ড° মালিনী

বিজ্ঞানী, লেখিকা, গৱেষিকা, বক্তা আৰু ৰামায়ণী তথা মহাকাব্যিক সাহিত্যৰ এগৰাকী চৰ্চাকাৰী
(ড০ মালিনীৰ পৰা পুনঃনিৰ্দেশিত)

ড০ নীলিমা শইকীয়া (ইংৰাজী: Dr Neelima Saikia) বা ড০ মালিনী (ইংৰাজী: Dr Malinee ) হৈছে অসম, ভাৰতৰ এগৰাকী বিজ্ঞানী, লেখিকা, গৱেষিকা, বক্তা আৰু ৰামায়ণী তথা মহাকাব্যিক সাহিত্যৰ এগৰাকী চৰ্চাকাৰী৷ তেখেত যোৰহাট, অসমস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠানৰ (পূৰ্বতে আঞ্চলিক গৱেষণাগাৰ) প্ৰাক্তন বিজ্ঞানী৷ ড০ নীলিমা শইকীয়াই মাটিৰ অণুজীৱবিজ্ঞান, জৈৱিক উপায়েৰে মাটি প্ৰৱন্ধনৰ লগতে আৰু উদ্ভিদ আৰু ভূ-স্বাস্থ্যৰ দিশত অভিজ্ঞতা অৰ্জন কৰিছে৷ জৈৱ-প্ৰতিকাৰৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতে ২০০৩-০৪ চনত ভাৰত চেম্বাৰছ অৱ কমাৰ্ছৰ তৰফৰ পৰা বি.পি. পোড্ডাৰ স্মাৰক বঁটা পাবলৈ সক্ষম হৈছিল৷ ড০ মালিনী ৰামায়ণী আৰু মহাকাব্যিক সাহিত্যৰ এগৰাকী চৰ্চাকাৰী৷ ৰামায়ণ আৰু মহাভাৰতৰ বহুকেইটা নাৰী চৰিত্ৰ তেখেতৰ উপন্যাসৰ কেন্দ্ৰীয় চৰিত্ৰ৷ ইয়াৰ উপৰি ড০ মালিনীয়ে বিজ্ঞানভিত্তিক আৰু বিশ্লেষণাত্মক গ্ৰন্থও ৰচনা কৰিছে৷ তেখেত যোৰহাট তৰাজানস্থিত মহাকাব্যিক অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক-সচিব৷ [1]

ড০ মালিনী
জন্ম নীলিমা শইকীয়া
যোৰহাট, অসম
ছদ্মনাম ড০ মালিনী
পেচা বিজ্ঞানী, লেখিকা, বক্তা, গৱেষিকা, উপদেষ্টা
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ধৰণ অসমীয়া সাহিত্য
বিষয় ৰামায়ণী সাহিত্য
উল্লেখনীয় কৰ্মৰাজি -মন্দোদৰী
-যাজ্ঞসেনী
-বিদেহ নন্দিনী
উল্লেখযোগ্য বঁটা
  • বি. পি. পোড্ডাৰ স্মাৰক বঁটা (২০০৩-০৪)
  • কুমাৰ কিশোৰ সাহিত্য বঁটা (২০১৩)
  • বিদ্যা সাগৰ সন্মান (২০১৪)
  • পৰিৱেশৰ বাবে এম.এফ. হুছেইন আন্তৰ্জাতিক বঁটা (২০১৪)
  • সাহিত্য বঁটা (২০১৬)
ৱেবছাইট http://www.drmalini.com

বৈজ্ঞানিক কৰ্ম সম্পাদনা কৰক

ড০ নীলিমা শইকীয়া সামাজিক-অৰ্থনৈতিক বিকাশৰ বাবে একাধিক প্ৰযুক্তিৰ বিকাশ সাধন কৰিছে৷ এতিয়ালৈকে তেখেতে পঞ্চাছখনতকৈও অধিক গৱেষণা-পত্ৰ প্ৰস্তুত কৰিছে৷ ড০ নীলিমা শইকীয়া ছটা পেটেণ্টৰ অধিকাৰী৷ নতুন দিল্লীত নতুনকৈ স্থাপিত হোৱা বৈজ্ঞানিক আৰু উদ্ভাৱনমূলক গৱেষণা একাডেমি(AcSIR)ত তেখেতে সহযোগী ডিন হিচাপে দায়িত্ব পালন আৰু কৰ্ম সম্পাদন কৰিছিল৷ [1]

