চিৰ এলাগী মোৰ ভাষা ফেদেলী
চিৰ এলাগী মোৰ ভাষা ফেদেলী প্ৰয়াত দেৱেন দত্তই অসমীয়া ভাষাটোৰ ক্ষেত্ৰত ঘটি থকা অনেক বিসঙ্গতি আঙুলিয়াই ভাষাটোৰ শুদ্ধতাৰ বাবে সুদীৰ্ঘ কালৰ ভিতৰত বিভিন্ন কাকত আৰু আলোচনীত ওলোৱা বিভিন্ন প্ৰৱন্ধৰ দুটা খণ্ডত প্ৰকাশিত এক সঙ্কলন। কটন কলেজৰ ইংৰাজী বিষয়ৰ শিক্ষক আছিল যদিও অসমীয়া ভাষাৰ উত্তৰণ আৰু শুদ্ধতাৰ বাবে তেখেতে অহোপুৰুষাৰ্থ কৰিছিল ৷ দুয়োটা খণ্ড ২০১৫ চনত একত্ৰে প্ৰকাশ কৰা হয় আৰু গ্ৰন্থখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ৪০০। এই গ্ৰন্থখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০১৫ চনৰ ডিচেম্বৰ মাহত আৰু তৃতীয়টো প্ৰকাশ কৰে Pee Gee India প্ৰকাশনে ২০১৭ চনৰ নৱেম্বৰ মাহত।
লেখকৰ পৰিচয়
সম্পাদনা কৰকদেৱেন দত্ত[1] (ইংৰাজী: Deven Dutta) অসমৰ এগৰাকী লেখক, শিক্ষাবিদ আৰু সক্ৰিয় ৰাজহুৱা কৰ্মী আছিল। কটন কলেজৰ উপাধ্যক্ষ ৰূপে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ সক্ৰিয় ৰাজনীতিৰ সৈতেও জড়িত আছিল আৰু গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। ভাষাৰ শুদ্ধ উচ্চাৰণৰ ক্ষেত্ৰত তেওঁ জোৰ দিছিল। স্পষ্টবাদী বুলি তেওঁৰ নাম আছিল আৰু দৈনিক কাকতত তেওঁ অকুতোভয় শীৰ্ষকেৰে নিয়মীয়া কলম লেখিছিল।
বিষয়বস্তু
সম্পাদনা কৰকব্যক্তি মাত্ৰেই নিজ মাতৃ ভাষা নিজ মাতৃ দুগ্ধৰ সমান। দেৱেন দত্তৰ মতে "যি লোকে নিজৰ মাতৃ ভাষা ভালদৰে আয়ত্ব কৰিব নোৱাৰে, সেই লোকে পৃথিৱীৰ আন একো ভাষা ভালদৰে আয়ত্ব কৰিব নোৱাৰে।"[2] অসমীয়া ভাষাত প্ৰকাশিত বাতৰি কাকত, আলোচনী, কিতাপ আদিত সততে ভুলকৈ লিখা বানান আৰু শব্দৰ এক মান্যতা/শুদ্ধ ৰূপ দিবলৈ তেখেতে অহৰহ লিখা প্ৰৱন্ধবোৰ সংকলিত কৰি গ্ৰন্থখনি প্ৰকাশ কৰিছে। ভাষাৰ শুদ্ধতা সম্পৰ্কীয় এি গ্ৰন্থখনৰ দুয়োটা খণ্ডতে সচৰাচৰ মৌখিক আৰু লিখিত দুয়োটা ক্ষেত্ৰতে হৈ থকা ভাষাৰ বেমেজালিসমূহ আঙুলিয়াই শুদ্ধ ৰূপসমূহ আগবঢ়োৱা