জাতিঙ্গা ইত্যাদি

অসমীয়া চলচ্চিত্ৰ (২০০৭)
(জাতিঙ্গা ইত্যাদি (চলচ্চিত্ৰ)ৰ পৰা পুনঃনিৰ্দেশিত)

জাতিঙ্গা ইত্যাদি..... (ইংৰাজী: Jaatingaa Ityadi.....) হৈছে ২০০৭ চনত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। ৰুচিৰা আৰ্টচৰ বেনাৰত এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ পৰিচালক হৈছে সঞ্জীৱ সভাপণ্ডিত। এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে বিষ্ণু খাৰঘৰীয়া, বীণা পটংগীয়া, সৌৰভ হাজৰিকা ইত্যাদি। এই ছবিখন ২০০৭ বৰ্ষৰ ভাৰতৰ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, গোৱাত "ভাৰতীয় পেনোৰামা" শিতানত প্ৰদৰ্শন কৰা হয়। ছবিখনে অসমৰ বৰ্তমান কালৰ উগ্ৰপন্থী সমস্যাৰ ওপৰত দৃষ্টিপাত কৰে[3]

জাতিঙ্গা ইত্যাদি.....

বোলছবিখনৰ প'ষ্টাৰ
পৰিচালক সঞ্জীৱ সভাপণ্ডিত
চিত্ৰনাট্য সঞ্জীৱ সভাপণ্ডিত
কাহিনী সঞ্জীৱ সভাপণ্ডিত
প্ৰযোজক ৰাজকমল ভূঞা
অভিনয়ত বিষ্ণু খাৰঘৰীয়া
বিনা পাটংগীয়া
সৌৰভ হাজৰিকা
চিত্ৰগ্ৰহণকাৰী পৰাশৰ বৰুৱা
সম্পাদনা মানস অধিকাৰী
সংগীত পৰিচালক দীপক শৰ্মা
প্ৰযোজনা
কোম্পানী
ৰুচিৰা আৰ্টচ
মুক্তি
২০০৭[1]
দৈৰ্ঘ্য
১২৪ মিনিট[2]
দেশ ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশ সম্পাদনা কৰক

নিজৰ ককাকৰ কবৰস্থানৰ সন্ধানত এহাল ইংৰাজ দম্পতী অসমলৈ আহে। আন্তঃৰাষ্টীয় পৰ্য্যায়ত দৃষ্টি আকৰ্ষণৰ উদ্দেশ্যে এটি উগ্ৰপন্থী সংগঠনে তেওঁলোকক অপহৰণ কৰে। কিন্তু ভাষাৰ প্ৰাচীৰৰ বাবে তেওঁলোকৰ লগত আদান-প্ৰদান কৰিব নোৱাৰাত সংগঠনটোৱে এজন শিক্ষিত কিন্তু নিবনুৱা অসমীয়া যুবক মানবক নিৰ্বাচন কৰে। তথাকথিত "আন্দোলন"টোৰ লগত জড়িত হবলৈ অতি আগ্ৰহী মানবে একো নভবাকৈয়ে সন্মত হয়। কিন্তু তেওঁ পাছত উপলব্ধি কৰে যে সংগঠনটোৰ "স্বাধীনতাৰ বাবে সংগ্ৰাম"ৰ ধাৰণাতো একেবাৰে ভুল। সেয়ে তেওঁ দম্পতীহালক পলাই যোৱাত সহায় কৰিবলে সিদ্ধান্ত লয়। ঘটনাক্ৰমে এক গুলিয়াগুলিত মানব তথা উগ্ৰপন্থী গোটটোৰ সদস্যসকল নিহত হয়।

অভিনয় শিল্পী[2] সম্পাদনা কৰক

"জাতিঙ্গা ইত্যাদি"ত অভিনয় কৰা শিল্পীসকল
অভিনয়ত চৰিত্ৰ টোকা
বিষ্ণু খাৰঘৰীয়া ৰত্নকান্ত
বীণা পটংগীয়া ৰত্নকান্তৰ পত্নী
সৌৰভ হাজৰিকা মানব
মল্লিকা শৰ্মা ৰিতা
অনুপ হাজৰিকা ধন
লক্ষী বৰঠাকুৰ ৰিতাৰ দেউতাক
টনি ৰিচমণ্ড মি. টনি
জেমছ পেৰী জেক
ছাৰা বাগডেন পৌলিন
কুণ্টল গোস্বামী ৪৭
গৰিমা পাটোৱাৰী পাহি
বাহাৰুল ইছলাম পাড্ৰী
বিনয় ডেকা ডেকা
অমিতাভ ৰাজখোৱা বাবু
অৰুণ হাজৰিকা দোকানী

সংগীত সম্পাদনা কৰক

ছবিখনৰ সংগীত পৰিচালনা কৰে দীপক শৰ্মাই।

বোলছবি খনৰ কেইটামান স্ক্ৰীনশ্বট সম্পাদনা কৰক

"জাতিঙ্গা ইত্যাদি"ৰ কেইটামান দৃশ্য-

তথ্যসূত্ৰ সম্পাদনা কৰক