টিপ্পনী নৃত্য

গুজৰাটৰ এক লোকনৃত্য

টিপ্পনী নৃত্য হৈছে ভাৰতৰ গুজৰাটৰ চৌৰাষ্ট্ৰ অঞ্চলৰ চোৰৱাড় আৰু ভেৰাভেল অঞ্চলৰ পৰা উৎপত্তি হোৱা লোক নৃত্য, গুজ নৃত্যৰ এটা ৰূপ৷ ই “মাতলা নাচ’’ বা “টিপ্পানি’’ নামেৰেও জনাজাত৷ এই নৃত্য “হোলী’’ বা “দেৱালী’’ জাতীয় আনন্দোৎসৱ বা গুজৰাটীৰ কোনো কোনো ঠাইত বিবাহ অনুষ্ঠানত পৰিৱেশন কৰা হয়৷ এই নৃত্য দেখাত প্ৰায় “দাণ্ডিয়া ৰাস’’ নৃত্যৰ দৰে৷ এই নৃত্য পৰিৱেশনতো দুডাল লাঠিৰ প্ৰয়োজন হয়৷ এই “মহিলাকেন্দ্ৰিক” নৃত্যত ব্যৱহৃত সাজ-পোছাক মূলতঃ “কেডিয়া” নামেৰে জনাজাত টান হাতৰ আঁচলৰ চুটি কোট এটাৰে গঠিত। ইয়াৰ উপৰিও শিল্পীসকলে “চুৰিদাৰ” আৰু অতি ৰঙীন আৰু সজোৱা টুপি বা পাগুৰি পিন্ধে আৰু কঁকালৰ বেণ্ড মাৰি লয়।[1]

ব্যুৎপত্তি সম্পাদনা কৰক

টিপ্পনি নৃত্য পৰিৱেশন কৰিবলৈ প্ৰায় ১৭৫ চে.মি.ৰ দুডাল দীঘল কাঠৰ লাঠি তৈয়াৰী “টিপ্পানি’’ৰ প্ৰয়োজন হয়৷ আৰু তাৰ একোটা মূৰ “গাৰ্বো’’ নামৰ বৰ্গক্ষেত্ৰ আকাৰৰ কাঠ বা লোহাৰ ব্লক এটাৰ তলত সংযুক্ত কৰা হৈয় যাতে ই বিপৰীত শাৰীত শক্তিশালী হয়। পুৰণি কালত ঘৰ বা মজিয়াৰ ভেটিত চূণ চেপিবলৈ এই আহিলাবিধ ব্যৱহাৰ কৰা হৈছিল। টিপ্পনী নৃত্য এই আহিলাৰ প্ৰয়োগেৰে কুলী সম্প্ৰদায়ৰ লোকৰ মাজত কামৰ অৱসৰৰ মাজত আৰু কামৰ ফাঁকে ফাঁকেও কামত উৎসাহ অনাৰ বাবে উৎপত্তি কৰা হৈছিল, যিসকলে সেই সময়ত শিল ভাঙি মাটি সমতল কৰা শ্ৰমিকৰ কাম কৰিছিল৷[2][3][4]

নৃত্যৰ শৈলী সম্পাদনা কৰক

শ্ৰমিকসকলৰ মাজৰ মহিলা শ্ৰমিকসকলেই বিশেষতঃ টিপ্পনী নৃত্য পৰিৱেশন কৰে৷ লোকসংগীতৰ তালে তালে মহিলাসকলে দুটি বিপৰীত শাৰী হৈ থিয় দি মজিয়াত টিপ্পনী নামৰ আহিলা বিধেৰে খুন্দিয়াই খুন্দিয়াই নাচিবলৈ ধৰে৷ “তুৰি’’ আৰু “থালি’’ নামৰ কাঁহেৰে তৈয়াৰী দুটি আহিলা সংগীত সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ আন বাদ্যযন্ত্ৰ, যেনে, জাঞ্জ, তাল, মঞ্জিৰা, তবলা, ঢোল আৰু চেহনাই হ’ল এই নৃত্যৰ সংগীতত ব্যৱহৃত প্ৰধান বাদ্যযন্ত্ৰ[2][3][4][5][6] এই নৃত্য উৎসৱ আৰু বিয়া অনুষ্ঠানত পৰিৱেশন কৰা হয়৷[7] একে ধৰণৰ তালত টিপ্পনি মাটিত খুন্দিয়াই খুন্দিয়াই আৰু লগতে গান গাই গাই নাচ আৰম্ভ কৰা হয়৷ ক্ৰমশঃ গীতৰ লয় দ্ৰুত হ’বলৈ ধৰে আৰু নৃত্য শিল্পীসকলে পৰ্যায়ক্ৰমে টিপ্পনীৰে মাটিত আঘাত কৰিয়েই থাকে৷ গীত দ্ৰুত হোৱাৰ পিছত টিপ্পনীৰ তালে তালে শৰীৰো দুলিবলৈ ধৰে আৰু নাচ আৰম্ভ হয়৷ নাচৰ চৰম সময় উপস্থিত হ’লে মহিলাসকল পুনৰ শাৰীবদ্ধ হৈ যায় আৰু খুব দ্ৰুতবেগে মাটিত সশব্দে আঘাত কৰিবলৈ ধৰে৷ এই নৃত্য ৰূপৰ বিশেষ বৈশিষ্ট হ’ল, ইয়াৰ গতিময়তা আৰু সুৰৰ লয় অনুসাৰে পদ সঞ্চালনৰ লগে লগে টিপ্পনীৰ ক্ৰমবৰ্ধমান ক্ষিপ্ৰতৰ গতি৷[4]

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. https://danceask.net/tippani-dance-gujarat-india/
  2. 2.0 2.1 Manorma Sharma (2004). Folk India: A Comprehensive Study of Indian Folk Music and Culture. Sundeep Prakashan. পৃষ্ঠা. 253–265. ISBN 978-81-7574-136-2. https://books.google.com/books?id=qzLaAAAAMAAJ. 
  3. 3.0 3.1 "Tippani Dance in India". India9. 1 January 2010. http://www.india9.com/i9show/Tippani-Dance-27970.htm। আহৰণ কৰা হৈছে: 12 June 2016. 
  4. 4.0 4.1 4.2 "Tippani Folk Dance in Gujarat". Discovered India. http://www.discoveredindia.com/gujarat/culture-in-gujarat/dance-in-gujarat/tippani-dance.htm। আহৰণ কৰা হৈছে: 12 June 2016. 
  5. Harkant Shukla (1966). Folk Dances of Gujarat. Directorate of Information and Tourism. পৃষ্ঠা. 17–18. https://books.google.com/books?id=bLYMAAAAYAAJ. 
  6. Dances Of India. Har-Anand Publications Pvt. Limited. 1 August 2010. পৃষ্ঠা. 52. ISBN 978-81-241-1337-0. https://books.google.com/books?id=GC9Vegt10IwC&pg=PA52. 
  7. Anjali H. Desai (2007). India Guide Gujarat. India Guide Publications. পৃষ্ঠা. 44. ISBN 978-0-9789517-0-2. https://books.google.com/books?id=gZRLGZNZEoEC&pg=PA44.