জন হেনৰি আমেৰিকান লোককথাৰ এজন নায়ক। তেওঁ আফ্ৰিকান আমেৰিকান আছিল, আৰু কিংবদন্তি অনুযায়ী, হাতৰীৰে ষ্টীল শিলত সোমোৱাৰ কাম কৰিছিল, যাতে ৰে'লপথ নিৰ্মাণৰ বাবে বিৰ্ফোৰণ কৰিব পৰা যায়।

John Henry
Statue of John Henry outside the town of Talcott in Summers County, West Virginia
Known for American folk hero

জন হেনৰিৰ কাহিনী ব্লুজ সংগীতৰ শৈলীত সাধাৰণতে আগবঢ়োৱা হয়। কাহিনীটোৰ কেইবাটাও সংস্কৰণ আছে, আৰু অনেক সাধুকথা, নাটক, কিতাপ আৰু উপন্যাস আদিত জন হেনৰিৰ চৰিত্ৰ দেখা পোৱা যায়।[1][2] হেমাঙ্গ বিশ্বাসে বাঙালী ভাষাত "জন হেনৰি" নামৰ গীতেৰে এই কিংবদন্তী তুলি ধৰিছে। গীতটিৰ অসমীয়া অনুবাদৰ গায়ক লোকনাথ গোস্বামী।

কাহিনী সম্পাদনা কৰক

 
ৱে'ষ্ট ভাৰ্জিনিয়াত জন হেনৰিক সোঁৱৰা ফলক

জন হেনৰিয়ে ষ্টীল-ড্ৰাইভাৰৰ কাম কৰিছিল: শিলত হাতুৰীৰে ষ্টীল সোমোৱাৰ কাম। এবাৰ বনুৱাৰ প্ৰয়োজন কম কৰি, মুনাফা বৃদ্ধিৰ বাবে মালিকে এক ষ্টীমেৰে চালিত শিল ড্ৰিলিং যন্ত্ৰ আনিলে। হেনৰিয়ে প্ৰতিবাদ কৰাত নিৰ্ণয় হ'ল যে যন্ত্ৰ আৰু বনুৱা হেনৰিৰ মাজত প্ৰতিযোগিতা হ'ব, এই কথা চাবলৈ যে কোন এই কামত অধিক দক্ষ। প্ৰতিযোগিতাৰ শেষত হেনৰিৰ বিজয় হ'ল, কিন্তু যন্ত্ৰক পৰাস্ত কৰাৰ যত্নত হেনৰি ইমানেই ভাগৰি পৰিল যে তেওঁৰ ভাগৰতে মৃত্যু হ'ল।[3]

ই এক কিংবদন্তী আৰু কাহিনীটোৰ অনেক বিষয়ক লৈ ইতিহাসবিদৰ মাজত মতানৈক্য।[4][5] স্কট ৰেয়নল্ডছৰ মতে হেনৰিৰ মৃত্যু ভাগৰৰ বাবে নহয়, হয়টো চিলিকচিছৰ বাবে হৈছিল।[6] যি জন হেনৰিৰ ওপৰত কিংবদন্তী সৃষ্টি হৈছে, সেই জনৰ জন্ম হয়টো ১৮৪৮ চনত হৈছিল। প্ৰতিযোগিতাস্থল ক'ত আছে, সেই কথাও স্পষ্ট নহয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

অতিৰিক্ত পঠনসামগ্ৰী সম্পাদনা কৰক

  • Johnson, Guy B. (1929). John Henry: Tracking Down a Negro Legend. Chapel Hill: University of North Carolina Press
  • Chappell, Louis W. (1933). John Henry; A Folk-Lore Study. Reprinted 1968. Port Washington, NY: Kennikat Press
  • Keats, Ezra Jack (1965). John Henry, An American Legend. New York: Pantheon Books.
  • Williams, Brett (1983). John Henry: A Bio-Bibliography by Brett Williams. Westport, CT: Greenwood Press
  • Nelson, Scott. "Who Was John Henry? Railroad Construction, Southern Folklore, and the Birth of Rock and Roll", Labor: Studies in Working-Class History of the Americas Summer 2005 2(2): 53–80; doi:10.1215/15476715-2-2-53
  • Garst, John F. (2022). John Henry and His People: The Historical Origin and Lore of America's Great Folk Ballad. Jefferson, NC: McFarland & Company.

বাহ্যিক সংযোগ সম্পাদনা কৰক