মমতা বন্দ্যোপাধ্যায়
মমতা বন্দ্যোপাধ্যায় পশ্চিমবঙ্গৰ একাদশতম তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাপক সভানেত্ৰী[1][2]। ১৯৯৭ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ফালৰি কাতি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ স্থাপন কৰে। পশ্চিমবঙ্গত তেখেত ডিডি (বাইদেউ) নামে পৰিচিত।
মমতা বন্দ্যোপাধ্যায়় | |
---|---|
![]() মমতা বন্দ্যোপাধ্যায়় | |
পশ্চিমবঙ্গৰ একাদশতম মুখ্যমন্ত্ৰী পশ্চিমবঙ্গ চৰকাৰ | |
কাৰ্যকাল ২০ মে, ২০১১ – বৰ্তমান | |
পূৰ্বসূৰী | বুদ্ধদেব ভট্টাচাৰ্য |
ৰেলমন্ত্ৰী (ভাৰত) | |
কাৰ্যকাল ২২ মে, ২০০৯ – ১৯ মে, ২০১১ | |
পূৰ্বসূৰী | লালু প্ৰসাদ যাদৱ |
উত্তৰসূৰী | মনমোহন সিংহ (প্ৰোটেম) |
সমষ্টি | দক্ষিণ কলকাতা লোকসভা কেন্দ্ৰ (১৯৯১, ১৯৯৬, ১৯৯৮, ২০০৪,২০০৯) |
ৰেলমন্ত্ৰী (ভাৰত) | |
কাৰ্যকাল ২২ মে, ১৯৯৮ – ২০০১ | |
উত্তৰসূৰী | ৰামবিলাস পাচোয়ান |
সমষ্টি | দক্ষিণ কলকাতা লোকসভা কেন্দ্ৰ |
ব্যক্তিগত তথ্য | |
জন্ম | ৫ জানুৱাৰী, ১৯৫৫ (৬৬ বছৰ) কলকাতা, পশ্চিমবঙ্গ, ভাৰত |
ৰাজনৈতিক দল | সৰ্বভাৰতীয়় তৃণমূল কংগ্ৰেছ |
উচ্চতা | সাঁচ:Infobox person/height |
দাম্পত্যসঙ্গী | অবিবাহিত |
সন্তান | নাই |
শিক্ষানুষ্ঠান | যোগমায়া দেবী কলেজ(বি.এ.) কলিকাতা বিশ্ববিদ্যালয়(এম.এ.) শ্ৰী শিক্ষায়তন কলেজ(বি.এড.) যোগেশচন্দ্ৰ চৌধুৰী ল কলেজ(এল.এল.বি.) |
পেচা | ৰাজনীতি |
স্বাক্ষৰ | মমতা বন্দ্যোপাধ্যায়ৰ স্বাক্ষৰ |
ৱেবছাইট | মমতা বন্দ্যোপাধ্যায়় |
প্ৰাৰম্ভিক জীৱনসম্পাদনা কৰক
মমতা বন্দ্যোপাধ্যায়ে ১৯৫৫ চনৰ ৫ জানুৱাৰীত, ভাৰতীয় ৰাজ্য পশ্চিমবঙ্গৰ কলিকতাৰ হাজৰা অঞ্চলৰ এক দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰে। দেউতাক প্ৰমীসৃলেশ্বৰ বন্দ্যোপাধ্যায় আছিল এজন স্বাধীনতা সংগ্ৰামী আৰু মাকৰ নাম আছিল গায়ত্ৰী দেৱী। কলকাতাৰ শিক্ষায়তন মহাবিদ্যালয়ৰ পৰা বি.এড. ডিগ্ৰি লোৱাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্ৰি আৰু কলিকতাৰ যোগেশ চন্দ্ৰ চৌধুৰী কলেজ অফ ল’ ৰ পৰা এল.এল.বি. ডিগ্ৰি অৰ্জন কৰে। মমতা বন্দ্যোপাধ্যায়ে শিক্ষা জীৱন সমাপ্ত কৰি কিছু সময়ৰ বাবে এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাও কৰিছিল। মমতা বন্দ্যোপাধ্যায় ছাত্ৰ জীৱনতেই ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল।
জাতীয় কংগ্ৰেছত ৰাজনৈতিক জীৱনসম্পাদনা কৰক
১৯৭০ দশকতেই কংগ্ৰেছ (আই) দলত যোগদানৰ জড়িয়তে মমতা বেনাৰ্জীয়ে অতি কম বয়সতে ৰাজনৈতিক জীৱনৰ পাতনি মেলিছিল। ১৯৭৬-১৯৮০ লৈকে মমতাই মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰূপেও নিৰ্বাচিত হৈছিল আৰু ১৯৪৭ চনৰ লোকসভা নিৰ্বাচনত পশ্চিমবংগৰ যাদৱপুৰ লোকসভাৰ পৰা বৰ্ষীয়ান কমিউনিষ্ট নেতা সোমনাথ চেটাৰ্জীক পৰাজিত কৰি পোন প্ৰথম বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। ১৯৯১ চনৰ নৰসীমা ৰাও মন্ত্ৰীসভাই মমতা বেনাৰ্জীক মানৱ সম্পদ উন্নয়ন, ক্ৰিয়া আৰু যুৱ কল্যাণ তথা শিশু বিকাশৰ ৰাষ্ট্ৰ মন্ত্ৰী হিচাপে মনোনীত কৰে। ১৯৯৩ চনত মমতাৰ পদত্যাগ পত্ৰ গৃহীত হয়।
তথ্য সংগ্ৰহসম্পাদনা কৰক
- ↑ "Council of Ministers - Who's Who - Government: National Portal of India". http://india.gov.in. Government of India. http://india.gov.in/govt/cabinet.php। আহৰণ কৰা হৈছে: 11 August 2010.
- ↑ "Mamata Banerjee sworn in as West Bengal chief minister". http://www.bbc.co.uk/news/world-south-asia-13465915?utm_source=twitterfeed&utm_medium=twitter.
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত Mamata Banerjee সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- আনুষ্ঠানিক
- Mamata Banerjee official All India Trinamool Congress Party profile
- Parliamentary profile at India.gov.in
- অন্যান্য
- Profile at BBC News
- Mamata Banerjee collected news and commentary at The Times of India
- "Is Mamata Banerjee Heading for a Fall?", The New York Times India Ink blog on "global home" web page, April 15, 2012.