তবাৰানা কাথে (ইংৰাজী: Tabarana Kathe; অৰ্থ: তবাৰানাৰ কথা) ১৯৮৭ চনত মুক্তি পোৱা, গিৰীশ কাছাৰৱল্লী পৰিচালিত কানাড়া ভাষাৰ এখন চলচ্চিত্ৰ। পূৰ্ণচন্দ্ৰ তেজস্বীৰ একে নামৰ চুটিগল্পৰ আধাৰত ছবিখনখনৰ কাহিনী ৰচনা কৰা হৈছিল।[1] চলচ্চিত্ৰ ইতিহাসবিদ এছ থিয়ডৰ বাস্কাৰে ৰেডিফ ডট কমৰ সৰ্বকালৰ দহখন শ্ৰেষ্ঠ ভাৰতীয় ছবিত তবাৰানা কাথেক স্থান দিছিল।[2]

তবৰানা কাথে
পৰিচালক গিৰীশ কাছাৰাৱল্লী
ৰচনা পুৰ্ণচন্দ্ৰ তেজস্বী
চিত্ৰনাট্য গিৰিশ কাছাৰাৱল্লী
প্ৰযোজক গিৰীশ কাছাৰাৱল্লী
অভিনয়ত চাৰুহাচান
নলিনী মূৰ্তি
আৰ নাগেশ
চিত্ৰগ্ৰহণকাৰী মধু অম্বত
সম্পাদনা এম এন স্বামী
সংগীত পৰিচালক এল বৈদ্যনাথন
পৰিবেশক অপূৰ্ব চিত্ৰ
দৈৰ্ঘ্য
১১০ মিনিট
দেশ ভাৰত
ভাষা কানাড়া

কাহিনীৰ সাৰাংশ

সম্পাদনা কৰক

তবাৰানা কাথেৰ কাহিনী হৈছে চকীদাৰৰ চাকৰি কৰা এজন চৰকাৰী কৰ্মচাৰী তবাৰা শ্বেট্টীৰ। অৱসৰ পৰ্যন্ত তেওঁ চৰকাৰৰ সেৱা আগবঢ়ায়। তেওঁ এজন নিষ্ঠাবান কৰ্মী আৰু সেই ব্যৱস্থাটোক সন্মান কৰে, য’ত তেওঁ এক দীঘলীয়া সময় কটালে। কিন্তু অৱসৰৰ পিছত সমস্যাৰ সৃষ্টি হয়।

তবাৰাই পেঞ্চনৰ টকা নাপায়। বৃদ্ধ তবাৰাই তেওঁ সেৱা আগবঢ়োৱা বিষয়াসকলৰ কাষ চাপে। কেইজনমান সহানুভূতিশীল মানুহৰ বাহিৰে তবাৰাক পেঞ্চন পোৱাত কোনেও সহায় নকৰে। যেতিয়া তেওঁৰ পত্নী আৰু একমাত্ৰ সংগী মধুমেহ ৰোগত আক্ৰান্ত হয়, তেতিয়া পৰিস্থিতি অধিক বেয়ালৈ ঢাল খায়। পত্নীয়ে ভৰিৰ বিষত ভূগে আৰু সেইটোৱে হৈ গেংগ্ৰিনত পৰিণত হয়। তবাৰাই চিকিৎসাৰ বাবে পেঞ্চনৰ ধনখিনি পাবলৈ সকলো ধৰণে চেষ্টা কৰে। কেইমাহমানৰ পাছত তেওঁৰ পত্নীৰ মৃত্যু হয়। তাৰ পিছতে তেওঁৰ পেঞ্চনৰ ধন মুকলি হয়। তবাৰাই তেওঁৰ উচ্চপদস্থ বিষয়া আৰু সেই ব্যৱস্থাটোক অভিশাপ দিয়ে, যিয়ে তেওঁৰ জীৱন ধ্বংস কৰিলে।

বঁটা আৰু প্ৰদৰ্শন

সম্পাদনা কৰক

তবাৰানা কাথে তাচখণ্ড, নাণ্টেচ, টকিঅ’ আৰু ৰুচিয়া চলচ্চিত্ৰ মহোৎসৱকে ধৰি বহু কেইখন মহোৎসৱত প্ৰদৰ্শন হৈছিল।

৩৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা[3][4]

  • শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ
  • শ্ৰেষ্ঠ অভিনেতা- চাৰুহাচান

কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা

  • শ্ৰেষ্ঠ চলচ্চিত্ৰ
  • শ্ৰেষ্ঠ পৰিচালক- গিৰীশ কাছাৰৱল্লী
  • শ্ৰেষ্ঠ কাহিনী- পূ্ৰ্ণচন্দ্ৰ তেজস্বী
  • শ্ৰেষ্ঠ সংলাপ- পূ্ৰ্ণচন্দ্ৰ তেজস্বী
  • শ্ৰেষ্ঠ অভিনেতা- চাৰুহাচান
  • শ্ৰেষ্ঠ সম্পাদনা- এম এন স্বামী
  • শ্ৰেষ্ঠ শিশুশিল্পী (পুৰুষ)- সন্তোষ নন্দনবনম

বাহ্যিক সংযোগ

সম্পাদনা কৰক