চেহনাই (ইংৰাজী: Shehnai) ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ পাৰম্পৰিক সুষিৰ বাদ্য। ইয়াক সাধাৰণতে কাঠৰ পৰা তৈয়াৰ কৰা হয়। ইয়াৰ এটা মুৰত দুডাল দুটা ৰিডযুক্ত আৰু আনটো মুৰত ধাতু বা কাঠৰ চুপিৰ দৰে অংশ থাকে।[1] চেহনাই ধ্বনিয়ে শুভ আৰু পবিত্ৰতাৰ অনুভূতি সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়। ইয়াৰ ফলত বিবাহ, শোভাযাত্ৰা আৰু মন্দিৰত ব্যাপকভাৱে চেহনাই ব্যৱহাৰ কৰা হয়। ইয়াক ৰাজহুৱা সংগীতানুষ্ঠানতো বজোৱা হয়। এইটো ৰাজকীয় দৰবাৰত বাদ্যযন্ত্ৰী সকলে ব্যৱহাৰ কৰা নটা বাদ্যৰ নউবাট বা পৰম্পৰাগত সংগতৰ অংশ আছিল। দক্ষিণ ভাৰতৰ নাদশ্বৰমৰ লগত চেহনাইৰ মিল আছে।[2][3]

চেহনাই
Shehnai.jpg
সুষিৰ বাদ্য
আন নাম শ্বাহনাই, চেনাই, চাহানাই, চানাই, শ্বানাই
শ্ৰেণী ভাৰতীয় সুষিৰ বাদ্য
আনুষঙ্গিক বাদ্য
পেঁপা, বাঁহী
বাদ্যযন্ত্ৰী
বিছমিল্লাহ খান, এছ. বলেশ, অনন্ত লাল, আলি আহমেদ হুছেইন খান

উৎপত্তিসম্পাদনা কৰক

চেহনাই ভাৰতত প্ৰচলিত আন এনিধ পাৰম্পৰিক সুষিৰ লোকবাদ্য পুংগীৰ পৰা বিকশিত হৈছে বুলি ভবা হয়। পুংগী সাধাৰণতে সাপৰ খেল দেখুৱা লোকসকলে ব্যৱহাৰ কৰে।

চেহনাইৰ উৎপত্তিৰ আন এক তত্ত্ব অনুসৰি ইয়াৰ নাম "সুৰ-নল" শব্দটোৰ অপভ্ৰংশ হৈ সৃষ্টি হৈছে। নল/নলি/নাড শব্দটো বহুতো ভাৰতীয় ভাষাত নলিকা বা ৰিড বুজাবলৈ ব্যৱহাৰ কৰা হয়। "সুৰ" শব্দটোৰ অৰ্থ হৈছে সুৰ বা সাংগীতিক ধ্বনি। ইয়াক বহুতো ভাৰতীয় সঁজুলিৰ নামৰ উপসৰ্গ হিচাপে ব্যৱহাৰ কৰা হয়। "সুৰ-নাল"ক পুৰণি পাৰ্চী সাম্ৰাজ্যৰ "সুৰনা/জুৰ্ণা" নামেৰে জনা গৈছিল। ইয়াৰ ফলত এই বাদ্য সমগ্ৰ মধ্য পূব আৰু পূব ইউৰোপত বিয়পি পৰে। ছচেহনাই সাধাৰণতে পৰম্পৰাগত উত্তৰ ভাৰতীয় বিবাহত বজোৱা হয়। কইনায়ে তেওঁৰ স্বামীৰ ঘৰলৈ পিতৃ-মাতৃৰ ঘৰ এৰি যোৱাৰ সৈতে চেহনাই জড়িত।[4] কেতিয়াবা দুটা চেহনাই একেলগে বান্ধি বজোৱা হয়। ইয়াৰ ফলত ইয়াক প্ৰাচীন গ্ৰীক অলোৰ দৰে বাদ্যত পৰিণত হয়।[5]

পশ্চিম ভাৰত আৰু উপকূলীয় কৰ্ণাটকত প্ৰচলিত চেহনাই সেই অঞ্চলৰ বাবে থলুৱা। চেহনাই বাদক সকল পশ্চিম উপকূলত গোৱান/কোঙ্কনি আৰু মন্দিৰৰ এক অবিচ্ছেদ্য অংশ আছিল। তেওঁলোকে বাদ্যযন্ত্ৰী সকলক ভাজন্ত্ৰী বুলিছিল আৰু মন্দিৰসমূহলৈ প্ৰদান কৰা সেৱাৰ বাবে তেওঁলোকক মাটি আৱণ্টন কৰা হৈছিল।[6]

বৈশিষ্ট্যসম্পাদনা কৰক

এই নলীয়া বাদ্যবিধ লাহে লাহে তলৰ ফালৰ এটা মুৰৰ পৰা আনটো মুৰলৈ ঠেকৰ পৰা বিস্তৃত হয়। ইয়াত সাধাৰণতে ছয়ৰ পৰা নটা ফুটা থাকে। ইয়াত এবাৰত চাৰিগুণ ৰিড উডৱাইণ্ড হিচাপে পৰিচালিত হয়। বাদ্যবিধ আয়ত্ত কৰিবলৈ সংগীতজ্ঞজনে বিভিন্ন আৰু জটিল মুখমণ্ডলৰ পেশী আৰু আঙুলিৰ কৌশল নিয়োগ কৰিবলগীয়া হয়।

চেহনাইত দুটা অষ্টকৰ পৰিসৰ আছে। তলৰ মধ্য 'C'ৰ পৰা 'A' ট্ৰেবলেৰ ক্লিফৰ ওপৰৰ এটা ৰেখা অষ্টক পূৰ্ণ হয়। বৈজ্ঞানিক তীক্ষ্ণতা মাপন পদ্ধতিত এয়া A3 ৰ পৰা A5লৈ বিস্তৃত।[7]

উল্লেখযোগ্য বাদ্যযন্ত্ৰীসকলসম্পাদনা কৰক

  • ওস্তাদ বিছমিল্লাহ খান
  • এছ. বলেশ
  • অনন্ত লাল
  • আলি আহমেদ হুছেইন খান
  • পণ্ডিত ৰঘুনাথ প্ৰসন্ন
  • পণ্ডিত ৰাজেন্দ্ৰ প্ৰসন্ন
  • পণ্ডিত লোকেশ আণ্ড

চিত্ৰ বিথিকাসম্পাদনা কৰক

টোকাসম্পাদনা কৰক

তথ্য উৎসসম্পাদনা কৰক