দেৱেন দত্ত (ইংৰাজী: Deven Dutta) অসমৰ এগৰাকী লেখক, শিক্ষাবিদ আৰু সক্ৰিয় ৰাজহুৱা কৰ্মী আছিল।[1] কটন কলেজৰ উপাধ্যক্ষ ৰূপে তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ সক্ৰিয় ৰাজনীতিৰ সৈতেও জড়িত আছিল আৰু গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।[2] ভাষাৰ শুদ্ধ উচ্চাৰণৰ ক্ষেত্ৰত তেওঁ জোৰ দিছিল। স্পষ্টবাদী বুলি তেওঁৰ নাম আছিল আৰু দৈনিক কাকতত তেওঁ অকুতোভয় শীৰ্ষকেৰে নিয়মীয়া কলম লেখিছিল।

দেৱেন দত্ত
জন্ম ৫ এপ্ৰিল, ১৯৪৪
নাজিৰা, শিৱসাগৰ, অসম
মৃত্যু ১৭ আগষ্ট, ২০২৩ (৭৯ বছৰ)
গুৱাহাটী চিকিৎসা মহাবিদ্যলয়, গুৱাহাটী
পেচা শিক্ষাবিদ, ৰাজহুৱা কৰ্মী, লেখক
ভাষা অসমীয়া
আত্মীয়-স্বজন নিবাৰণ বৰা, অৰুন্ধতী দত্ত

জন্ম সম্পাদনা কৰক

১৯৪৪ চনৰ ৫ এপ্ৰিল তাৰিখে শিৱসাগৰ জিলাৰ নাজিৰাত দেৱেন দত্তৰ জন্ম হৈছিল।[1]

শিক্ষা আৰু কৰ্মজীৱন সম্পাদনা কৰক

কটন কলেজৰপৰা স্নাতক পৰীক্ষাত উৰ্ত্তীণ হৈ দত্তই ১৯৬৫ চনত দিল্লীৰ ৰামযাস কলেজৰপৰা ইংৰাজী বিষয়ত স্নাত্তকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু কটন কলেজত ইংৰাজী বিষয়ৰ অধ্যাপক ৰূপে মকৰল হয়।[3] কিছুবছৰ তেওঁ গড়গাঁও মহাবিদ্যালয়তো অধ্যাপনা কৰিছিল। ২০০২ চনত কটন কলেজৰ উপাধ্যক্ষ ৰূপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে আৰু গ্ৰাহক সুৰক্ষা সমিতিৰ সভাপতি ৰূপে ৰাজহুৱা জীৱন আৰম্ভ কৰে। [3] দত্তৰ সভাপতিত্বৰ সময়ছোৱাত গ্ৰাহক সুৰক্ষা সমিতিয়ে ভালেকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল আৰু নাগৰিক অধিকাৰ ৰক্ষাৰ স্বাৰ্থত কাম কৰিছিল।

প্ৰকাশিত গ্ৰন্থ সম্পাদনা কৰক

  • চিৰ এলাগী মোৰ ভাষা ফেদেলী
  • অসমীয়া ভাষাৰ ছিটিপনি

মৃত্যু সম্পাদনা কৰক

২০২৩ চনৰ ১৭ আগষ্ট তাৰিখে স্বাস্থ্য সম্পৰ্কীয় জটিলতাত ভুগি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ মৃত্যু হয়।[1][3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "শিক্ষাবিদ তথা সক্ৰিয় ৰাজহুৱা কৰ্মী দেৱেন দত্তৰ শেষ নিশ্বাস ত্যাগ". অসমীয়া প্ৰতিদিন. ১৮ আগষ্ট, ২০২৩. https://www.asomiyapratidin.in/assam/devan-dutta-passed-away। আহৰণ কৰা হৈছে: ১৮ আগষ্ট, ২০২৩. 
  2. "শিক্ষাবিদ তথা সক্ৰিয় ৰাজহুৱা কৰ্মী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান". এন ই নাও নিউজ, গুৱাহাটী. ১৮ আগষ্ট, ২০২৩. https://assam.nenow.in/noted-academician-active-social-worker-prof-deben-dutta-passes-away/। আহৰণ কৰা হৈছে: ১৮ আগষ্ট, ২০২৩. 
  3. 3.0 3.1 3.2 "Eminent Educationist and social activist Prof Deven Dutta passes away". নিউজ লাইভ. ১৮ আগষ্ট, ২০২৩. https://newslivetv.com/eminent-educationist-social-activist-prof-deven-dutta-passes-away/। আহৰণ কৰা হৈছে: ১৮ আগষ্ট, ২০২৩.