ঝুনঝুনি গছ (বৈজ্ঞানিক নাম: Crotalaria pallida), সাধাৰণতে ঘণ্টাকৰ্ণ অন্য ভাষাত চিকু চিকু (chique chique), গাৰ্গেলিম ব্ৰেভো (gergellim bravo), জাইণ্ট ষ্ট্ৰিয়াটা (giant striata), গুইজ-ডে-কাচকাভেল (guizo-de-cascavel), মাৰাকা-ডে-কব্ৰা (maraca-de-cobra), ৰেটল ৱিড (rattleweed), ৰেটল বক্স (rattlebox), স্মুথ ক্ৰটালেৰিয়া (smooth crotalaria), ষ্ট্ৰিকড ৰেটলপড (streaked rattlepod), আদি নামেৰে জনাজাত এই উদ্ভিদজোপা ফেবেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ।[2][3]

ঝুনঝুনি গছ
ফুল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
পৰ্ব: Spermatophyta
উপপৰ্ব: Angiospermae
শ্ৰেণী: Dicotyledonae
বৰ্গ: Fabales
পৰিয়াল: Fabaceae
উপপৰিয়াল: Faboideae
গণ: Crotalaria
প্ৰজাতি: C. pallida
বৈজ্ঞানিক নাম
Crotalaria pallida
সমাৰ্থক
  • Crotalaria mucronata Desc,
  • Crotalaria striata DC,
  • Crotalaria falcata VAHL ex DC,
  • Crotalaria brownei DC.,
  • Crotalaria fertilis Delile,
  • Crotalaria hookeri Arn.,
  • Crotalaria pisiformis Guill. & Perr.,
  • Crotalaria siamica F.N.Williams,
  • Crotalaria striata var. acutifolia Trin.,
  • Crotalaria tinctoria Baill,
  • Crotalaria zuccarininana D.Dietr.[1][2]

এই গুল্মজাতীয় উদ্ভিদজোপা বাৰ্ষিক নাইবা অল্পজীৱি। ই প্ৰায় ১.৫ মিটাৰমান ওখ হয়। কাণ্ডত ক্ষুদ্ৰ ক্ষুদ্ৰ নোম থাকে। পাত তিনি পত্ৰিকাৰ প্ৰায় ২-৮.৫ চেমি দীঘল ঠাৰিত লাগি থাকে। , পত্ৰিকাবোৰ ডিম্বাকৃতিৰ। ফুল হালধীয়া, কেতিয়াবা ৰঙচুৱা হয়। এডাল দীঘল ঠাৰিত প্ৰায় ২০-৩০ পাহলৈকে ফুল ফুলে। ফল চিৰা চিৰা, মঙহাল, ভিতৰত ফোফোলা, প্ৰতি চিৰাত প্ৰায় ৩০-৪০ টালৈকে বীজ থাকে।[4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Crotalaria pallida Aiton Accepted Name". https://indiabiodiversity.org/species/show/32573. 
  2. 2.0 2.1 Jesse Wagstaff, D (2008-07-07). International Poisonous Plants Checklist. CRC Press. doi:10.1201/9781420062533. ISBN 9781420062526. 
  3. "Crotalaria pallida (smooth crotalaria)" (en ভাষাত). www.cabi.org. https://www.cabi.org/isc/datasheet/16160। আহৰণ কৰা হৈছে: 2018-11-19. 
  4. "Crotalaria pallida Aiton, 1789". https://lkcnhm.nus.edu.sg/dna/organisms/details/523.