দলমৰা, ইংৰাজী নাম: Pheasant-Tailed Jacana, বৈজ্ঞানিক নাম: Hydrophasianus chirurgus, অত্যন্ত দীঘল নখ আৰু ভৰিৰে মধ্যমীয়া আকৃতিৰ জলচৰ চৰাই৷

দলমৰা
দলমৰা, জলাহভূমিত, জলজ উদ্ভিদৰ বহল পাতৰ ওপৰত
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Charadriiformes
পৰিয়াল: Jacanidae
গণ: Hydrophasianus
Wagler, 1832
প্ৰজাতি: H. chirurgus
বৈজ্ঞানিক নাম
Hydrophasianus chirurgus
(Scopoli, 1786)

বিৱৰণ সম্পাদনা কৰক

ইয়াৰ আঙুলিবোৰ অত্যন্ত দীঘল। ই সাধাৰণতে পানীত ভাহি থকা পাতৰ ওপৰেৰে খোজ কাঢ়ি ফুৰে। আগমূৰ ক’লা। মূৰৰ কাষেৰে এডাল ক’লা আঁচ ডিঙিলৈ নামি আহি বুকুৰ ক’লা দাগ স্পৰ্শ কৰিছে ৷ পেট বুকু বগা। ডেউকৰ বৰণ সেউজীয়া, ক’লা আৰু বাদামীৰ সংমিশ্ৰণ৷ সাধাৰণ অৱস্থাত ইয়াৰ নেজৰ দৈঘ্য ১১-১২ চেণ্টিমিটাৰ৷ কিন্তু প্ৰজনন কালত ইয়াৰ নেজ প্ৰায় ২৫চেণ্টিমিটাৰমান দীঘল হয়, বুকু সম্পূৰ্ণ ক’লা পাখিৰে ঢাক খাই যায়৷ [1] ডিঙিৰ পিছফালৰ বৰণ উজ্বল সোণ বৰণীয়া হয়৷ ডেউকাত বগা দাগ স্পস্ট হৈ পৰে৷ পাখিৰে সৈতে দলমৰা চৰাইটোৰ দৈঘ্য প্ৰায় ৩৯-৫৮ চেণ্টিমিটাৰ ৷ মতা চৰাইটোৰ ওজন প্ৰায় ১১৩-১৩৫ গ্ৰাম আৰু মাইকীজনীৰ ২০৫-২৬০৷ [2][3] আত্মৰক্ষাৰ বাবে ইহঁতে কেতিয়াবা পানীত থকা বহল পাতৰ তলত লুকাই দিয়াও দেখা যায়৷

অৱস্থিতি আৰু বাসস্থান সম্পাদনা কৰক

ভাৰত, ইণ্ডোনেচিয়া, চীন, শ্ৰীলংকা, টাৱাইনত, ইহঁতৰ অৱস্থিতি দেখা যায়৷ জলাহভূমি, বিল, পিটনি আদিত ইহঁতক সঁচৰাচৰ দেখিবলৈ পোৱা যায়৷ সাধাৰণতে জলাহভূমিত থকা জোপোহা, পানীত ভাহি থকা ডাঙৰ পাত আদিত ইহঁতে বাহ সাজি কণী পাৰে৷ ইহঁতে ১০ টা লৈকে কণী পাৰিব পাৰে৷ [4] কণীৰ ৰং মটীয়া বৰণৰ৷ প্ৰায় ২৫-২৭ দিনত কণীৰপৰা পোৱালি ওলায়৷ [5] উমনি পোৱালিক টোপ খুওৱা আদি কামবোৰ সাধাৰণতে মতা চৰাইটোৱে কৰে ৷ মাইকী চৰাইজনীয়ে বাহটোৰ তথা পোৱালিৰ সুৰক্ষা আদি কামবোৰ কৰে।

খাদ্য সম্পাদনা কৰক

দলমৰা চৰাইৰ প্ৰধান খাদ্য মাছ, পোক, পৰুৱা, বিভিন্ন জলচৰ অমেৰুদণ্ডী প্ৰাণী আদি৷ খাদ্যৰ সন্ধানত ই জলাহভূমি, বিল, পিটনি আদিত সাধাৰণতে অকলশৰে নাইবা যোৰ পাতি চৰি ফুৰে। পাতৰ তলত লুকাই থকা পোক পৰুৱা আদি বিচাৰি খোৱাৰ উপৰিও শামুক, কেঁচু, কুমটি আদি ধৰি খায়৷ তাৰোপৰি জলজ উদ্ভিদৰ শিপা, ফুল, গুটি আদি খায়৷


আলোকচিত্ৰৰ ভঁৰাল সম্পাদনা কৰক


তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. http://www.oiseaux-birds.com/card-pheasant-tailed-jacana.html
  2. http://www.indianmirror.com/wildlife/birds/pheasant-tailed-jacana.html
  3. CRC Handbook of Avian Body Masses by John B. Dunning Jr. (Editor). CRC Press (1992), ISBN 978-0-8493-4258-5
  4. "আৰ্কাইভ কপি". Archived from the original on 2011-09-09. https://web.archive.org/web/20110909024558/http://www.birdingintaiwan.org/Birdsintwn/pheasanttailedjacana.htm। আহৰণ কৰা হৈছে: 2012-08-06. 
  5. "আৰ্কাইভ কপি". Archived from the original on 2015-10-23. https://web.archive.org/web/20151023074131/http://www.chinapost.com.tw/travel/taiwan-south/tainan/2006/01/05/74823/In-search.htm। আহৰণ কৰা হৈছে: 2012-08-06. 

বাহ্যিক সংযোগ সম্পাদনা কৰক