেছ-১ৰ তেওঁ অধ্যক্ষ আছিল। পিছলৈ তেওঁ ইন্দিৰা গান্ধীৰ কেবিনেটত বিত্ত মন্ত্ৰীৰ দায়িত্বভাৰ লাভ কৰে। এই সময়ত তেওঁ ভাৰতীয় মুদ্ৰাৰ মূল্য কম কৰাৰ দৰে ব্যৱস্থা হাতত লয়। তেওঁ ১৯৭৬ চনত অপাতকালৰ সময়ত ভাৰতৰ বিত্তমন্ত্ৰী আছিল।[3] আপাতকালৰ পিছত তেওঁ ইন্দিৰা গান্ধীৰ কংগ্ৰেছ এৰি দেৱৰাজ উৰ্ছ আৰু কাশু ব্ৰহ্মানন্দ ৰেড্ডীৰ কংগ্ৰেছত যোগ দিয়ে।

পিছৰ কালছোৱা

সম্পাদনা কৰক

তেওঁ ১৯৭৯ চনত চৰণ সিংৰ কেবিনেটত ৰক্ষামন্ত্ৰী আছিল। ১৯৯০ চনত তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল।[5]

২০০০ চনৰ ৭ নৱেম্বৰ তাৰিখে ৯০ বছৰ বয়সত চিদাম্বৰম সুব্ৰমনিয়ামৰ মৃত্যু হয়।

বঁটা আৰু সন্মান

সম্পাদনা কৰক
 
ডাক টিকটত চিদাম্বৰম সুব্ৰমনিয়াম
  • ভাৰত ৰত্ন, ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান, ১৯৯৮[6]
  • ৱাই. বি. চৌহান ৰাষ্ট্ৰীয় একত্ৰীকৰণ বঁটা[7]
  • ইউ ঠান্ত শান্তি বঁটা, ১৯৯৬
  • নৰ্মান বৰলুং বঁটা, ১৯৯৬[2]
  • অনুব্ৰত বঁটা, ১৯৮৮[1]

২০১০ চনৰ আগষ্ট মাহত ভাৰত চৰকাৰে তেওঁৰ স্মৃতিত এটি মুদ্ৰা প্ৰচলন কৰিছিল।[8] একেবছৰে ভাৰতীয় ডাক বিভাগে তেওঁৰ স্মৃতিত এক ডাক টিকট প্ৰচলন কৰে।

গ্ৰন্থৰাজি

সম্পাদনা কৰক
  • দা নিউ ষ্ট্ৰেতেজী ইন ইণ্ডিয়ান এগ্ৰীকাল্চাৰ
  • চাম কাউন্ত্ৰীজ হুইছ আই ভিজিটেড ৰাউণ্ড দা ৱৰ্ল্ড
  • ইণ্ডিয়া অফ মাই ড্ৰিমছ
  1. 1.0 1.1 1.2 "C. Subramaniam, bio data". Rajbhavan, Maharashra state, India. Archived from the original on 7 April 2013. https://web.archive.org/web/20130407175423/http://rajbhavan.maharashtra.gov.in/previous/subramaniambiodata.htm. 
  2. 2.0 2.1 2.2 "CS ushered in Green Revolution". The Hindu (India). 8 November 2000. Archived from the original on 25 January 2013. https://archive.today/20130125062656/http://hindu.com/thehindu/2000/11/08/stories/01080009.htm। আহৰণ কৰা হৈছে: 28 October 2011. 
  3. 3.0 3.1 "A visionary and a statesman". Frontline (India). 20 March 1998. http://www.hindu.com/fline/fl1505/15051130.htm। আহৰণ কৰা হৈছে: 28 October 2011. 
  4. "More light on personal facets of C. Subramaniam". The Hindu (Chennai, India). 31 October 2010. http://www.thehindu.com/news/states/tamil-nadu/article859941.ece। আহৰণ কৰা হৈছে: 28 October 2011. 
  5. "C Subramaniam resigns". http://www.fact-index.com/c/c_/c_subramaniam.html. 
  6. "C.Subramaniam awarded Bharat Ratna". Rediff. 18 February 1998. Archived from the original on 3 February 2014. https://web.archive.org/web/20140203092215/http://www.rediff.com/news/1998/feb/18cs.htm। আহৰণ কৰা হৈছে: 28 October 2011. 
  7. "C Subramaniam passes away". Business Line (India). 8 November 2000. http://www.thehindubusinessline.in/2000/11/08/stories/14085505.htm। আহৰণ কৰা হৈছে: 28 October 2011. 
  8. "Yeoman services rendered by Subramaniam to nation recalled". The Hindu (India). 28 August 2010. http://www.thehindu.com/news/states/tamil-nadu/article600536.ece। আহৰণ কৰা হৈছে: 28 October 2011. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক