চিন্ময় বাৰ্মা

অসমৰ এজন চিত্ৰকৰ আৰু পৰিচালক

চিন্ময় বাৰ্মা (ইংৰাজী: Chinmoy Barma) হৈছে অসমৰ এজন পৰিচালক। ১৯৯৩ চনৰ ৭ আগষ্টত নলবাৰী জিলাত বাৰ্মাৰ জন্ম হয়।[1]

চিন্ময় বাৰ্মা
জন্ম ৭ আগষ্ট, ১৯৯৩ (৩০ বছৰ)
নলবাৰী জিলা, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা অভিযন্তা (অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়)
ধৰণ ভৌতিক, কাল্পনিক
উল্লেখনীয় কৰ্মৰাজি যখিনী, ঘোঁৰাপাক, অহল্যা

প্ৰাথমিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

তেখেতে প্ৰাৰম্ভিক অৱস্থাত শংকৰদেৱ শিশু নিকেতন, নলবাৰীত নামভৰ্তি হয় আৰু সেইখনৰ পৰাই ২০১০ চনত অসমৰ মাধ্যমিক শিক্ষা ব’ৰ্ড (SEBA)ৰ দ্বাৰা পৰিচালিত HSLC (High School Leaving Certificate) পৰীক্ষাত অসমৰ ভিতৰত ৭ম স্থান অধিকাৰ কৰিছিল।[2][3]

পৰবৰ্তী কালত, তেখেতে গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত কটন বিশ্ববিদ্যালয় (তেতিয়াৰ কটন কলেজ)ৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰে। তেখেতে (অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়)ৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী (ইঞ্জিনিয়াৰিং) সম্পূৰ্ণ কৰিছিল।[2][4]

কৰ্মজীৱন সম্পাদনা কৰক

শৈক্ষিক জীৱন সমাপ্ত হোৱাৰ পিছত তেখেতে নতুন-দিল্লীত পেছাদাৰী জীৱনৰ আৰম্ভনি কৰে। এইখিনি সময়ছোৱাত তেখেতে আৰ্তজনৰ সেৱা কৰিবলৈ এখন বেচৰকাৰী সংস্থা (এন জি অ’) চেপ্তাৰ মূৰব্বী হিচাপে যোগদান কৰে, য’ত তেখেতে আৰ্ত শিশুসকলক সহায় আৰু শিক্ষা প্ৰদানত মনোনিবেশ কৰিছিল। তেখেতৰ চুটি ছবিসমূহত মূলতঃ অসমৰ ভৌতিক জগতক চিত্ৰিত কৰা হয়।[5][4]

তেখেতে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত অসমীয়া লোককথাৰ বিভিন্ন ভূত-প্ৰেত আৰু জনপ্ৰিয় কিংবদন্তিসমূহৰ কাল্পনিক চিত্ৰ অংকন কৰে। ছ’চিয়েল মিডিয়াত অতি নিমিষতে জনপ্ৰিয় হৈ পৰা তেখেতৰ চিত্ৰকল্পই বহুতৰে বিশেষকৈ শিল্পপ্ৰেমীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল।[4][6][7]

সৃষ্টিৰাজি সম্পাদনা কৰক

নং নাম বৰ্ষ অভিনয়ত উৎস
ঘোঁৰাপাক ২০২০ বেদব্ৰত বৰুৱা [8][9]
যখিনী ২০২২ বেদব্ৰত বৰুৱা,
জ্যোতিশ্ৰী আৰ ইউ বৈশ্য
[10]
অহম ২০২২ ত্ৰিনয়ন ডেকা,
জয়শ্ৰী পাটগিৰি
[11]
বুঢ়ী আইৰ সাধু ২০২৪
মৰমে ৰিঙিয়াই ২০১৯ বিৰেণ দাস [12]
হিজৰা ২০২৪ জানকী শৰ্মা,
উদয়ন দুৱৰা
[13]
তেজৰ টুকুৰা ২০২৩ দিক্ষিতা ৰাজবংশী [11]
সাঁথৰ ২০১৬ অৰ্ণৱ জ্যোতি আৰ্য্য,
সত্যেন দত্ত
[11]
অহল্যা ২০২৩ সমীক্ষা দাস,
চন্দ্ৰাংকী ডেকা,
কৰণ কুমাৰ দাস,
দিক্ষীতা ৰাজবংশী
[14]

সাফল্য সম্পাদনা কৰক

তেখেতৰ দ্বাৰা পৰিচালিত অহল্যা নামৰ চুটি ছবিখনে শেহতীয়াকৈ ইণ্ডো-ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩, ত নিৰ্বাক ছবিৰ শিতানত শ্ৰেষ্ঠ ছবি হিচাপে বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।[15][14]

