দিগেন মহন্ত

কণ্ঠশিল্পী আৰু সুৰকাৰ

দিগেন মহন্ত(ইংৰাজী: Digen Mahanta) অসমৰ এগৰাকী কণ্ঠশিল্পী। তেওঁ আধুনিক গীত আৰু লোকসংগীতত কণ্ঠদান কৰাৰ উপৰি সুৰাৰোপ কৰাৰ লগতে কথাছবিৰ গীততো কণ্ঠদান কৰিছিল। তেওঁ অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শীৰ্ষগীত প্ৰযোজনা কৰিছিল। তেওঁক “কলংপৰীয়া সংগীত কণ্ঠ’’ উপাধি প্ৰদান কৰা হৈছিল। দিগেন মহন্ত শিল্পী খগেন মহন্তৰ ভাতৃ আৰু অংগৰাগ মহন্তৰ খুড়াক।

দিগেন মহন্ত
প্ৰাথমিক তথ্য
আন নাম কলংপৰীয়া সংগীত কণ্ঠ
জন্ম ৩০ ছেপ্টেম্বৰ, ১৯৪৯
নগাঁও জিলাৰ জাজৰি বগৰিগুৰি
মূল অসম, ভাৰত
মৃত্যু ১৭ ছেপ্টেম্বৰ, ২০২৪ (৭৫ বছৰ)
সংগীতৰ প্ৰকাৰ আধুনিক, লোক-সংগীত
পেচা কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ
পিতৃ-মাতৃ হৰেন্দ্ৰ নাথ মহন্ত, লক্ষ্মীপ্ৰিয়া দেৱী[1]

জন্ম আৰু শিক্ষা

সম্পাদনা কৰক

তেজপুৰ বৰহোলিয়াত দিগেন মহন্তৰ জন্ম হৈছিল, ৩০ ছেপ্তেম্বৰ ১৯৪৯ চনত। পিতৃ আছিল নগাঁৱৰ জাজৰিৰ “গজলা সত্ৰ’’ৰ সত্ৰাধিকাৰ হৰেন্দ্ৰনাথ মহন্ত আৰু মাতৃ লক্ষ্মীপ্ৰিয়া মহন্ত।[2] পিতৃৰ পৰাই তেওঁ সত্ৰীয়া গীত-মাতৰ প্ৰশিক্ষণ পাইছিল। তেওঁ নগাঁও ডচন হাইস্কুলৰ পৰা উচ্চতৰ মাধ্যমিক শ্ৰেণী উত্তীৰ্ণ হৈ নগাঁও মহাবিদ্যালয়ৰ পৰা চাৰিবছৰীয়া বাণিজ্যৰ স্নাতক ডিগ্ৰী লাভ কৰে। ছাত্ৰাৱস্থাত তেওঁ ক্ৰীড়াৰ ক্ষেত্ৰতো পাৰদৰ্শিতা দেখুৱাইছিল।

 
প্ৰয়াত কণ্ঠশিল্পী দিগেন মহন্ত আৰু তেওঁৰ পত্নী প্ৰগতি বৰা মহন্ত

বিহুগীতৰ ওজা খ্যাত শিল্পী খগেন মহন্তৰ তেওঁ ভাতৃ। ১৯৮২ চনত তেওঁ নগাঁও অনাতাঁৰ শিল্পী প্ৰগতি বৰাৰ স’তে বিবাহ হয়।[3] তেওঁলোকৰ দুই পুত্ৰ মনদীপ মহন্ত আৰু মনমিত মহন্ত।[2][4] তিনিও শিক্ষকতাৰ লগতে সংগীতৰ লগত ওতপ্ৰোতভাৱে জড়িত।

