ডাৱৰ আৰু নাই (ইংৰাজী: Daawor aru Nai) হৈছে অসমৰ সাহিত্যিক, ঔপন্যাসিক যোগেশ দাসৰ দ্বাৰা লিখিত এখনি উপন্যাস। উপন্যাসখনৰ পটভূমি হৈছে দ্বিতীয় মহাযুদ্ধ। ১৯৫৫ চনত প্ৰকাশিত হোৱা গ্ৰন্থখন যোগেশ দাসৰ দ্বিতীয়খন উপন্যাস।[1]

ডাৱৰ আৰু নাই  
লেখক যোগেশ দাস
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশ ১৯৫৫
মিডিয়া প্ৰকাৰ মুদ্ৰণ

গ্ৰন্থকাৰৰ চমু পৰিচয় সম্পাদনা কৰক

যোগেশ দাস (১৯২৭-১৯৯৯) হৈছে অসমৰ এজন চুটিগল্প আৰু ঔপন্যাসিক। তেখেতে ১৯৮০ চনত পৃথিৱীৰ অসুখ শীৰ্ষক গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৮৫ চনত তেখেত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিবেশনৰ সভাপতি নিৰ্বাচিত হোৱাৰ উপৰিও আন আন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল।

গ্ৰন্থৰ চমু পৰিচিতি সম্পাদনা কৰক

দ্বিতীয় মহাসমৰৰ পটভূমিত ৰচিত উপন্যাসখনত অসমৰ চাহ বাগিচাৰ ঘটনা-প্ৰৱাহে বিশেষ গুৰুত্ব লাভ কৰিছে। যুদ্ধ-বিষয়ক মৌলিক উপন্যাস হিচাপে উপন্যাসখনৰ বিশেষ মৰ্যাদা আছে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. বৰুৱা, শান্তনু কৌশিক (২০২০). "কেইখনমান গ্ৰন্থৰ চমু পৰিচিতি". অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ৬০৪. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮.