চেলিম–জাভেদ (ইংৰাজী: Salim-Javed) আছিল ভাৰতীয় চলচ্চিত্ৰ জগতত চিত্ৰনাট্য লিখাৰ এটি যুটি৷ এই যুটিটোৰ ব্যক্তি দুগৰাকী হৈছে চেলিম খান আৰু জাভেদ আখতাৰ৷ তেওঁলোকে মূলতঃ হিন্দী চিনেমাত কাম কৰিছিল। তাৰকাৰ মৰ্যাদা লাভ কৰা ভাৰতীয় চিত্ৰনাট্যকাৰৰ ভিতৰত তেওঁলোক অন্যতম৷[1][2]তেওঁলোকক "হিন্দী চিনেমাৰ শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ" হিচাপে গণ্য কৰা হয়।[3]১৯৭১ চনৰ পৰা ১৯৮৭ চনৰ ভিতৰত তেওঁলোকে একেলগে ২৪খন ছবিত কাম কৰিছিল৷ ইয়াৰে ২০খন ছবি ব্যৱসায়িক আৰু সমালোচনামূলকভাৱে সফল হৈছিল৷

চেলিম খান (বাঁওফালে) আৰু জাভেদ আখতাৰ (সোঁফালে)-চেলিম-জাভেদ যুটি হিচাপে পৰিচিত

১৯৭০ চনত চেলিম–জাভেদে ভাৰতীয় চিনেমালৈ বৈপ্লৱিক পৰিৱৰ্তন আনে৷[4]তেওঁলোৰ যুটিটো বলিউডৰ সূত্ৰৰ ৰূপান্তৰণ, পুনৰ-উদ্ভাৱন আৰু বলীউডৰ ব্লকবাষ্টাৰ ফৰ্মেটৰ পথ প্ৰদৰ্শক।[3]পূৰ্বতে বলিউডত আধিপত্য বিস্তাৰ কৰি থকা ৰোমাঞ্চধৰ্মী ছবিসমূহৰ পৰা এক উল্লেখযোগ্য বিচ্যুতি অনাত তেওঁলোক সফল হৈছিল৷ এই সমগ্ৰ সাংস্কৃতিক পৰিঘটনাৰ ভিতৰত "এংগ্ৰি ইয়ংমেন" চৰিত্ৰৰ বিন্যাস,[5] মছলা ছবি,[3] পাশ্চাত্য ধাৰাৰ ডকাইত,[6] [3] আৰু বম্বেৰ আণ্ডাৰৱৰ্ল্ড অপৰাধমূলক ছবি।[7] ১৯৮২ চনলৈকে তেওঁলোকৰ মাজত এই সংযোগ চলিছিল৷ তাৰপিছত দুয়োজনে বিভাজনৰ সিদ্ধান্ত লয়৷ পৰৱৰ্তী সময়ত জাভেদ আখতাৰে প্ৰায় ৮০খন ছবিৰ গীত আৰু ২০খন ছবিৰ চিত্ৰনাট্য লিখে৷ আনহাতে চেলিম খানে ১৯৮৩ চনৰ পৰা ১৯৯৬ চনৰ ভিতৰত ১০খন ছবিৰ চিত্ৰনাট্য লিখিছিল৷ অৱশ্যে দুখন ছবি জামানা (১৯৮৫) আৰু মিষ্টাৰ ইণ্ডিয়া (১৯৮৭)ৰ চিত্ৰনাট্য বিভাজনৰ পূৰ্বে লিখা হৈছিল আৰু তেওঁলোকৰ বিভাজনৰ পিছত ছবিত পৰিণত হৈছিল। তেওঁলোকৰ ছবিসমূহৰ বহু দক্ষিণ ভাৰতীয় পুনৰ্নিৰ্মাণ আছিল৷ সেইসমূহ ছবিয়ে পুনৰ্নিৰ্মাণৰ আধিকাৰিক অনুজ্ঞাপত্ৰ চেলিম–জাভেদৰ পৰা পোনপটীয়াকৈ লাভ কৰিছিল৷

যুটি হোৱাৰ পূৰ্বে

সম্পাদনা কৰক

চেলিম খান

সম্পাদনা কৰক

১৯৩৫ চনৰ ২৪ নৱেম্বৰত ইন্দোৰত চেলিম খানৰ জন্ম হৈছিল। পৰিচালক কে অমৰনাথে তেওঁক বিয়াত দেখাৰ পিছত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰোৱায়। তেওঁ খানক মুম্বাইলৈ আহিবলৈ ক’লে আৰু ইয়াত তেওঁক অভিনেতা হিচাপে নিযুক্তি দিলে। দৰমহা মাহে ৫০০ টকা। ইয়াৰ পূৰ্বে চেলিম খান বিভিন্ন ছবিৰ কনিষ্ঠ কুশলী আছিল যদিও এই ক্ষেত্ৰখনত তেওঁ কোনো বিশেষ স্থান দখল কৰা নাছিল। খানে সাত বছৰ ধৰি বিভিন্ন চিনেমাত, সৰু-বৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ অভিনয়ে জনসাধাৰণক আকৰ্ষিত কৰিব পৰা নাছিল৷ যাৰ ফলত তেওঁৰ কেৰিয়াৰ স্থবিৰ হৈ পৰিছিল। খানে তিছৰী মানজিল (১৯৬৬), সৰহাদি লুটেৰা (১৯৬৬) আৰু দিৱানা (১৯৬৭) আদি ছবিত অভিনয় কৰিছিল৷ ১৯৭০ চনলৈকে তেওঁ ১৪খন ছবিত অভিনয় কৰিছিল। কিন্তু তেওঁ অভিনেতা হিচাপে সফলতা লাভ কৰিব নোৱাৰিলে।

২৫খন ছবিত কাম কৰাৰ পিছত, [8]১৯৬০ চনৰ শেষৰ ফালে আৰ্থিকভাৱে সংগ্ৰাম কৰি থকা চেলিম খানে অভিনয়ৰ পৰা আঁতৰি চিত্ৰনাট্য লিখাৰ দিশত মনোযোগী হোৱাৰ সিদ্ধান্ত লয়৷ তেওঁ ৰাজকুমাৰ চেলিম নামটো ব্যৱহাৰ কৰি থাকিল। তেওঁৰ অন্যতম উল্লেখযোগ্য চলচ্চিত্ৰ চিত্ৰনাট্য আছিল দো ভাই (১৯৬৯)। তেওঁ আব্ৰাৰ আলভিৰ সৈতে লেখা সহায়ক হিচাপেও কাম কৰিবলৈ আৰম্ভ কৰে।[9]

জাভেদ আখতাৰ

সম্পাদনা কৰক

জাভেদ আখতাৰৰ জন্ম হৈছিল ১৯৪৫ চনৰ ১৭ জানুৱাৰীত। আখতাৰৰ সৃষ্টিৰাজি প্ৰধান অনুপ্ৰেৰণাৰ ভিতৰত আছিল পাকিস্তানী লেখক ইবনে-ই-ছাফী, ইমৰাণ ছিৰিজৰ গোয়েন্দা উপন্যাসৰ লগতে দিলীপ কুমাৰ অভিনীত আৰ্জু (১৯৫০)ৰ দৰে ছবি। ইয়াৰ লগতে অন্যতম আছিল আন (১৯৫২), বিমল ৰয়ৰ দো বিঘা জমিন (১৯৫৩), ৰাজ কাপুৰৰ পৰিচালনা আৰু খোৱাজা আহমদ আব্বাছৰ দ্বাৰা লিখিত শ্ৰী ৪২০ (১৯৫৫), আৰু মেহবুব খানৰ মাদাৰ ইণ্ডিয়া (১৯৫৭)[10]

১৯৬৪ চনৰ ৪ অক্টোবৰত আখতাৰ মুম্বাইত উপস্থিত হয়। তাত থকা প্ৰথম বছৰবোৰত তেওঁ ১০০ টকাৰ বিনিময়ত মাজে-সময়ে কেতিয়াবা সৰু ছবিৰ বাবে সংলাপ লিখিছিল। তেওঁ য়কিন ছবিত সংলাপ-লেখক হিচাপে চাকৰি পাইছিল যদিও ছবিখনে বিশেষ সফলতা লাভ কৰিব নোৱাৰিলে৷ ১৯৭১ চনলৈকে তেওঁ ব্যক্তিগত সফলতাৰ মুখ নেদেখিলে৷

শৈলী, বিষয়বস্তু আৰু প্ৰভাৱ

সম্পাদনা কৰক

চেলিম–জাভেদৰ ছবিসমূহে ভাৰতীয় সমাজত ব্যাপক প্ৰভাৱ পেলাইছিল৷ উপস্থাপন কৰাৰ সময়তে ১৯৭০ চনৰ ভাৰতৰ আৰ্থ-সামাজিক আৰু আৰ্থ-ৰাজনৈতিক বাতাবৰণৰ লগত প্ৰাসংগিক বিষয়বস্তু, বিশেষকৈ জৰুৰীকালীনৰ সময়ছোৱাত, যেনে- নগৰীয়া বস্তিৰ দৰিদ্ৰতা, ৰাজনৈতিক দুৰ্নীতি, আৰু সংগঠিত অপৰাধ প্ৰগতিশীল, নাৰীবাদী আৰু প্ৰতিষ্ঠান বিৰোধী বিষয়বস্তুক লক্ষ্য কৰি লোৱা হৈছিল, যিসমূহে ১৯৭০ আৰু ১৯৮০ চনৰ আৰম্ভণিতে ভাৰতীয় দৰ্শকৰ মাজত অনুৰণন ঘটায়। একেলগে কাম কৰাৰ সময়ছোৱাত এই যুটিয়ে দহটা মনোনয়নৰ ভিতৰত ছটা ফিল্মফেয়াৰ বঁটা লাভ কৰে।[11]

জাভেদ আখতাৰৰ মতে তেওঁলোকৰ প্ৰাৰম্ভিক কালত চিনেমাৰ পোষ্টাৰত চিত্ৰনাট্যকাৰ, কাহিনী আৰু চিত্ৰনাট্যৰ নাম নাছিল। এই যুটিটোৱে যে কঠোৰ পৰিশ্ৰম কৰে, আৰু উপযুক্ত স্বীকৃতি নাপায়, সেই কথা উপলব্ধি কৰি চেলিম আৰু জাভেদে চহৰৰ সকলো পোষ্টাৰতে নিজৰ নাম লিখিবলৈ সিদ্ধান্ত ল’লে। ৰিক্সা এখন ভাড়া কৰি তাৰ ওপৰত ৰঙৰ বাল্টিটো থৈ গোটেই ৰাতি সকলো কাম তেওঁলোকে নিজেই কৰিলে। ইয়াৰ পিছত পৰিচালকসকলেও পোষ্টাৰত নিজৰ নাম লিখিবলৈ আৰম্ভ কৰিলে৷

একেলগে কাম কৰাৰ সময়ত চেলিম খানে সেই সময়ত অগতানুগতিক বুলি গণ্য কৰা কাহিনী আৰু চৰিত্ৰসমূহৰ বিকাশৰ বাবে বহুলাংশে দায়বদ্ধ আছিল, আনহাতে জাভেদ আখতাৰে সংলাপ লিখাৰ বাবে বহুলাংশে দায়বদ্ধ আছিল।[12]তেওঁলোকৰ ছবিৰ বাবে লিখা বহু সংলাপ বিখ্যাত হৈ পৰিছে। যদিও সংলাপবোৰক প্ৰায়ে হিন্দী বুলি কোৱা হয়, আচলতে সেইবোৰ বেছিভাগেই হিন্দুস্তানী ভাষাৰ পঞ্জীকৃত উৰ্দু ভাষাত লিখিত। উৰ্দু সাহিত্যৰ পটভূমিৰ পৰা অহা তেওঁলোকে বেছিভাগেই উৰ্দুৰ শব্দভাণ্ডাৰ অন্তৰ্ভুক্ত কৰিছিল আৰু তেওঁলোকৰ সংলাপসমূহ উৰ্দু লিপিত লিখিছিল, যিবোৰ তাৰ পিছত এজন সহায়কে দেৱনাগৰী লিপিলৈ লিপিবদ্ধ কৰিছিল যাতে হিন্দী পাঠকসকলেও পঢ়িব পাৰে।[13][14] ছবিসমূহৰ পোষ্টাৰত তেওঁলোকৰ নাম প্ৰকাশ কৰি এই যুটিয়ে লেখকৰ ভূমিকা জনপ্ৰিয় কৰি তুলিছিল, আৰু কিছুমান ছবিত তেওঁলোকে লাভৰ ২৫% পৰ্যন্ত ভাগ কৰিছিল।

