জগন্নাথ (ওড়িয়া: ଜଗନ୍ନାଥ) প্ৰধানকৈ ভাৰত আৰু বাংলাদেশত পূজিত এগৰাকী দেৱতা। তেওঁক ভাতৃ বালভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ সৈতে সাধাৰণতে আৰাধনা কৰা হয়। ওড়িয়া হিন্দু ধৰ্মত তেওঁ সৰ্বোচ্চ দেৱতা: পুৰুষোত্তম[1][2][3] বা পৰ ব্ৰহ্ম।[4][5] বৈষ্ণৱ ধৰ্মত, আৰু বিশেষকৈ কৃষ্ণবাদত, অনেক ক্ষেত্ৰৰ জগন্নাথক কৃষ্ণ বা বিষ্ণুৰ এক বিমূৰ্ত ৰূপ মনা হয়।[6][7] তেওঁক কেতিয়াবা কৃষ্ণ বা বিষ্ণুৰ অৱতাৰো জ্ঞান কৰা হয়।[8][9] কোনো কোনো শৈৱ আৰু শাক্ত হিন্দুৰ মতে, তেওঁ শিৱভৈৰৱ ৰূপৰ তান্ত্ৰিক ৰূপ, যাৰ সম্বন্ধ ধ্বংসৰ সৈতে।[10][11]

জগন্নাথ
Jagannath during 2011.jpg
২০১১ চনত জগন্নাথ মূৰ্তি

ইতিহাসসম্পাদনা কৰক

জগন্নাথবাদ বা ওড়িয়া বৈষ্ণৱবাদত এগৰাকী প্ৰধান আৰাধ্যৰ ৰূপত জগন্নাথৰ উত্থান দেখা যায় মধ্যকালৰ আগ ভাগত।[12][13] পাছলৈ ই এক স্বাধীন ৰাজ্যিক স্থানীয় মন্দিৰ-কেন্দ্ৰিক পৰম্পৰা হৈ পৰিল, কৃষ্ণবাদৰ অন্তৰ্গত।[14]

জগন্নাথৰ আৰাধনাৰ আৰম্ভণি কেতিয়া হৈছিল সেই কথা স্পষ্টকৈ জনা নাযায়।[15] কোনো কোনোৱে ঋগবেদ (১০.১৫৫.৩)ক উয়াৰ উৎস বুলি কয়, কিন্তু আনে এই মত মানি নলয়। তেওঁলোকৰ মতে তেওঁ জনজাতীয় মূলৰ এগৰাকী দেৱতা হ'ব পাৰে।[16][17][17]

ৰীতি নীতিসম্পাদনা কৰক

জগন্নাথৰ মূৰ্তি কাঠেৰে নিৰ্মিত আৰু সজ্জিত, গোল চকু থকা আৰু হাত-ভৰি বিহীন। জগন্নাথক আৰাধনা কৰাৰ নীতি-নিয়ম হিন্দু ধৰ্মৰ আন আন ভাগত পোৱা নিয়মতকৈ পৃথক।[17][17] অস্বাভাৱাকিকভাৱে, মূৰ্তি কাঠেৰে নিৰ্মিত আৰু নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে সলোৱা হয়।

প্ৰতি বছৰে জুন বা জুলাই মাহত পূব ভাৰতৰ কেইবাখনো ৰাজ্যত ৰথ যাত্ৰা উদ্‌যাপন কৰা হয়। জগন্নাথ আৰু আন দুই সম্বন্ধীয় দেৱতাৰ ছবি পুৰীজগন্নাথ মন্দিৰগৰ্ভগৃহৰ পৰা বাহিৰলৈ অনা হয়। ৰথত ৰাখি অনেক ভক্তই ৩ কিলোমিটাৰ দূৰৰ গুণ্ডিচা মন্দিৰলৈ এই ৰথ লৈ যায়। কেইদিনমান সেই মন্দিৰত দেৱতাকেইগৰাকীক ৰখাৰ পাছত তেওঁলোকক পুনঃ নিজৰ মন্দিৰলৈ লৈ যোৱা হয়। পুৰীৰ মন্দিৰৰ লগতে সমগ্ৰ বিশ্বতে আন আন জগন্নাথ মন্দিৰতো একেই ধৰণে যাত্ৰাৰ আয়োজন কৰা হয়। লক্ষ লক্ষ ভক্ত পুৰীলৈ প্ৰতি বছৰে যায় জগন্নাথৰ ৰথত চাবলৈ।[18]

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. Eschmann, Kulke & Tripathi 1978, পৃষ্ঠা. 31–98.
  2. Rajaguru 1992.
  3. Starza 1993, Cult Purusottama at Puri.
  4. Miśra 2005, chapter 9, Jagannāthism.
  5. Ray 2007, পৃষ্ঠা. 151.
  6. Mukherjee 1981, পৃষ্ঠা. 67.
  7. Hardy 1987, পৃষ্ঠা. 387–392.
  8. Mukherjee 1981, পৃষ্ঠা. 155–156.
  9. Starza 1993, পৃষ্ঠা. 73, 76.
  10. Jagannath Mohanty (2009). Encyclopaedia of Education, Culture and Children's Literature: v. 3. Indian culture and education. Deep & Deep Publications. পৃষ্ঠা. 19. ISBN 978-81-8450-150-6. https://books.google.com/books?id=3T2Ph_SmjtoC&pg=PA19. 
  11. Das, Suryanarayan (2010). Lord Jagannath. Sanbun. পৃষ্ঠা. 89. ISBN 978-93-80213-22-4. https://books.google.com/books?id=gFn8wSDfSxEC&q=jagannath+as++jain&pg=PA82. 
  12. Mukherjee 1981.
  13. Eschmann, Kulke & Tripathi 1978.
  14. Mukherjee 1981; Eschmann, Kulke & Tripathi 1978; Hardy 1987, পৃষ্ঠা. 387–392; Rajaguru 1992; Guy 1992, পৃষ্ঠা. 213–230; Starza 1993; Ray 1993; Patnaik 1994; Kulke & Schnepel 2001; }}}, chapter 9, Jagannāthism.
  15. Patra 2011, পৃষ্ঠা. 5–16.
  16. Starza 1993, পৃষ্ঠা. 72.
  17. 17.0 17.1 17.2 17.3 Patnaik 1994, chapter 6. Sanatana Dharma: The Great Synthesis.
  18. James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduikm: N-Z. Rosen Publishing. পৃষ্ঠা. 567. ISBN 978-0-8239-3180-4. https://archive.org/details/illustratedencyc0000loch.