হৈছে। ভুল-ভ্ৰান্তিসমূহ সম্পৰ্কত পাঠকক সচেতন কৰিবৰ বাবে সমসাময়িক বিবিধ সামাজিক সমস্যাৰ প্ৰসঙ্গ উত্থাপনৰ যোগেদি হাস্য-ব্যঙ্গ-শ্লেষ সকলো ৰস প্ৰয়োগ কৰা হৈছে । প্ৰকাশিকাৰ মতে "বহু ক্ষেত্ৰত মেলেৰিয়াৰ নিৰাময়ৰ বাবে কুইনাইনৰ দৰে তিতা ঔষধ ব্যৱহৃত হোৱাৰ দৰে ভুল ভাষা বৰ্জনৰ বাবেও দিক্ নিৰ্দেশনাত কঠোৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে"[3]। তেখেতৰ গ্ৰন্থখনিৰ বিষয়ে ড০ হীৰেন গোহাঁইয়ে লিখিছে "সমাজ-হিতৈষী, দেশপ্ৰেমিক অসমীয়া, অধ্যাপক দেৱেন দত্তৰ ওচৰত সমগ্ৰ অসমীয়া জাতি কেইবাটাও কাৰণত ঋণী। তাৰে এটা কাৰণ হৈছে অসমীয়া ভাষাৰ সাম্প্ৰতিক গঢ়-গতিৰ ওপৰত অক্লান্ত প্ৰহৰীৰ দৰে তেখেতে ৰখা নিৰীক্ষণ"[4]।
প্ৰৱন্ধমূহৰ তালিকা
সম্পাদনা কৰকগ্ৰন্থখনিত মুঠ ৭৮ টা প্ৰৱন্ধ সংকলিত হৈছে। সেই কেইটা হৈছে (শিৰোনামৰ শেষত প্ৰৱন্ধটোৰ আৰম্ভণিৰ পৃষ্ঠা সংখ্যা দিয়া হৈছে) -
- চিৰ এলাগী মোৰ ভাষা ফেদেলী / ২৫
- নতুন অসমীয়া বর্ণমালা / ৩৪
- সংবাদপত্র, দূৰদৰ্শন আৰু আকাশবাণীৰ ভাষা / ৩৭
- অ'-ধ্বনি, এ'-ধ্বনিৰ কথা: ঊর্ধ্বকমাৰ মহিমা / ৪৬
- 'মোৰ বিদ্যালয়'ৰ বিষয়ে এখন ৰচনা / ৬০
- ট-ত শাস্ত্রঃ অথ শ্রী 'মুধনিয়া' আৰু শ্রী 'দন্তিয়া' কথা / ৬৪
- ঠ-থ, ড-দ, ঢ-ধ কথা/ ৭০
- ণ-ন কথা/ ৭৫
- অথ ট-ত আৰু 'হচন্তিয়া' কথা / ৮০
- ওলোটা পুৰাণঃ ণ আৰু ন / ৮৩
- আধোনিক অসমীয়া ওচ্চাৰণ অনোসাৰে বাক্য ৰচনা / ৯০
- বাংলাৰ অশুভ প্রভাৱত অসমীয়াত 'ৰ্য্য'ৰ ঠাইত 'য' আৰু 'ৰ্ঘ' / ৯৩
- অসমীয়া ভাষাৰ ব্যৱহাৰত বিশৃঙ্খলা / ৯৮
- বিৰ্-ৰাট টোপনি, বৈদ্য পিটন, যথেষ্ট বদমাছ, দুর্দান্ত কপৌ / ১০৩
- দোষ চিকাৰ, লুকগীত, হস্তীবিদ্যাবর্ণঃ কেনে শুনিছে? / ১০৮
- পাতাকা, অধোন্নতি, দৈত্য সঙ্গীত, বিদেশী আত্মাৰ সদগতি / ১১২
- 'ক্ষীণ ছাইস্থ', 'সুলভ মূল্য', 'লাখ লাখ ধন' / ১১৬
- 'সৌজন্যত' আৰু 'ওপৰত' / ১২০
- ২ মন্ত্রী, ৩ যুৱতী, ৫ আলফা, ৮ শ্রমিক / ১২৪