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "শৈশৱত শুনা জীঁয়া কাহিনীৰে চিন্ময় বাৰ্মাৰ “ঘোঁৰাপাক”-". ৰূপালী পৰ্দা. https://rupaliparda.com/archives/18239. 
  2. 2.0 2.1 "কল্পনা নহয়, বুঢ়া ডাঙৰীয়া, পিশাচ, বাক সকলোবোৰেই জীৱন্ত…আইতা-ককাৰ মুখে". Asom live24. https://asomlive24.com/%E0%A6%95%E0%A6%B2%E0%A7%8D%E0%A6%AA%E0%A6%A8%E0%A6%BE-%E0%A6%A8%E0%A6%B9%E0%A7%9F-%E0%A6%AC%E0%A7%81%E0%A7%9D%E0%A6%BE%E0%A6%A1%E0%A6%BE%E0%A6%99%E0%A7%B0%E0%A7%80%E0%A7%9F%E0%A6%BE-%E0%A6%AA/. 
  3. "From bloodthirsty Pixaas to Jokhini: Assam Youth Makes AI-Generated Art Depicting Ghosts from Assamese Folklore". News Live. https://newslivetv.com/from-bloodthirsty-pixaas-to-jokhini-assam-youth-makes-ai-generated-art-depicting-ghosts-from-assamese-folklore/. 
  4. 4.0 4.1 4.2 "Engineers using AI to create art series from Assamese folk tales". Times of India. https://m.timesofindia.com/city/guwahati/engineer-uses-ai-to-create-art-series-from-assamese-folk-tales/articleshow/99600588.cms. 
  5. "Puppetry, Occultism & Symbolism: All Strings Attached with Assam Filmmaker's Latest Opus". India Today. https://www.indiatodayne.in/assam/story/assam-filmmakers-latest-opus-414022-2021-07-04. 
  6. "From bloodthirsty Pixaas to Jokhini: AI artist's spooky depiction of ghosts from Assam folklore goes viral". Indian Express. https://indianexpress.com/article/trending/trending-in-india/ai-artists-spooky-depiction-of-ghosts-from-assam-folklore-8513929/lite/. 
  7. "Ghosts of Assamese Folklore Sighted in Digital Form with AI Art". The Hindu. https://www.thehindu.com/news/national/other-states/assams-ghosts-take-digital-form-with-ai-art/article66649390.ece. 
  8. "Ghorapak, Ojapali and More: Exploration of a Mechanical Engineer". Northeast Today. https://www.northeasttoday.in/2020/08/24/ghorapak-ojapali-and-more-exploration-of-a-mechanical-engineer. 
  9. "চিন্ময় বাৰ্মা ‘যখিনী’, মুক্তিৰ বাবে অপেক্ষাৰত ৰাইজ". Assam Time Post. https://assamtimespost.in/?p=60793. 
  10. "যখিনীক লৈয়ে নিৰ্মাণ এখন চুটি ছবিঃ নৱপ্ৰজন্মৰ পৰিচালক চিন্ময় বাৰ্মাৰ নতুন পৰিকল্পনা". assamtimespost.in. https://assamtimespost.in/?p=95641. 
  11. 11.0 11.1 11.2 "Chinmoy Barma's Endeavour to Promote Assamese Folklore". Pratidin Time. https://www.pratidintime.com/pratidin-exclusive/chinmoy-barmas-endeavour-to-promote-assamese-folklore. 
  12. "চুটি ছবিলৈ বাঢ়িছে দৰ্শকৰ টানঃ চিন্ময় বাৰ্মাৰ চুটি ছবিৰ চলিছে চৰ্চা". Rupali Parda. https://rupaliparda.com/archives/17994. 
  13. "Hijra! নৱপ্ৰজন্মৰ পৰিচালক চিন্ময় বাৰ্মাৰ “হিজৰা” মুক্তিৰ বাবে সাজু". Assam Times Post. https://assamtimespost.in/?p=99095. 
  14. 14.0 14.1 "ইণ্ডো-ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৩ত উজলিল যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ 'অহল্যা'". প্ৰতিদিন টাইমছ. https://www.asomiyapratidin.in/assam/young-director-chinmoy-vermas-ahalya-at-indo-french-international-film-festival-2023. 
  15. "ইণ্ডো-ফ্ৰান্স আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলিল যুৱ পৰিচালক চিন্ময় বাৰ্মাৰ ‘অহল্যা’". voice24x7.in. https://voice24x7.in/entertainment/young-director-chinmoy-burmas-ahalya-shines-at-the-indo-french-international-film-festival/. 

বাহ্যিক সংযোগ সম্পাদনা কৰক