ডৌডৌ (ইংৰাজী: Dodo; ৰেফাচ কুকুলেটাচ) ভাৰত মহাসাগৰৰ মৰিচাচ দ্বীপৰ থলুৱা চৰাই আছিল। ইহঁত উৰিব নোৱাৰা চৰাই আছিল। ১৬ শতিকাৰ শেষত মানুহে ইহঁতৰ বৰ বেছিকৈ চিকাৰ কৰাৰ ফলত ইহঁত বিলুপ্ত হৈ গৈছিল।[1] জীয়াই থকা জীৱৰ ভিতৰত ইহঁত পাৰ আৰু কপৌ চৰাইৰ লগত আটাইতকৈ ওচৰ-সম্পৰ্কীয়, আৰু ইহঁতক ৰেফাইনায় উপপৰিয়ালে সাঙুৰি লয়। জিনীয়ভাবে ইহঁতৰ আটাইতকৈ ওচৰ-সম্পৰ্কীয় চৰাই আছিল ৰডুৰিগেচ চলিটাইৰ যিও বিলুপ্ত। জীয়াই থকাৰ ভিতৰত ইহঁতৰ আটাইতকৈ ওচৰ-সম্পৰ্কীয় জীৱ হৈছে নিকোবৰীয়া পাৰ। ইহঁতৰ আকাৰ কুকুৰাৰ সমান, ওজন ২০ কেজি আৰু ইহঁত এক মিটাৰ ওখ আছিল। ইহঁতে মাটিত বাহ সাজিছিল আৰু থলুৱা ফলমূল খাইছিল। ইহঁত কুকুৰাতকৈ অলপ ডাঙৰ, শকত-আপত আৰু ধেপেচা আছিল। ইহঁতৰ ঠেং চুটি আৰু দুৰ্বল আছিল। ইহঁতৰ পাখিও চুটি চুটি আছিল যিয়ে উৰাত সহায় নকৰিছিল। সেইবাবে ইহঁতে খৰকৈ দৌৰিবও নোৱাৰিছিল, উৰিবও নোৱাৰিছিল।[2] বেলেগ বেলেগ ৰঙৰ ডৌডৌ হালি হালি পৰি পৰি জাকত চৰি ফুৰিছিল, আৰু থলুৱা লোকে আমোদ পাইছিল। ডৌডৌ শব্দটো পৰ্তুগীজ শব্দ দ’ওদ’ৰ পৰা আহিছে, যাৰ অৰ্থ মুৰ্খ। ইহঁতক মোগল দৰবাৰলৈও নিয়া হৈছিল আৰু তাত ইহঁতৰ ছবি অঁকা হৈছিল বুলি মানুহে কয়। কিছুমান জীৱবিজ্ঞানীৰ মতে ডৌডৌ চৰাইৰ পূৰ্বপুৰুষে উৰিব পাৰিছিল কিন্তু পৰিস্থিতিৰ বাবে লাহে লাহে উৰণ ক্ষমতা নাইকিয়া হৈ গৈছিল। ডৌডৌ মৰিচাচৰ ৰাষ্ট্ৰীয় চিনত আছে।[2]

ডৌডৌ
অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাকৃতিক ইতিহাস যাদুঘৰত নতুন গৱেষণাবোৰ দেখুৱাই ডৌডৌৰ পুনৰনিৰ্মাণ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: animalia
পৰ্ব: মেৰুদণ্ডী
শ্ৰেণী: চৰাই
বৰ্গ: কোলম্বিফৰ্ম
পৰিয়াল: কোলম্বিডি
উপপৰিয়াল: †ৰফাইনি
গণ: ৰেফাচ
ব্ৰিচন, ১৭৬০
প্ৰজাতি: আৰ.কুকুলেটাচ
বৈজ্ঞানিক নাম
ৰেফাচ কুকুলেটাচ
(লিনিয়াচ, ১৭৫৮)
আগতে থকা ঠাই (ৰঙা ৰঙত)
সমাৰ্থক
  • Struthio cucullatus লিনিয়াচ, ১৭৫৮
  • Didus ineptus লিনিয়াচ, ১৭৬৬

ডৌডৌক মানুহৰ ফলত হোৱা সলনি নোহোৱা ঘটনাবোৰৰ উদাহৰণ হিচাপে লোৱা হয়। মানুহ অহাৰ আগতে মৰিচাচ দ্বীপত ডৌডৌৰ কোনো প্ৰাকৃতিক চিকাৰী নাছিল। সেউবাবেই ডৌডৌৰ উৰাৰ কোনো দৰকাৰ নাছিল আৰু গতিকে উৰিব নোৱাৰিছিল। ইহঁতে মানুহক ভয় নকৰিছিল আৰু উৰিব নোৱাৰাৰ বাবে সহজতে চিকাৰ হৈছিল।

টোকা সম্পাদনা কৰক

  1. BirdLife International (2006). Refs calculator. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 2006-12-07. डाटाबेस प्रविष्टि में इस प्रजाति के विलुप्त दर्शाने का कारण निहित है।
  2. 2.0 2.1 "डोडो को पुनर्जीवित करने का प्रयास". बीबीसी हिन्दी समाचार. 2002-09-14. http://www.bbc.co.uk/hindi/news/020914_dodo_at.shtml.