ড০ নীলিমা শইকীয়া জড়িত হৈ থকা দুটামান বৈজ্ঞানিক প্ৰকল্প তলত উল্লেখ কৰা হৈছে[2] :

(১) চাহ খেতিৰ অধীনৰ মাটিত জৈৱ-পচনশীল কীটনাশকৰ প্ৰতি জীৱাণুজনিত সঁহাৰি, অভ্যন্তৰীণ, নতুন দিল্লী, ১৯৮৭-৯২
(২) মাটিৰ মাইক্ৰ'ফ্লোৰাৰ ওপৰত কৃষি-ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষি বিভাগৰ পৰা লাভ কৰা পুঁজিৰ সহায়ত, ১৯৮৯-৯২
(৩) কৃষি, পাৰিপাৰ্শ্বিক প্ৰদূষণ, জৈৱনিয়ন্ত্ৰণ (কীট, ভেঁকুৰ আৰু অপতৰণ নিয়ন্ত্ৰক) আৰু ভূমি উৰ্বৰতাৰ বাবে ভূ অণুজীৱৰ ব্যৱহাৰ, অভ্যন্তৰীণ, নতুন দিল্লী, ১৯৯৭-২০০২
(৪) খাৰুৱা তেলৰ দ্বাৰা দূষিত হোৱা মাটিত উৎপন্ন উদ্ভিদৰ ৰক্ষণাবেক্ষণ, নিৰীক্ষণ আৰু বিষাক্ততা নিৰ্ধাৰণ, তেল আৰু প্ৰাকৃতিক গেছ নিগম, শিৱসাগৰ, অসম, ভাৰত, ২০০১-২০০৩
(৫) পৰিৱেশ সুৰক্ষাৰ বাবে উদ্ভিদ বিকাশ কৰি ড্ৰিল চাইটবোৰৰ বায়'-ফাইট' প্ৰতিকাৰৰ এক পদ্ধতি : অ'এনজিচিৰ পৃষ্ঠপোষকতাত, ২০০৮-২০১১

সাহিত্যিক কৰ্ম সম্পাদনা কৰক

ড০ নীলিমা শইকীয়াৰ ছদ্ম নাম হৈছে ড০ মালিনী৷ এইটো নামেৰেহে তেখেত পাঠক সমাজৰ ওচৰত পৰিচিত৷ তেখেতে বিগত সময়ত ৰামায়ণ আৰু মহাভাৰতৰ অনেক নাৰী চৰিত্ৰৰ আধাৰত কেইখনমান উপন্যাস ৰচনা কৰিছে৷ তেখেতৰ একাংশ গ্ৰন্থ ইংৰাজী ভাষালৈও অনূদিত হৈছে৷ ইয়াৰোপৰি শিশু আৰু বিজ্ঞানমূলক লেখাৰ পঢ়ুৱৈসকলৰ বাবেও তেখেতে গ্ৰন্থ আৰু নিয়মীয়াকৈ প্ৰবন্ধ ৰচনা কৰিছে৷ তেখেতৰ মুঠ গ্ৰন্থৰ সংখ্যা চল্লিচখনতকৈও অধিক৷ [1]তেখেতৰ দুখনমান গ্ৰন্থ তলত উল্লেখ কৰা হৈছে৷ [3]

  • গৱেষণা গ্ৰন্থ

(১) বাল্মিকী ৰামায়ণ : মত-দ্বিমত আৰু বিশ্লেষণ (বাল্লিমী ৰামায়ন : দৃষ্টিভংগী, সংঘাত আৰু বিশ্লেষণ) (২০১৭)

  • উপন্যাস

(১) বিদেহ নন্দিনী (২০০৮)
(২) যাজ্ঞসেনী (২০০৯)
(৩) কাশী কন্যা অম্বা (২০১০)
(৪) মন্দোদৰী (২০১২)
(৫) ঋষি কন্যা (২০১৩) (৬) সুৰাংগনা (২০১৬)

  • গল্প

(১) মৰহা ফুলৰ সুবাস (১৯৯৭)
(২) বৃত্তৰ পৰিধিৰ বাহিৰত (২০০১)
(৩) নতুন যুগৰ সূচনা (২০০৩)
(৪) ৰোমন্থন (২০০৫)
(৫) ড০ মালিনীৰ স্ব-নিৰ্বাচিত গল্প (২০১১) (৬) অজান পখী (২০১৬)