চলচ্চিত্ৰপুঞ্জী

সম্পাদনা কৰক

হিন্দী ভাষাৰ কথাছবি

সম্পাদনা কৰক
বৰ্ষ নাম নিৰ্দেশক মুখ্য অভিনয়-শিল্পী
১৯৭১ অধিকাৰ এছ.এম. সাগৰ অশোক কুমাৰ, নন্দ
আন্দাজ ৰমেশ চিপ্পী ৰাজেশ খান্না, হেমা মালিনী
হাথী মেৰে ছাথী এম.এ. থিৰুমুগাম ৰাজেশ খান্না, তনুজা
১৯৭২ সীতা অঔৰ গীতা ৰমেশ চিপ্পী হেমা মালিনী, ধৰ্মেন্দ্ৰ
১৯৭৩ জঞ্জিৰ প্ৰকাশ মেহৰা অমিতাভ বচ্চন, জয়া ভাদুৰী
য়াদো কি বাৰাত নাছিৰ হুছেইন ধৰ্মেন্দ্ৰ, বিজয় অৰোৰা
১৯৭৪ মজবুৰ ৰবী টেণ্ডন অমিতাভ বচ্চন, পাৰৱীন বাবী
হাথ কি চাফাই প্ৰকাশ মেহৰা ৰণধীৰ কাপুৰ, বিনোদ খান্না
১৯৭৫ দিৱাৰ য়শ ছোপ্ৰা অমিতাভ বচ্চন, শশী কাপুৰ, পাৰবীন বাবী, নীতু সিং
শ্বোলেই ৰমেশ চিপ্পী ধৰ্মেন্দ্ৰ, অমিতাভ বচ্চন
আখৰী দাও এ. চালাম জীতেন্দ্ৰ
১৯৭৭ ইমান ধৰম দেশ মুখাৰ্জী অমিতাভ বচ্চন, শশী কাপুৰ, সঞ্জীৱ কুমাৰ, ৰেখা
চাছা ভতিজা মনমোহন দেশাই ধৰ্মেন্দ্ৰ, ৰণধীৰ কাপুৰ, হেমা মালিনী
১৯৭৮ ত্ৰিশূল য়শ ছোপ্ৰা অমিতাভ বচ্চন, সঞ্জীৱ কুমাৰ, শশী কাপুৰ, হেমা মালিনী
ডন চান্দ্ৰা বেৰত অমিতাভ বচ্চন, জিনাট অমন, হেলেন
১৯৭৯ কালা পথৰ য়শ ছোপ্ৰা অমিতাভ বচ্চন, শশী কাপুৰ, ৰাখী গুলজাৰ, শত্ৰুঘন সিনহা, নীতু সিং, পাৰবীন বাবী
১৯৮০ দোস্তানা ৰাজ খোশলা অমিতাভ বচ্চন, শত্ৰুঘ্ন সিনহা, জিনাত অমন, প্ৰেম চোপ্ৰা, প্ৰাণ, অমৃশ পুৰী, হেলেন
শ্বান ৰমেশ চিপ্পী সুনীল দত্ত, অমিতাভ বচ্চন, শশী কাপুৰ, শত্ৰুঘন সিনহা, ৰাখী গুলজাৰ, পাৰবীন বাবী
১৯৮১ ক্ৰান্তি মনোজ কুমাৰ দিলীপ কুমাৰ, মনোজ কুমাৰ, শশী কাপুৰ, হেমা মালিনী, শত্ৰুঘন সিনহা, পাৰবীন বাবী
১৯৮২ শক্তি ৰমেশ চিপ্পী দিলীপ কুমাৰ, অমিতাভ বচ্চন, ৰাখী, অনিল কাপুৰ
১৯৮৫ জামানা ৰমেশ টালৱাৰ ৰাজেশ খান্না, ঋষি কাপুৰ, পুনম ধিলন, ৰঞ্জিতা কৌৰ
১৯৮৭ মিষ্টাৰ ইণ্ডিয়া শেখৰ কাপুৰ অনিল কাপুৰ, শ্ৰীদেৱী, অমৃশ পুৰী
২০০৩ বাগৱান ৰবী চোপ্ৰা অমিতাভ বচ্চন, হেমা মালিনী, ছলমান খান

কানাড়া ভাষাৰ ছবি

সম্পাদনা কৰক
বৰ্ষ নাম নিৰ্দেশক অভিনয়-শিল্পী Notes
১৯৭৬ প্ৰেমদা কনিকে ভি. শোমশেখৰ ৰাজকুমাৰ, আৰতী ১৯৬৯ চনত চেলিম খানৰ (প্ৰিন্স চেলিম নামেৰে ক্ৰেডিট কৰা) হিন্দী ছবি ডো ভাইৰ আধাৰত নিৰ্মিত, যিখন ছবিও তামিল ভাষাত জাষ্টিচ বিশ্বনাথন আৰু তেলেগু ভাষাত নেনু মণিষিনে হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছিল। পিছলৈ প্ৰেমাদা কানিকেক তামিল ভাষাত পোল্লাধৱন আৰু হিন্দীত ৰাজ নামেৰে পুনৰ নিৰ্মাণ কৰা হয়
ৰাজা নান্না ৰাজে[15] এ.ভি. চেচাগিৰী ৰাও মাগাধীৰাৰ পৰা অনুপ্ৰাণিত

তথ্যসূত্ৰ

সম্পাদনা কৰক
  1. Ramesh Dawar (2003), Encyclopaedia of Hindi cinema, Encyclopædia Britannica (India) Pvt. Ltd.
  2. Sholay, through the eyes of Salim Khan, [1],Rediff.com
  3. 3.0 3.1 3.2 3.3 Chaudhuri, Diptakirti (2015-10-01). Written by Salim-Javed: The Story of Hindi Cinema's Greatest Screenwriters. Penguin UK. ISBN 9789352140084. https://books.google.com/books?id=Cri9CgAAQBAJ. 
  4. "Salim-Javed: Writing Duo that Revolutionized Indian Cinema". Pandolin. 25 April 2013. Archived from the original on 1 December 2017. https://web.archive.org/web/20171201035749/https://pandolin.com/salim-javed-writing-duo-that-revolutionized-indian-cinema/। আহৰণ কৰা হৈছে: 28 November 2017. 
  5. "Revisiting Prakash Mehra's Zanjeer: The film that made Amitabh Bachchan". The Indian Express. 20 June 2017. http://indianexpress.com/article/entertainment/bollywood/revisiting-prakash-mehra-zanjeer-the-film-that-made-amitabh-bachchan-4714064/. 
  6. Chaudhuri, Diptakirti (2015-10-01). Written by Salim-Javed: The Story of Hindi Cinema's Greatest Screenwriters. Penguin UK. পৃষ্ঠা. 58. ISBN 9789352140084. https://books.google.com/books?id=Cri9CgAAQBAJ&pg=PT58. 
  7. Teo, Stephen (2017). Eastern Westerns: Film and Genre Outside and Inside Hollywood. Taylor & Francis. পৃষ্ঠা. 122. ISBN 978-1-317-59226-6. https://books.google.com/books?id=pi8lDwAAQBAJ&pg=PA122. 
  8. "As in life, so in death: lonely and lovelorn". Telegraphindia.com. 23 January 2005. http://www.telegraphindia.com/1050123/asp/nation/story_4287764.asp। আহৰণ কৰা হৈছে: 22 June 2011. 
  9. Chaudhuri, Diptakirti (2015). Written by Salim-Javed: The Story of Hindi Cinema's Greatest Screenwriters. Penguin Group. পৃষ্ঠা. 23. ISBN 9789352140084. https://books.google.com/books?id=Cri9CgAAQBAJ&pg=PT23. "Salim had decided to cut down on his acting assignments in order to concentrate on writing and though money was hard to come by, he had not lost his flamboyance. In Do Bhai, he was credited as Prince Salim. During this period, he joined Abrar Alvi as a writing assistant." 
  10. Chaudhuri, Diptakirti (2015). Written by Salim-Javed: The Story of Hindi Cinema's Greatest Screenwriters. Penguin Books. পৃষ্ঠা. 26–27. ISBN 9789352140084. https://books.google.com/books?id=Cri9CgAAQBAJ&pg=PT26. 
  11. "FILMFARE NOMINEES AND WINNER". The Times Group. https://sites.google.com/site/deep750/FilmfareAwards.pdf?attredirects=0। আহৰণ কৰা হৈছে: 17 September 2015. 
  12. Chintamani, Gautam (25 October 2015). "The brilliance of Salim-Javed lies not just in what they said, but how they said it". Scroll. https://scroll.in/article/764622/the-brilliance-of-salim-javed-lies-not-just-in-what-they-said-but-how-they-said-it. 
  13. Aḵẖtar, Jāvīd; Kabir, Nasreen Munni (2002). Talking Films: Conversations on Hindi Cinema with Javed Akhtar. Oxford University Press. পৃষ্ঠা. 49. ISBN 978-0-19-566462-1. https://books.google.com/books?id=_JILAQAAMAAJ. "JA: I write dialogue in Urdu, but the action and descriptions are in English. Then an assistant transcribes the Urdu dialogue into Devnagari because most people read Hindi. But I write in Urdu. Not only me, I think most of the writers working in this so-called Hindi cinema write in Urdu: Gulzar, or Rajinder Singh Bedi or Inder Raj Anand or Rahi Masoom Raza or Vahajat Mirza, who wrote dialogue for films like Mughal-e-Azam and Gunga Jumna and Mother India. So most dialogue-writers and most song-writers are from the Urdu discipline, even today." 
  14. Chopra, Anupama (2000). Sholay, the Making of a Classic. Penguin Books. পৃষ্ঠা. 33. ISBN 978-0-14-029970-0. https://books.google.com/books?id=p8oM0k2UNzMC&pg=PA33. 
  15. "YouTube". www.youtube.com. https://www.youtube.com/watch?v=MXWHZTeuXH4.