ন্যায়ধীশ জগদীশ সিং খেহৰ (ইংৰাজী: Jagdish Singh Khehar; জন্ম:২৮ আগষ্ট ১৯৫২) ভাৰতৰ বৰ্তমান ৪৪তম মুখ্য ন্যায়াধীশ।[1][2] তীৰথ সিং ঠাকুৰে অৱসৰগ্ৰহণ কৰাত তেওঁ ৪ জানুৱাৰী ২০১৭ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰে। ভাৰতৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা খেহৰ শিখ সম্প্ৰদায়ৰ প্ৰথম ব্যক্তি।

মুখ্য ন্যায়াধীশ

জগদীশ সিং খেহৰ
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
কাৰ্যকাল
৪ জানুৱাৰী ২০১৭ – ২৭ আগষ্ট ২০১৭
নিয়োগকৰ্তা প্ৰণৱ মুখাৰ্জী, ভাৰতৰ ৰাষ্ট্ৰপতি
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৭ ছেপ্টেম্বৰ ২০১১
কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
কাৰ্যকাল
৮ আগষ্ট ২০১০ – ১২ ছেপ্টেম্বৰ ২০১১
উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
কাৰ্যকাল
২৯ নৱেম্বৰ ২০০৯ – ৭ আগষ্ট ২০১০
ব্যক্তিগত তথ্য
জন্ম ২৮ আগষ্ট, ১৯৫২ (৭১ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষানুষ্ঠান পঞ্জাব বিশ্ববিদ্যালয়, চণ্ডীগড়
পেচা অধিবক্তা, ন্যায়ধীশ
উৎস:[1]

শিক্ষা সম্পাদনা কৰক

১৯৭৪ চনত চণ্ডীগড়ৰ ৰয়েল কলেজৰূ পৰা তেওঁ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। পিছত তেওঁ চণ্ডীগড়ৰে পঞ্জাব বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৭ চনত আইন বিভাগত স্নাতক আৰু ১৯৭৯ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[3] ভাল ফলাফলৰ বাবে খেহৰে বিশ্ববিদ্যালয়ৰ পৰা স্বৰ্ণ পদক লাভ কৰে।

কৰ্ম জীৱন সম্পাদনা কৰক

অধিবক্তা হিচাপে সম্পাদনা কৰক

  • ১৯৭৯ চনত তেওঁ আইনৰ ব্যৱসায় আৰম্ভ কৰে। এই সময়ছোৱাত তেওঁ পঞ্জাব-হাৰিয়ানা উচ্চ ন্যায়ালয়, হিমাচল উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত অধিবক্তা হিচাপে কাম কৰে।
  • ১৯৯২ চনত তেওঁ পঞ্জাবত অতিৰিক্ত মহাধিবক্তা নিযুক্ত হয়।
  • ১৯৯৫ চনত তেওঁ জৈষ্ঠ অধিবক্তা হয়।

ন্যায়ধীশ হিচাপে সম্পাদনা কৰক

  • ২০০৯ চনৰ ২৯ নৱেম্বৰৰ পৰা ২০১০ চনৰ ৭ আগষ্টলৈ তেওঁ উত্তৰাখণ্ড মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰে।
  • ৮ আগষ্ট ২০১০ চনৰ পৰা ১২ ছেপ্টেম্বৰ ২০১১ চনলৈ তেওঁ কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যনিৰ্বাহ কৰে।
  • ১৩ ছেপ্টেম্বৰ ২০১১ চনৰ পৰা ৩ জানুৱাৰী ২০১৭ চনলৈ তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়ধীশ আছিল।
  • ৪ জানুৱাৰী ২০১৭ চনত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হয়।

তথ্যউৎস সম্পাদনা কৰক