জিঞাখাটী
জিঞাখাটী (ইংৰাজী: Blue-tailed Bee-eater, বৈজ্ঞানিক নাম-Merops philippinus) 'Meropidae' গোটৰ এবিধ চৰাইৰ প্ৰজাতি৷ ই সাধাৰণতে দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰে বুলি জনা যায়৷ ই প্ৰধানকৈ এবিধ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি৷
জিঞাখাটী (Blue-tailed Bee-eater) | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Coraciiformes |
পৰিয়াল: | Meropidae |
গণ: | Merops |
প্ৰজাতি: | M. philippinus |
বৈজ্ঞানিক নাম | |
Merops philippinus Linnaeus, 1766 |
বিতৰণ
সম্পাদনা কৰকবিৱৰণ
সম্পাদনা কৰকজিঞাখাটীৰ দেহৰ বৰণ এই গোটৰ অন্য চৰাইবোৰৰ দৰেই খুবেই বৰ্ণময়৷ ইয়াৰ দেহটো মূলতঃ সেউজীয়া৷ ইয়াৰ মুখত নীলা দাগ আৰু চকুৰ কাষত ক'লা আঁচ থাকে৷ ইয়াৰ ডিঙি হালধীয়া আৰু মুগা বৰণৰ৷ জিঞাখাটীৰ নেজ নীলা, ঠোঁটৰ বৰণ আকৌ ক'লা৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য ২৩-২৬ ছে: মি: পৰ্য্যন্ত হ'ব পাৰে৷ মতা আৰু মাইকীৰ বাহ্যিক গঠন প্ৰায় একে৷
আচৰণ
সম্পাদনা কৰকজিঞাখাটীয়ে বিষুৱীয় অঞ্চলৰ মুকলি বাসস্থান যেনে খেতি-পথাৰ, উদ্যান আদিত প্ৰজনন কৰে৷ ইয়াক প্ৰায়ে জলাশয় সমূহৰ আশে পাশে দেখিবলৈ পোৱা যায়৷
খাদ্য
সম্পাদনা কৰকএই গোটৰ অন্যান্য চৰাইৰ প্ৰজাতিৰ দৰেই ইও প্ৰধানকৈ পোক-পতংগ,জিঞা, বৰল আদি খাই জীয়াই থাকে৷ ই এই চিকাৰসমূহ বতাহতে ঠোঁটেৰে ধৰিব পাৰে৷ ধৰাৰ পিছত চিকাৰক জিৰণি লোৱা ঠাইত মৰিয়াই মাৰি পেলাই জিঞাখাটীয়ে ভক্ষণ কৰে৷
প্ৰজনন
সম্পাদনা কৰকজিঞাখাটী সাধাৰণতে জাক পাতি বসবাস কৰা দেখা যায়৷ ইহঁতে নদীকাষৰীয়া বালিময় বা মুকলি খেতি পথাৰত ক'লনি গঠন কৰি বাহ সাজে৷ ই মাটিত দীঘলীবা সুৰংগ খান্দি তাৰ ভিতৰত পাঁচৰ পৰা সাতটাকৈ কণী পাৰে৷ মতা আৰু মাইকী দুয়ো কণীৰ যত্ন লয়৷
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ BirdLife International (2012). "Merops philippinus". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106001179। আহৰণ কৰা হৈছে: 16 July 2012.
- Fry, Fry and Harris. Kingfishers, Bee-eaters and Rollers.
- Dharmakumarsinhji, K. S. (1958). Bluetailed Bee-eater Merops philippinus Linnaeus in western Saurashtra. JBNHS 55: 351-352.
- Phillips, W. W. A. (1956). Prolonged stay of the Blue-tailed Bee-eater (Merops philippinus philippinus) in eastern Ceylon. Spolia Zeylanica 28(1): 109.
- Norris, C. E. (1963). The Bluetailed Bee-eater Merops philippinus Linnaeus, nesting in Ceylon. JBNHS 60: 259.
- Neelakantan, K. K. (1948). On the breeding of the Blue-tailed Bee-eater (Merops superciliosus javanicus) in Rajahmundri, East Godavari district. JBNHS 47: 741-742.
- Kasambe,R. (2004). Nesting of Blue Tailed Bee-eaters in Amravati District of Maharashtra. NLBW 44(2): 21-22
আলোকচিত্ৰৰ ভঁৰাল
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত Merops philippinus সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিপ্ৰজাতিত Merops philippinus সম্পৰ্কে অধিক তথ্য আছে |
-
জিঞাখাটীৰ পানীৰঙৰ চিত্ৰ
-
খাদ্যৰ সৈতে জিঞাখাটী
-
জিঞাখাটী
-
জিঞাখাটী
-
জিঞাখাটী