দল-হৰিণা
দল-হৰিণা (ইংৰাজী: Barasingha or Swamp deer) ভাৰতবৰ্ষ, দক্ষিণ-পশ্চিম নেপাল তথা পাকিস্তানৰ কিছু অংশত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি৷ পূৰ্বতে বাংলাদেশ তো পোৱা গৈছিল যদিও[2] এই প্ৰাণীবিধৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ অংগটো হৈছে ইয়াৰ শিং (antler)৷ একোটা পূৰ্ণবয়স্ক প্ৰাণীৰ শিঙত ১০-১৪ ডালকৈ ভাগ (tine) থকা দেখা যায়৷ এই বৈশিষ্ট্যপূৰ্ণ ১২ টা ভাগৰ বাবেই হিন্দী ভাষাত ইয়াক বাৰাশিঙ্গা (Barasingha) বুলি কোৱা হয়৷[3] ই ভাৰত উপ-মহাদেশৰ পহুৰ বিলুপ্তপ্ৰায় প্ৰজাতি সমূহৰ ভিতৰত অন্যতম৷
দল-হৰিণা (Barasingha or Swamp deer)[1] | |
---|---|
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Mammalia |
বৰ্গ: | Artiodactyla |
পৰিয়াল: | Cervidae |
গণ: | Rucervus |
প্ৰজাতি: | R. duvaucelii |
বৈজ্ঞানিক নাম | |
Rucervus duvaucelii (G. Cuvier, 1823) | |
দল-হৰিণাৰ বিতৰণ, ঐতিহাসিক বিতৰণ-হালধীয়া; বৰ্তমানৰ বিতৰণ: duvaucelii (ৰঙা); branderi (সেউজীয়া); ranjitsinhi (নীলা) |
বিৱৰণ
সম্পাদনা কৰকদল-হৰিণা মধ্যমীয়া আকাৰৰ পহুৰ প্ৰজাতি ৷ ইয়াৰ দেহৰ উচ্চতা প্ৰায় ১৩০ ছে: মি: আৰু ওজন প্ৰায় ১৮০ কি:গ্ৰা: হয় ৷ দেহৰ বৰণ মটীয়া ৷ প্ৰজননৰ সময়ত দেহৰ বৰণ গাঢ় হৈ পৰে ৷ মতা দল-হৰিণাৰ দীঘল শিং থাকে ৷
বিতৰণ তথা বসতিস্থল
সম্পাদনা কৰকএসময়ত দল-হৰিণা ভাৰত-বৰ্ষৰ প্ৰায়বোৰ অঞ্চলতে দেখা পোৱা গৈছিল ৷ কিন্তু বৰ্তমান নানা কাৰণত ইয়াক কেৱল উত্তৰ-প্ৰদেশ, অসম আৰু মধ্যপ্ৰদেশৰ সংৰক্ষিত বনাঞ্চলত দেখা যায়৷ উত্তৰ-পূব ভাৰতত এই প্ৰাণীবিধ প্ৰধানকৈ অসমত দেখা পোৱা যায়৷[4] অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান এই প্ৰজাতিৰ মূখ্য বসতিস্হল৷[5][6][7]অৰুণাচল প্ৰদেশত ইয়াক ইতিমধ্যে লুপ্তপ্ৰায় বুলি গণ্য কৰা হয়৷[8]
দল-হৰিণাই প্ৰধানতঃ নৈ বা জলাহ অঞ্চলৰ কাষৰ ওখ ঘাঁহনিত চৰিবলৈ ভাল পায়৷
আচৰণ
সম্পাদনা কৰকদল-হৰিণাই সাধাৰণতে দল বান্ধি বাস কৰে ৷ একোটা দলত ৮-২০ টাকৈ প্ৰাণী থাকে ৷ প্ৰজননৰ সময় সাধাৰণতে ছেপ্টেম্বৰৰ পৰা এপ্ৰিল পৰ্য্যন্ত ৷ ২৪০-২৫০ দিন ধৰি গৰ্ভধাৰণ কৰাৰ পিছত পোৱালিৰ জন্ম দিয়ে৷[9]
দল-হৰিণা সাধাৰণতে তৃণভোজী৷ মূলত: গছৰ পাত আৰু ঘাঁহ খাদ্য হিচাপে গ্ৰহণ কৰে৷[3]
স্থিতি তথা সংৰক্ষণ
সম্পাদনা কৰকদল-হৰিণাক আই.ইউ. চি. এন (IUCN) ৰ তালিকাত অসুৰক্ষিত (Vulnerable) প্ৰাণী বুলি ঘোষণা কৰা হৈছে৷ [10]বনাঞ্চল ধ্বংস, জলাহ ভূমিৰ খেতিৰ বাবে ৰূপান্তৰণ আদিৰ বাবে এই প্ৰাণী বিধৰ প্ৰাকৃতিক বসতিস্হল ক্ৰমান্বয়ে লোপ পাই আহিবলৈ ধৰিছে৷ তাৰোপৰি দল-হৰিণাক ইয়াৰ শিঙৰ বাবেও চিকাৰ কৰা হয় বুলি জনা যায়৷
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Grubb, Peter (16 November 2005). Wilson, Don E., and Reeder, DeeAnn M., eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: "Johns Hopkins University Press", 2 vols. (2142 pp.). পৃষ্ঠা. 668–669. ISBN 978-0-8018-8221-0. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=14200429.
- ↑ 2.0 2.1 Duckworth, J.W., Samba Kumar, N., Chiranjibi Prasad Pokheral, Sagar Baral, H., Timmins, R.J. (2008). Rucervus duvaucelii. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 5 April 2009. Database entry includes a brief justification of why this species is of vulnerable.
- ↑ 3.0 3.1 Prater, S. H. (1948) The book of Indian animals. Oxford University Press. (10th impression)
- ↑ Choudhury, A. U. (1997) Checklist of the mammals of Assam. Revised 2nd edition. Gibbon Books & Assam Science Technology & Environment Council, Guwahati, India. 103pp. ISBN 81-900866-O-X
- ↑ Choudhury, A.U.(2004). Kaziranga: Wildlife in Assam. Rupa & Co., New Delhi.
- ↑ Choudhury, A. U. (1987). Railway threat to Kaziranga. 'Oryx' 21: 160–163.
- ↑ Choudhury, A. U. (1986). Manas Sanctuary threatened by extraneous factors. The Sentinel 16 February.
- ↑ Choudhury, A. U. (2003). The mammals of Arunachal Pradesh. Regency Publications, New Delhi. 140pp.
- ↑ Schaller, G.B. (1967) The Deer and the Tiger - A Study of Wildlife in India. University Chicago Press, Chicago, IL, USA.
- ↑ https://indiabiodiversity.org/species/show/253969
অতিৰিক্ত পঠন
সম্পাদনা কৰক- M. Acharya, M. Barad, S.Bhalani, P. Bilgi, M.Panchal, V.Shrimali, W. Solanki, D.M. Thumber. Kanha Chronicle, Centre for Environment Education, Ahmedabad in collaboration with the United tates National Park Service.