হেমাঙ্গ বিশ্বাস

গীতিকাৰ, কবি, কণ্ঠশিল্পী আৰু নিবন্ধকাৰ

হেমাঙ্গ বিশ্বাস (ইংৰাজী: Hemanga Biswas; ১৪ ডিচেম্বৰ ১৯১২ - ২২ নৱেম্বৰ ১৯৮৭) এগৰাকী গীতিকাৰ, কবি, কণ্ঠশিল্পী আৰু নিবন্ধকাৰ হিচাপে জনাজাত যিজনে মূলতঃ অসমীয়া আৰু বাংলা সাহিত্য ৰচনাৰে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল[1]। তেখেত অসমৰ গণনাট্য সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল[1]। মূলত লোকসংগীতক কেন্দ্ৰ কৰি গণসংগীত সৃষ্টিৰ ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য[2]

হেমাঙ্গ বিশ্বাস
জন্ম ১৪ ডিচেম্বৰ, ১৯১২ (১১১ বছৰ)
মিৰাছী গাঁও, শ্ৰীহট্ট জিলা, ব্ৰিটিছ ভাৰত
মৃত্যু ২২ নৱেম্বৰ, ১৯৮৭ (৭৪ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
নাগৰিকত্ব ভাৰত
ধৰ্ম হিন্দু ধৰ্ম

১৯১২ চনৰ ১৪ ডিচেম্বৰৰ দিনা বৰ্তমান বাংলাদেশৰ অন্তৰ্গত শ্ৰীহট্ট জিলাৰ মিৰাছী গাঁৱত হেমাঙ্গ বিশ্বাসৰ জন্ম হয়[3]। তেওঁৰ পিতৃ হৰকুমাৰ বিশ্বাস মিৰাছী জিলাৰ তৰপ পৰগণাৰ এজন সৰুসুৰা জমিদাৰ আছিল। মাতৃ সৰোজিনী আছিল এগৰাকী সুকণ্ঠী গায়িকা। মাতৃ আৰু মামাৰ পৰা বিশ্বাসে সংগীত শিক্ষাৰ প্ৰেৰণা পাইছিল আৰু শৈশৱতে তেওঁ বিভিন্ন লোকগীত, লোকনৃত্য,যাত্ৰা আদিৰ সৈতে পৰিচিত হৈছিল। [উদ্ধৃতিৰ প্ৰয়োজন]

শিক্ষা আৰু কৰ্মজীৱন

সম্পাদনা কৰক

হেমাঙ্গ বিশ্বাসে তেওঁৰ পঢ়াশালীয়া জীৱন গাঁৱৰ বিদ্যালয়তে আৰম্ভ কৰে। তাৰ পাছত মিৰাঁশীৰে হাইস্কুলত দুশ্ৰেণীমান পঢ়ে। ১৯২৫-১৯২৭ৰ সময়ছোৱাত তেওঁ ডিব্ৰুগড়ৰ জৰ্জ স্কুলত পঢ়া-শুনা কৰিছিল। তেতিয়া বিদ্যালয়খনৰ প্ৰধান শিক্ষক আছিল বাগ্মীবৰ নীলমনি ফুকন। সেই সময়ৰে পৰা অসমীয়া সমাজ, সংস্কৃতিৰ বিভিন্ন দিশৰ প্ৰতি বিশ্বাস আকৃষ্ট হৈছিল আৰু অসমীয়া সমাজখনৰ সৈতে তেওঁৰ আত্মীয়তা গঢ়ি উঠিছিল। তেওঁ প্ৰথম ৰবীন্দ্ৰ সংগীতৰ শিক্ষা লৈছিল ডিব্ৰুগড়ৰ এগৰাকী অসমীয়া লোহিত কাকতিৰ পৰা। সেই সময়ৰ অসমৰ সম্ভ্ৰান্ত মানুহে অশ্লীল বুলি ইতিকিং কৰা বিহুগীত, বনগীত আদিও শিকিছিল অসমীয়া ল'ৰা-ছোৱালীৰ সৈতে লুকাই চুৰকৈ। [উদ্ধৃতিৰ প্ৰয়োজন]

ডিব্ৰুগড়ৰ পাছত বিশ্বাসে হৰিগঞ্জৰ চৰকাৰী হাইস্কুলত নামভৰ্তি কৰে আৰু ১৯৩০ চনত তাৰপৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩০ চনৰ মাজভাগত ১৪৪ ধাৰা ভংগ কৰি সভা অনুষ্ঠিত কৰাৰ বাবে তেওঁৰ জেল হৈছিল। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত দ্বিতীয়বাৰৰ বাবে গ্ৰেপ্তাৰ কৰি তেওঁক নগাঁও জেললৈ পঠোৱা হয়। ইয়াতেই কংগ্ৰেছী নেতা বিমলা প্ৰসাদ চলিহা (পাছত অসমৰ মুখ্যমন্ত্ৰী)ৰ সতে তেওঁৰ পৰিচয় হয়। চলিহাৰ পৰা তেওঁ বনগীতৰ শিক্ষা লৈছিল। কেইমাহমানৰ পাছত জেলৰ পৰা ওলাই গৈ বিশ্বাসে শ্ৰীহট্টৰ মুৰাৰীচাঁদ কলেজত বিজ্ঞান শাখাত নাম লগায়। কিন্তু আইন অমান্য আন্দোলনত যোগ দিয়া হেতুকে কলেজৰ পৰা বহিষ্কৃত হয়। তাৰ পাছত তেওঁ বংগ আৰু অসমৰ বিভিন্ন গাঁৱত স্বাধীনতাৰ সপক্ষে প্ৰচাৰ অভিযানত সক্ৰিয়ভাৱে জড়িত হৈ পৰে। ফলত পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰে। বিচাৰত তেওঁৰ আঢ়ৈ বছৰ কাৰাদণ্ড হয়। বিশ্বাসক প্ৰথমে চিলেট জেল,পাছত নগাওঁ আৰু নগাঁৱৰ পৰা পুনৰ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ পঠোৱা হয়। জেলত থকা অৱস্থাতেই তেওঁ যক্ষ্মা ৰোগত আক্ৰান্ত হয় আৰু তেওঁৰ স্বাস্থ্য ভাঙি পৰে। জেইলাৰ ৰায়বাহাদুৰ সতীশ চৌধুৰীয়ে আগবঢ়োৱা ‘এখন বগা কাগজত মাথোঁ চহী এটা’ৰ বিনিময়ত ‘জেলৰ পৰা মুক্তি’ৰ প্ৰস্তাব বিশ্বাসে প্ৰত্যাখ্যান কৰে। তেৰ মাহৰ পিছত গুৰুতৰভাৱে অসুস্থ হৈ পৰা বিশ্বাসক জেল কৰ্ত্তৃপক্ষই বিনাচৰ্তে মুক্তি দিয়ে আৰু তেওঁ যাদৱপুৰ যক্ষ্মা হস্পিটেলত চিকিৎসা গ্ৰহণ কৰে। প্ৰায় তিনিবছৰৰ পিছত সুস্থ হৈ তেওঁ নিজৰ গাঁৱলৈ উভতি যায়।

সাহিত্যিক অৱদান

সম্পাদনা কৰক
  • কুলখুৰাৰ চোতাল[1], অসমীয়া ভাষাত লিখা এখন কবিতা সংকলন।
  • আকৌ চীন চাই আহিলো
  • জীৱন শিল্পী জ্যোতি প্ৰসাদ
  • অসম আৰু বংগৰ লোক সংগীত সমীক্ষা আদি গ্ৰন্থ।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক