জুল (ইংৰাজী: Joule) হৈছে আন্তৰ্জাতিক একক প্ৰণালী[1] শক্তিৰ একক। এক নিউটন বল প্ৰয়োগ কৰি কোনো বস্তু বলৰ দিশত এক মিটাৰ সৰণ ঘটালে হোৱা কাৰ্য্যৰ পৰিমাণ অথবা শক্তি হৈছে এক জুল (এক নিউটন মিটাৰ)। এক ওম বাধাৰ মাজেদি এক ছেকেণ্ডৰ বাবে এক এম্পিয়াৰ প্ৰৱাহ পাৰ হৈ গ'লে তাপ হিচাপে ওলোৱা শক্তিকো এক জুল হিচাপে সংজ্ঞাবদ্ধ কৰিব পাৰি। ইংৰাজ পদাৰ্থবিজ্ঞানী জেমছ প্ৰেছকট জুলৰ সন্মানাৰ্থে জুল নাম ৰখা হৈছে[2][3][4]

জুল
একক পদ্ধতি আন্তৰ্জাতিক একক প্ৰণালী
কিহৰ একক শক্তি
সংকেত J 
নামত কৰা হৈছে জেমছ প্ৰেছকট জুল
একক পৰিৱৰ্তন
১ J ... পদ্ধতিত ...ৰ সমান
   আন্তৰ্জাতিক একক প্ৰণালী    কিলোগ্ৰামমিটাৰছেকেণ্ড−২
   চি জি এছ একক    আৰ্গ

য'ত kg হৈছে কিলোগ্ৰাম, m হৈছে মিটাৰ, s হৈছে ছেকেণ্ড, N হৈছে নিউটন, Pa হৈছে পাস্কেল,W হৈছে ৱাট, C হৈছে কুলম্ব আৰু V হৈছে ভল্ট

এক জুলক তলত দিয়াধৰণেও সংজ্ঞাবদ্ধ কৰিব পাৰি-

নামকৰণসম্পাদনা কৰক

জেমছ প্ৰেছকট জুলৰ নামেৰে আন্তৰ্জাতিক একক প্ৰণালীত এই এককৰ নাম ৰখা হৈছে। ইয়াৰ চিহ্ন হৈছে J

দৈনন্দিন জীৱনৰ উদাহৰণসম্পাদনা কৰক

এক জুল হৈছে

  • এটা মধ্যমীয়া আকাৰৰ (১০০ গ্ৰাম) বিলাহী মাটিৰ পৰা ঠিয়কৈ ১ মিটাৰ ওপৰলৈ নিবলৈ লগা শক্তি[5]
  • যেতিয়া সেই একেটা বিলাহী তললৈ সৰি পৰোতে লগা শক্তি।
  • ১ কিল'গ্ৰাম ভৰৰ বস্তু এটা ১ মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ডত ১ মিটাৰ নিবলৈ লগা শক্তি।
  • ১ গ্ৰাম পানী ০.২৪ ডিগ্ৰী চেলচিয়াচ ঊষ্ণতা বঢ়াবলৈ লগা শক্তি[6]
  • ৫০ কিল'গ্ৰামৰ এজন মানুহে ০.২ মিটাৰ প্ৰতি ছেকেণ্ডত গতি কৰোঁতে থকা গতি শক্তি[7]
  • ৫৬ গ্ৰামৰ টেনিছ বল এটাই ৬ মিটাৰ প্ৰতি ছেকেণ্ড বেগত যাওঁতে থকা গতি শক্তি
  • ১ ৱাটৰ বাল্ব এটা ১ ছেকেণ্ডৰ বাবে জ্বলাই ৰাখিবলৈ লগা বিদ্যুৎ শক্তি।

যেপ্টজুলসম্পাদনা কৰক

এক যেপ্টজুল (zJ) হৈছে এক জুলৰ 10−21 ভাগৰ সমান। ১৬০ যেপ্টজুল ১ ইলেক্ট্ৰন ভল্টৰ সমান।

নেনজুলসম্পাদনা কৰক

এক নেন'জুল(nJ) হৈছে এক জুলৰ 10−9 ৰ সমান। উৰি থকা মহ এটাৰ গতিশক্তিৰ ১/১৬০ ভাগ হৈছে এক নেন'জুল।

