যোগেশ দাস
যোগেশ দাস (ইংৰাজী: Jogesh Das) অসমৰ এজন চুটিগল্প আৰু উপন্যাস লেখক তথা সাংবাদিক। তেখেতৰ জন্ম হৈছিল ১৯২৭ চনৰ ১ এপ্ৰিলত।[2][3] তেখেতে ১৯৮০ চনত 'পৃথিৱীৰ অসুখ' গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।[3] তেখেত ১৯৮৫ চনত অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিবেশনৰ সভাপতি[4] নিৰ্বাচিত হোৱাৰ উপৰিও আন আন সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত আছিল।[2]
যোগেশ দাস | |
---|---|
![]() | |
জন্ম | ১ এপ্ৰিল, ১৯২৭ অসম |
মৃত্যু | ৯ ছেপ্টেম্বৰ, ১৯৯৯ (৭২ বছৰ) |
পেচা | লেখক, সাংবাদিক, অধ্যাপক |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | এম.এ. |
মাতৃশিক্ষায়তন | গুৱাহাটী বিশ্ববিদ্যালয় |
সময় | ১৯৫৩-১৯৯৯ |
ধৰণ | কাল্পনিক |
উল্লেখনীয় কৰ্মৰাজি | পৃথিৱীৰ অসুখ ডাৱৰ আৰু নাই |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (১৯৮০)[1] অসম উপত্যকা সাহিত্য বঁটা (১৯৯৪) |
শিক্ষা আৰু চাকৰিসম্পাদনা কৰক
যোগেশ দাসে ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত এম.এ, ডিগ্ৰী লাভ কৰে। তেখেতে সাংবাদিকতাৰে কৰ্মজীৱন আৰম্ভ কৰিলেও পিছলৈ অধ্যাপনাৰ বৃত্তি গ্ৰহণ কৰে আৰু গুৱাহাটীৰ বি. বৰুৱা মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে[2]
মৃত্যুসম্পাদনা কৰক
১৯৯৯ চনৰ ছেপ্তেম্বৰ মাহৰ ৯ তাৰিখে তেখেতৰ মৃত্যু হয়।
লেখক জীৱনসম্পাদনা কৰক
যোগেশ দাসে পঞ্চাছৰ দশকত এজন লেখক হিচাপে আত্মপ্ৰকাশ কৰে। চুটিগল্প আৰু উপন্যাস তেখেতে সমান দক্ষতাৰে লিখি যায়। ১৯৫৩ চনত তেখেতৰ প্ৰথম উপন্যাস "কলপটুৱাৰ মৃত্যু" প্ৰকাশ পায়। ১৯৫৫ চনত তেখেতৰ দ্বিতীয় উপন্যাস 'ডাৱৰ আৰু নায়ে' তেখেতক এজন শক্তিশালী ঔপন্যাসিক ৰূপে প্ৰতিষ্ঠা কৰে। এই গ্ৰন্থখন নেশ্যনেল বুক ট্ৰাষ্টৰ দ্বাৰা ভাৰতৰ প্ৰধান ভাষাসমূহলৈ অনূদিত হৈছে।[2] তেখেতৰ আন এখন প্ৰখ্যাত গ্ৰন্থ আছিল চুটিগল্পৰ সংকলন 'পৃথিৱীৰ অসুখ'।[3] তেখেতৰ "Folklore of Assam" গ্ৰন্থখনত অসমৰ লোক-সংস্কৃতিৰ সৰল অথচ বিশদ বিৱৰণ পোৱা যায়।[2]
সাহিত্য কৰ্মসম্পাদনা কৰক
|
|
বঁটাসম্পাদনা কৰক
- ১৯৮০ চনত চুটিগল্প সংকলন 'পৃথিৱীৰ অসুখ'ৰ বাবে সন্মানীয় সাহিত্য অকাডেমি বঁটা[3]
- ১৯৯৪ চনত অসমীয়া সাহিত্যলৈ অৱদানৰ বাবে অসম উপত্যকা সাহিত্য বঁটা[5]
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ 2.0 2.1 2.2 2.3 2.4 Dutta, Amaresh (2006). The Encyclopaedia Of Indian Literature. 1. Sahitya Akademi. পৃষ্ঠা. 869. ISBN 9788126018031. http://books.google.co.in/books?id=ObFCT5_taSgC&pg=PA869&lpg=PA869&dq=folklore+of+assam,+by+JOGESH+DAS&source=bl&ots=mUF_ZCGUwa&sig=BL6XhGE-CMlPX4Ckek_0pVRgGjA&hl=en&ei=K2ppS96hFY2wtgeFo4zfBg&sa=X&oi=book_result&ct=result&resnum=4&ved=0CA8Q6AEwAw#v=onepage&q=folklore%20of%20assam%2C%20by%20JOGESH%20DAS&f=false.
- ↑ 3.0 3.1 3.2 3.3 "Assamese literature". India on web. http://www.indiaonweb.com/News1-84/ASSAMESE.html?newsid=336। আহৰণ কৰা হৈছে: 3 February 2010.
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- ↑ Express News Service (Tuesday, January 2, 2001). "Assam Valley literary award for Assamese poet". Indian Express. http://www.indianexpress.com/ie/daily/20010102/ina02040.html। আহৰণ কৰা হৈছে: 3 February 2010.