  • শিশুৰ বাবে লিখা গ্ৰন্থ

(১) অকণিহঁতলৈ সাধুৰ চলেৰে বিজ্ঞান (১৯৯৫)
(২) বিজ্ঞান বিচিত্ৰা (২০০০)
(৩) জানানে? বিজ্ঞানৰ বিচিত্ৰ কথা (২০০০)
(৪) আমাৰ চৌপাশ (২০০৮)
(৫) দৈনন্দিন জীৱনত বিজ্ঞান (১৯৯৯)

  • সম্পাদনা

(১) ভাৰতীয় বিজ্ঞানী : ৪৮গৰাকী প্ৰখ্যাত ভাৰতীয় বিজ্ঞানীৰ বিষয়ে, ২০১০

  • জীৱনী'

(১) ড০ মহেশ্বৰ নেওগ, ১৯৯৮

বঁটা সম্পাদনা কৰক

(১) পৰিৱেশৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য সেৱাৰ বাবে ড০ এম.এফ. হুছেইন আন্তৰ্জাতিক পৰিৱেশ বঁটা, ২০১৪, মহাত্মা ফুলে টেলেণ্ট ৰিচাৰ্ছ একাডেমি,[4]
(২) ভাৰতীয় সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০১৩ চনত বিদ্যা সাগৰ বঁটা প্ৰদান কৰা হয়৷ এই বঁটাটো বিক্ৰমশীলা বিশ্ববিদ্যালয়ে প্ৰদান কৰে, যিটো শিক্ষানুষ্ঠানখনৰ ডক্তৰেট ডিগ্ৰীৰ সমতুল্য৷ ২০১৩ চনৰ ১৩-১৪ ডিচেম্বৰত হাৰিয়ানাৰ উজ্জয়িনীত অনুষ্ঠিত হোৱা শ্ৰী ৰাম সেৱা আশ্ৰমৰ সাহিত্য অধিৱেশনত প্ৰদান কৰা হয়, [5]
(৩) প্ৰাথমিক শিক্ষা আৰু সাক্ষৰতা বিভাগ, মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ অধীনত প্ৰাপ্তবয়স্ক শিক্ষা সঞ্চালকালয়ৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা, ২০০১, আদৰ্শ বোৱাৰী শীৰ্ষক গ্ৰন্থৰ বাবে, (নৱশিক্ষিতসকলৰ বাবে গ্ৰাম্য-প্ৰযুক্তিৰ সন্দৰ্ভত কিতাপ)[6]
(৪) এনচিআৰটিইৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা, ১৯৯৯, সাধুৰ চলেৰে বিজ্ঞান শীৰ্ষক গ্ৰন্থৰ বাবে[7]
(৫) বি.পি. পোড্ডাৰ স্মাৰক বঁটা, ২০০৪, বৈজ্ঞানিক প্ৰকল্পৰ বাবে, প্ৰকল্পৰ বিষয়-Development of vegetation in crude oil contaminated soil through application of bioformulation (2001-2003)[8]
(৬) সাহিত্য বঁটা, ডিচেম্বৰ ২০১৪, সদৌ অসম লেখিকা সমাৰোহ সমিতি,[9]
(৭) মন্দোদৰী উপন্যাসৰ বাবে কুমাৰ কিশোৰ সাহিত্য বঁটা, ২০১৩, অসম সাহিত্য সভা[10]
(৮) সম্প্ৰীতি শইকীয়া স্মাৰক বঁটা, ডিচেম্বৰ ২০১১, সদৌ অসম লেখিকা সমাৰোহ সমিতি,[11]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "About Dr. Malini". আনুষ্ঠানিক ৱেবছাইট. http://www.drmalini.com/about_malini.php। আহৰণ কৰা হৈছে: 30 March 2022. 
  2. "Scientific Projects". http://www.drmalini.com/scientific_projects.php। আহৰণ কৰা হৈছে: 30 March 2022. 
  3. "Publications Literature". http://www.drmalini.com/publications.php। আহৰণ কৰা হৈছে: 30 March 2022. 
  4. http://www.drmalini.com/international_award2014.php
  5. http://www.drmalini.com/national_award2013.php
  6. http://www.drmalini.com/national_award2001.php
  7. http://www.drmalini.com/national_award1999.php
  8. http://www.drmalini.com/national_award2004.php
  9. http://www.drmalini.com/state_award2014.php
  10. http://www.drmalini.com/state_award2013.php
  11. http://www.drmalini.com/state_award2011.php