মাইক্ৰ'জুলসম্পাদনা কৰক

এক মাইক্ৰ'জুল(μJ) হৈছে এক জুলৰ 10−6ৰ সমান।

মিলিজুলসম্পাদনা কৰক

এক মিলিজুল(mJ) হৈছে এক জুলৰ 10−3 ৰ সমান।

কিল'জুলসম্পাদনা কৰক

এক কিল'জুল(kJ) হৈছে এক হাজাৰ জুলৰ সমান। পৃথিৱীৰ ১ বৰ্গমিটাৰে প্ৰতি ছেকেণ্ডত সূৰ্যৰ ১.৪ কিল'জুল শক্তি লাভ কৰে ( দিনৰ ভাগত)।

মেগাজুলসম্পাদনা কৰক

এক মেগাজুল(MJ) ১ মিলিয়ন জুলৰ সমান।

গিগাজুলসম্পাদনা কৰক

এক গিগাজুল(GJ) হৈছে ১ বিলিয়ন জুলৰ সমান।

টেৰাজুলসম্পাদনা কৰক

এক টেৰাজুল(TJ) ১ ট্ৰিলিয়ন জুলৰ সমান। হিৰ'শ্বিমাত পেলোৱা পৰমাণু বোমা পৰা ৬৩ টেৰাজুল শক্তি নিৰ্গমণ হৈছিল।

পেটাজুলসম্পাদনা কৰক

এক পেটাজুল(PJ) হৈছে ১ কোৱাড্ৰিলিয়ন(1015) জুলৰ সমান। মানুহে সজা বৃহত্তম নিউক্লিয়েৰ বিস্ফোৰণ চাৰ বম্বাৰ(Tsar Bomba) দ্বাৰা এই শক্তি নিৰ্গমণ হৈছিল।

এক্সাজুলসম্পাদনা কৰক

এক এক্সাজুল(EJ) হৈছে এক কুইণ্টিলিয়ন(1018) জুলৰ সমান।

যেট্টাজুলসম্পাদনা কৰক

এক যেট্টাজুল হৈছে (ZJ) এক ছেক্সটিলিয়ন (1021)জুলৰ সমান।

য়'ট্টাজুলসম্পাদনা কৰক

এক য়'ট্টাজুল(YJ) হৈছে এক ছেপ্টিলিয়ন(1024) জুলৰ সমান। পৃথিৱীৰ সমগ্ৰ পানী ১ ডিগ্ৰী চেলচিয়াছ ঊষ্ণতালৈ নিবলৈ লগা শক্তি প্ৰায় এক য'ট্টাজুলৰ সমান হ'ব। সূৰ্যৰ প্ৰতি ছেকেণ্ডৰ তাপীয় নিৰ্গমণ প্ৰায় ৪০০YJ।

ৰূপান্তৰণসম্পাদনা কৰক

১ জুলৰ সমান হৈছে:

  • (গ্ৰাম কেলৰি
  • (ফুট-পাউণ্ডেল)
  • (litre-atmosphere)
  • (ভৰ-শক্তি সমতুল্যতাৰ পৰা)

তথ্য সংগ্ৰহসম্পাদনা কৰক

  1. International Bureau of Weights and Measures (2006), The International System of Units (SI) (8th সম্পাদনা), p. 120, ISBN 92-822-2213-6, http://www.bipm.org/utils/common/pdf/si_brochure_8_en.pdf 
  2. American Heritage Dictionary of the English Language, Online Edition (2009). Houghton Mifflin Co., hosted by Yahoo! Education.
  3. The American Heritage Dictionary, Second College Edition (1985). Boston: Houghton Mifflin Co., p. 691.
  4. McGraw-Hill Dictionary of Physics, Fifth Edition (1997). McGraw-Hill, Inc., p. 224.
  5. "How much is 100 grams?". HealthAliciousNess. https://www.healthaliciousness.com/blog/How-much-is-100-grams.php। আহৰণ কৰা হৈছে: 2016-03-11. 
  6. "Units of Heat – BTU, Calorie and Joule". Engineeringtoolbox.com. http://www.engineeringtoolbox.com/heat-units-d_664.html। আহৰণ কৰা হৈছে: 2013-09-16. 
  7. Ristinen, Robert A.; Kraushaar, Jack J. (2006). Energy and the Environment (2nd সম্পাদনা). প্ৰকাশক Hoboken, NJ: John Wiley & Sons. ISBN 0-471-73989-8. 

বাহ্যিক সংযোগসম্পাদনা কৰক