চৈতন্য টামহানে (ইংৰাজী: Chaitanya Tamhane; জন্ম: ১ মাৰ্চ, ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় ছবি-নিৰ্মাতা। ২০১৪ চনত নিৰ্মিত মাৰাঠী ভাষাৰ ছবি 'ক'ৰ্ট'ৰ বাবে টামহানে জনাজাত। ছবিখনক ৮৮সংখ্যক একাডেমী বঁটালৈ 'শ্ৰেষ্ঠ বিদেশী ছবি'ৰ শাখাৰ বাবে ভাৰতৰ 'আনুষ্ঠানিক বাছনি' হিচাপে প্ৰেৰণ কৰা হৈছিল।[1][2] ছবিখনে ভাৰতীয় ন্যায়িক প্ৰণালীটোক এগৰাকী লোকশিল্পীৰ দৃষ্টিৰে পৰ্যবেক্ষণ কৰে।

চৈতন্য টামহানে

'ক'ৰ্ট' ছবিখনৰ ট্ৰেইলাৰ উন্মোচনী অনুষ্ঠানত, ২০১৫
জন্ম ১ মাৰ্চ, ১৯৮৭ (৩৭ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা
  • লেখক
  • প্ৰযোজক
  • পৰিচালক
উল্লেখযোগ্য কৰ্ম
  • ক'ৰ্ট
  • দ্য ডিছাইপল

'ক'ৰ্ট'ৰ পূৰ্বে টামহানেয়ে 'ছিক্স ষ্ট্ৰেণ্ডছ্' নামেৰে চুটি ছবি নিৰ্মাণ কৰিছিল। সেইখন ছবিৰ তেখেত লেখক আৰু নিৰ্দেশক আছিল। ছবিখন প্ৰযোজনাও চৈতন্যয়েই কৰিছিল। 'ক'ৰ্ট'ৰ বাবে টামহানেয়ে ১৬তম মুম্বাই ছবি মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে। আনহাতে নৱম এছিয়ান ছবি মহোৎসৱত 'শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ'ৰ বাবে মনোনীত হয়।[3] ইয়াৰ উপৰি ছবিখনে একাধিক বঁটা-সন্মান লাভ কৰে। ২০১৮ চনত টামহানেয়ে কন্নড় ভাষাৰ ছবি 'বালেকেম্পা'ত সৃষ্টিশীল প্ৰযোজক হিচাপে জড়িত হয়।[4]

২০২০ চনত টামহানেৰ নিৰ্দেশনাত দ্বিতীয়খন কাহিনী-চিত্ৰ মুক্তি হয়। ছবিখনৰ নাম হৈছে 'The Disciple'। ছবিখনৰ ৭৭তম ভেনিছ আন্তৰ্জাতিক ছবি মহোৎসৱত এটি প্ৰিমিয়াৰ হয়।[5] ভেনিছতে ছবিখনে 'FIPRESCI' বঁটা লাভ কৰে। এই বঁটাটো প্ৰদান কৰে 'ছবি সমালোচকৰ আন্তৰ্জাতিক সংঘ'য়ে। (FIPRESCI: Federation Internationale de la Presse Cinematographique)[6] ইয়াৰ লগতে ছবিখনে 'শ্ৰেষ্ঠ চিত্ৰনাট্য'ৰ বঁটা পাবলৈ সক্ষম হয়।[7]

চলচ্চিত্ৰপুঞ্জী সম্পাদনা কৰক

  • 'Six Strands' (২০১১) [চুটি ছবি]
  • 'Death of a Father' (২০১৪) [চুটি ছবি]
  • 'Court' (২০১৪)
  • 'The Disciple' (২০২০)

বঁটা-বাহন সম্পাদনা কৰক

  • শ্ৰেষ্ঠ ছবি বঁটা, ক'ৰ্টৰ বাবে, ৬২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০১৫
  • শ্ৰেষ্ঠ ছবি, ক'ৰ্টৰ বাবে, Buenos Aires International Festival of Independent Cinema, ২০১৫[8]
  • শ্ৰেষ্ঠ এছিয়ান কথাছবি, ক'ৰ্টৰ বাবে, ছিংগাপুৰ আন্তৰ্জাতিক ছবি মহোৎসৱত, ছিলভাৰ স্ক্ৰীন বঁটা, ২০১৪
  • শ্ৰেষ্ঠ চিত্ৰনাট্য, 'দ্য ডিছাইপল'ৰ বাবে, ভেনিছ ছবি মহোৎসৱ, ২০২০

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Court is India’s official entry for Oscars". Indian Express. 23 September 2015. http://indianexpress.com/article/entertainment/regional/court-chosen-as-indias-official-entry-for-oscars/। আহৰণ কৰা হৈছে: 23 September 2015. 
  2. Bhushan, Nyay (24 September 2015). "Oscars: India Selects 'Court' For Foreign-Language Category". The Hollywood Reporter. http://www.hollywoodreporter.com/news/oscars-court-selected-by-india-826763। আহৰণ কৰা হৈছে: 24 September 2015. 
  3. Bhushan, Nyay. 'India's Court wins at Mumbai Film Festival.' Published 21 October 2014. Retrieved on 17 February 2015.
  4. Sibal, Prachi (15 February 2018). "Mandya to Rotterdam". India Today. https://www.indiatoday.in/magazine/leisure/story/20180226-ere-gowda-balekempa-thithi-movie-1170922-2018-02-15। আহৰণ কৰা হৈছে: 25 September 2018. 
  5. Hipes, Patrick (31 July 2020). "Venice Pic ‘The Disciple’ Sees Alfonso Cuarón Board As EP; Endeavor Content & New Europe Film Sales To Rep It". Deadline Hollywood. https://deadline.com/2020/07/the-disciple-venice-film-festival-chaitanya-tamhane-alfonso-cuaron-1203000711/। আহৰণ কৰা হৈছে: 18 August 2020. 
  6. "Venice Film Festival 2020: Chaitanya Tamhan's The Disciple wins FIPRESCI award". India Today. 13 September 2020. https://www.indiatoday.in/movies/hollywood/story/venice-film-festival-2020-chaitanya-tamhan-s-the-disciple-wins-fipresci-award-1721365-2020-09-13. 
  7. "Venice Film Festival 2020 Winners: 'Nomadland' Takes Golden Lion, Vanessa Kirby Is Best Actress". IndieWire. https://www.indiewire.com/2020/09/venice-film-festival-2020-winners-list-1234585982/। আহৰণ কৰা হৈছে: 12 September 2020. 
  8. "‘Court’ gets triple win at Buenos Aires film fest". Indian Express. Indo-Asian News Service. 27 April 2015. http://indianexpress.com/article/entertainment/regional/court-gets-triple-win-at-buenos-aires-film-fest/। আহৰণ কৰা হৈছে: 24 September 2015.