জিকিৰ
জিকিৰ (ইংৰাজী: Zikir) হৈছে এক প্ৰকাৰৰ ইছলাম ধৰ্মীয় স্তুতি গীত যাৰ দ্বাৰা তেওঁলোকে আল্লাহৰ স্তুতি কৰে। জিকিৰ শব্দটো আৰবী শব্দ ‘জিকিঅৰ’ শব্দৰ পৰা উদ্ভব হৈছে, যাৰ অৰ্থ হ’ল আল্লাৰ নাম স্মৰণ কৰা[1] বা ঘনে ঘনে উচ্চৰয়াৰণ কৰা। এয়া ইছলাম ধৰ্মৰ পবিত্ৰ কাম বুলি গণ্য কৰা হয়। আজান ফকীৰে অসমীয়া ভাষাত জিকিৰ ৰচনা কৰিছিল। আজান ফকীৰৰ আগমনৰ সময়ত অসমৰ মুছলমান সকলে নামাজ, ৰোজা, জাকাত আদিসহ ইছলামীয় ৰীতি-নীতি, আচাৰ-অনুষ্ঠান নৈষ্ঠিক ভাবে পালন কৰা নাছিল। আজান চাহাবে তেওঁলোকক ধৰ্মৰ প্ৰতি আকৰ্ষিত কৰিবলৈ জিকিৰ লিখিছিল[1]। জিকিৰৰ ভাষা, ছন্দ, উপমা, সুৰ আদি অসমীয়া যদিও ইছলাম ধৰ্ম সম্বন্ধীয় কিছুমান পাৰ্চী, আৰবী শব্দ গীতসমূহত সোমাই পৰিছে। অসমীয়া দেহ বিচাৰ গীতৰ লগত সাদৃশ্য থকা এই গীতসমূহত আল্লাৰ নাম-কলিমা, দেহৰ ভংগুৰতা আদি বিষয়বোৰ অন্তৰ্ভুক্ত হৈছে।
জিকিৰসমূহ সমূহীয়াকৈ গোৱা হয় আৰু লোকগীতৰ দৰেই ইয়াৰ প্ৰকাশ ভংগী সহজ-সৰল। এই গীত পৰিবেশনত থলুৱা লোকবাদ্য দোতৰা, বাঁহী, টোকাৰি, বীণ আদিৰ ব্যৱহাৰ সততে দেখা যায়। বহি বহি গোৱাৰ লগতে জিকিৰ নাচি নাচি হাত চাপৰি বজাই, তাল ৰাখি বৃত্তকাৰে ঘূৰি গোৱাৰ ৰীতিও প্ৰচলন আছে। আজান ফকিৰে সৰহ ভাগ জিকিৰ ৰচনা কৰিছিল যদিও মুনীয়া দেৱান, বান্দৰ ফকিৰ, চোইয়দ মূৰতাজা, গোলাম হুছেইন, হৰিদাস কুমাৰ, বেথাই গুৱাল আদিয়েও জিকিৰ ৰচনা কৰিছিল।