- 'জোৰপুখুৰী', 'জোৰহাট', 'জোৰ' পুৰি হাত পালেহি / ১২৮
- টোপধ্বনি, কেইবালাখো ধন ইত্যাদি / ১৩২
- বাতৰি কাকতত অসমীয়া ভাষাৰ বিলৈ / ১৩৫
- বাতৰি কাকতৰ চন্দ্ৰবিন্দু/১৪৭
- 'বার্মা'ও নহয়, 'ভার্মা'ও নহয় / ১৫৫
- অপশব্দ, অপব্যৱহৃত শব্দ আৰু বর্জনীয় দ্বিত্ব/১৫৮
- 'সাময়িকী'ত 'হৰেণ', 'পানবজাৰ', ইত্যাদি / ১৬৩
- ইন্দৰ, হৰিন্দৰ, মিখাইল, ইস্কণ্ডৰ আদি / ১৬৭
- ৰে'ফৰ পিছৰ দ্বিত্ব / ১৬৯
- সয়্ত্ত , তয়্ত্থ, বায়্ধ্ব, প্ৰায়্প্প / ১৭৩
- 'শাসনাধিষ্ঠ', দাঙিব পৰা শিলকো পৰি নমস্কাৰ / ১৭৭
- ছিঙি-ছিগি, ফালি-ফাটি, ভাঙি-ভাগি / ১৮০
- অসমীয়াৰ ওপৰত হিন্দী আৰু ইংৰাজীৰ অহৈতুকী প্ৰভাৱ / ১৮৪
- অসমীয়া ভাষাৰ ওপৰত অবাঞ্ছিত প্ৰভাৱ / ১৯২
- ভাষা জননীৰ গালত পূৰ্ণহতীয়া চৰ / ১৯৫
- 'ফৌথাৰ' সম্পৰ্কে / ১৯৮
- সব্্জী লাগে? সব্্জী ? / ২০০
- ভাষা বিভ্রাট আৰু অসমীয়া অর্থনীতি/ ২০৫
- অসমীয়া বানান-বিভ্রাট আৰু লিখকৰ সচেতনতা / ২১১
- ভাষাৰ অৰাজকতা / ২১৫
- অসমীয়া ভাষাত দ্বিৰুক্তিৰ অত্যাচাৰ / ২১৮
- সাহিত্য সভাই নিজৰ গাতে চিকুটি চাওক / ২২৪
- উদ্ভট বাক্য গাঁথনিৰেঃ এনেকৈয়ে নেকি 'অসমীয়া ভাষা জগত-সভালৈ যাব? / ২৩০
- এনেখন জধলা, এনেখন নেওচা যোৱা দেশ/চিৰ ফেদেলী মোৰ ভাষা জননী (১) / ২৩৫
- এনেখন জধলা, এনেখন নেওচা যোৱা দেশ/চিৰ ফেদেলী মোৰ ভাষা জননী (২) / ২৩৮
- সংবাদ মাধ্যমত অসমীয়া ভাষাৰ বিপদ ঘণ্টা / ২৪১
- সাংবাদিকসকল অলপ সতর্ক হ'বনে ? / ২৪৭
- সাংবাদিকসকললৈ বুলি আৰু একাষাৰ / ২৫২
- অসম ৰাজ্য ভাষা আইন প্ৰত্যাহাৰ কৰি ইংৰাজীক ৰাজ্য ভাষা কৰক / ২৫৭
- অসমীয়াত ধ্বনিসূচক ঊর্ধ্বকমাৰ বিভঞ্জ নৃত্য / ২৬২
- হেৰাই-হেৰুৱাই, পলাই-পলুৱাই ইত্যাদি / ২৬৭
- কি 'তে'জপুৰ', কিহৰ 'হেন্দিক' / ২৭৩
- জোলোঙাৰ মেকুৰী চাওক/অস-৪, বাং-৪, হিন্দী-৪ৰ ভেলেকি বাজি / ২৭৭
- গঙ্গোপাধ্যায়, মাতৃ ভাষা আৰু অসমীয়া / ২৮১
- 'হীৰেণ', ৱিলিয়াম্ছন, ভেলী স্কুল ইত্যাদি / ২৮৫
- 'পোন্ধৰশ শতিকা' ইত্যাদি / ২৮৯
- ক'লেও লেঠা, নক'লেও লেঠা / ২৯৩
- তোমাৰ নাম কি ? পী; আপোনাৰ একা ? এইচ্ / ২৯৭
- "জয়", "সাধিনী", "জুৰী", "ৰিলায়েঞ্চ্", "এম্বুলেঞ্চ্" ইত্যাদি / ৩০৫
- 'তা' প্রত্যয়ৰ তাণ্ডৱত লেবেজান চকু-কাণ: 'ঐক্যতা', 'দৈন্যতা',/৩১০
- বাংলাৰ অন্ধ অনুকৰণত ঊর্ধ্বকমা পলাই ফাট / ৩১৪
- 'দ্বিৰুক্তিৰ কোলাহলত বিদীর্ণ কর্ণপটহ / ৩১৯
- উৎ-SAW, উৎ-SAV, উৎ-SAH ইত্যাদি / ৩২৩
- অপশব্দৰ খুন্দাত শব্দৰ যাতনা / ৩২৬
- অপশব্দৰ বিষয়ে আৰু অলপ / ৩২৯
- মুখ্য মন্ত্রী আদিৰ ভাষাৰ নমুনা / ৩৩৪
- মাতৃ ভাষা মাধ্যমৰ বিদ্যালয় আৰু সৰ্বভাৰতীয় সেৱা / ৩৩৯
- শতবার্ষিকীত ভূ-লুণ্ঠিত মাতৃ ভাষা / ৩৪৩
- মাতৃ ভাষাৰ উচ্চাৰণত লজ্জাহীন আচৰণঃ চেনাই মই যাওঁ দেই / ৩৫০
- 'পাৰ্' ধাতু ক'ত "হাৱা" হ'ল ?... /৩৫৬
- 'সুলভ মূল্য', 'সাময়িকভাবে স্থাগিত', 'মানুহৰ পৰিমাণ' ইত্যাদি / ৩৬২
- "সৰস্বতী কুইন" আৰু কিছুমান "অশ্লীল" অসমীয়া শব্দ / ৩৬৮
- পাঠকক হেনো অসমীয়া 'অশ্লীল' শব্দ আৰু লাগে / ৩৭২
- অসমীয়া ভাষাত বাংলাৰ অহৈতুকী প্রভাৱ / ৩৭৫
- বাংলাৰ অহৈতুকী প্ৰভাৱত “ঘৰত যাওঁ” / ৩৮১
- শিক্ষক-ছাত্র-সাংবাদিকে এইবোৰ একো নাজানে, নপঢ়ে, নুবুজে নেকি ? (১) / ৩৮৩
- শিক্ষক-ছাত্র-সাংবাদিকে এইবোৰ একো নাজানে, নপঢ়ে, নুবুজে নেকি ? (২) / ৩৮৭
- শিক্ষক-ছাত্র-সাংবাদিকে এইবোৰ একো নাজানে, নপঢ়ে, নুবুজে নেকি ? (৩) / ৩৯১
- ৰাজ্য ভাষা প্রয়োগঃ বৰঘৰৰ কথা / চিৰ চেনেহী মোৰ বিলাতী জননী / ৩৯৭
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ দেবেন দত্ত
- ↑ দেবেন দত্ত (২০১৭). চিৰ চেনেহী মোৰ ভাষা জননী. Pee Gee India. পৃষ্ঠা. ৭. ISBN 978-81-925486-8-5.
- ↑ দেবেন দত্ত (২০১৭). চিৰ চেনেহী মোৰ ভাষা জননী. Pee Gee India. পৃষ্ঠা. ১১. ISBN 978-81-925486-8-5.
- ↑ দেবেন দত্ত (২০১৭). চিৰ চেনেহী মোৰ ভাষা জননী. Pee Gee India. পৃষ্ঠা. ১৫. ISBN 978-81-925486-8-5.