সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ

(তৃণমূল কংগ্ৰেছৰ পৰা পুনঃনিৰ্দেশিত)

সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ (ইংৰাজীঃ All India Trinamool Congress; সংক্ষিপ্ত ৰূপত. AITC), সাধাৰণভাৱে তৃণমূল কংগ্ৰেছ (সংক্ষিপ্ত ৰূপত. TMC) হৈছে এটা ভাৰতীয় ৰাজনৈতিক দল যিটো প্ৰধানকৈ পশ্চিমবংগত সক্ৰিয়।[1] দলটোৰ নেতৃত্বত আছে পশ্চিম বংগৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, যি ২০১১ চনৰ পৰা ৰাজ্যখনৰ নেতৃত্বত আহিছে। বৰ্তমান ই সংসদৰ তৃতীয় বৃহত্তম দল আৰু লোকসভাত ২৩ জন সদস্য আৰু ৰাজ্যসভাত ১৩ জন সদস্যৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যিক বিধানসভাত ২৩৫ জন বিধায়ক আছে; ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঠিক পিছতেই।[2][3] ২০১৬ চনত ভাৰতৰ নিৰ্বাচন আয়োগে তৃণমূল কংগ্ৰেছক ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাপে স্বীকৃতি প্ৰদান কৰে।[4]

তথ্যউৎস সম্পাদনা কৰক

  1. Subramonian, Surabhi, ed (10 April 2014). "Lok Sabha Elections 2014: Know your party symbols!". Daily News and Analysis. https://www.dnaindia.com/india/report-lok-sabha-elections-2014-know-your-party-symbols-1974606. 
  2. "Members : Lok Sabha". loksabha.nic.in. https://loksabha.nic.in/members/PartyWiseStatisticalList.aspx। আহৰণ কৰা হৈছে: 2022-06-10. 
  3. rajyasabha.nic.in
  4. "Trinamool Congress recognised as national party" (en-IN ভাষাত). The Hindu. PTI. 2 September 2016. ISSN 0971-751X. https://www.thehindu.com/news/national/Trinamool-Congress-recognised-as-national-party/article14620149.ece. "It is a recognised State party in West Bengal, Manipur, Tripura and Arunachal Pradesh, satisfying one of the conditions of the Election Commission."