সংগীত জীৱন

সম্পাদনা কৰক

ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই তেওঁ কেশৱ মহন্তৰ “এডাল দূবৰি বন, তাৰো যেন আছে এটি মন’’ শীৰ্ষক গীতটোত সুৰাৰোপ কৰিছিল।[5] এই গীতটি পুলক বেনাৰ্জীয়ে গাইছিল।[4] দিগেন মহন্ত অনাতাঁৰ শিল্পী হিচাপে “তুমি ৰোৱা সেই শেৱালি জুপি’’ আৰু “আকৌ নাচ আকৌ’’ আদি গীতেৰে জনপ্ৰিয় হৈ পৰিছিল।[6] ১৯৭৮ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ শিল্পীৰূপে তেওঁ স্বীকৃতি পায়।[2] ১৯৭৩ চনত নগাঁও মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়ক আৰু ১৯৭২ আৰু ১৯৭৩ চনত আন্তঃ মহাবিদ্যালয়ৰ সংগীত প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে। তেওঁৰ জনপ্ৰিয় কেইটামান গীত হ’ল, “অ’ শৰতৰ শেৱালি’’, “বতাহ লাগি ইচাট-বিচাট’’, “তুমি ৰোৱা সৌ শেৱালি জুপি’’, “মোৰ প্ৰথম প্ৰেমৰ উন্মেষ’’, “এই মাটি মোৰ দেহৰ এফাল’’, “মোক এজন বন্ধু লাগে’’ আদি।[7] বতাহ লাগি ইচাট-বিচাট আৰু অ’ শৰতৰ শেৱালি শীৰ্ষক গীতদুটি এইচ. এম. ভি. কোম্পানীত ৰেকৰ্ড কৰা হৈছিল। অভিনেতা চন্দ্ৰ ফুকন ৰচিত মঞ্চ এন্ধাৰ হ’ল শীৰ্ষক গীতটি এটি কালজয়ী গীত হিচাপে বিবেচিত।[8] মহন্তই হাৰমণিয়াম, তবলা, ঢোলক, কংগো আৰু ডাফ্লি বজোৱাত পাকৈত আছিল আৰু প্ৰতিমা পাণ্ডে বৰুৱা, দিপালী বৰঠাকুৰ সবিতা চৌধুৰী খগেন মহন্ত ভূপেন হাজৰিকা আদি শিল্পীৰ গীতত সংগত কৰিছিল।।[4] ১৯৯২ চনত তেওঁ হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত পত্নীৰ সহযোগত ঘৰতে এখনি সংগীত বিদ্যালয় স্থাপন কৰি সংগীত শিক্ষা প্ৰদান কৰি আছিল।[3]

কথাছবিৰ সংগীত

সম্পাদনা কৰক

অসমীয়া কথাছবি মেঘমুক্তি আৰু মইনাজানত তেওঁ কণ্ঠদান কৰিছিল। পত্নী প্ৰগতি মহন্তৰ সৈতে দ্বৈত কণ্ঠত তেওঁ মনময়ুৰী, কেঁচাসোণ, বহনা, কাচোনমতী, আকাশীগংগা আদি সংগীত এলবামো সৃষ্টি কৰে।[2][7]

সন্মান, বঁটা আদি

সম্পাদনা কৰক

কলংপৰীয়া সংগীত কণ্ঠ উপাধি প্ৰাপ্ত[4] মহন্তই ২০১৬ চনত অসম চৰকাৰৰ শিল্পী পেন্সন লাভ কৰিছিল।[7] নগাঁৱৰ সুৰৰ পানচৈ শিল্পী সমাজে দিগেন মহন্তক ২০২৪ বৰ্ষত “সুৰৰ পানচৈ শিল্পী বঁটা’’ আৰু “স্বৰ্ণ কণ্ঠ’’ বঁটা প্ৰদান কৰে।[9][2]

নগাঁও চহৰৰ আমোলাপট্টিত ৭৫ বছৰ বয়সত ২০২৪ চনৰ ১৭ ছেপ্তেম্বৰত তেওঁৰ মৃত্যু হয়।[2] কিছুদিন ধৰি তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল।[7]

তথ্য সূত্ৰ

সম্পাদনা কৰক
  1. AT News (Thu, 12/06/2014). "Khagen Mahanta no more". assamtimes. http://www.assamtimes.org/node/11086। আহৰণ কৰা হৈছে: 12 জুন 2014. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 "বিশিষ্ট কণ্ঠশিল্পী দ্বিগেন মহন্তৰ দেহাৱসান". আমাৰ অসম: ৮. ১৯ ছেপ্তেম্বৰ ২০২৪. 
  3. 3.0 3.1 দাস, ঋতুপৰ্ণ (২৩ এপ্ৰিল ২০০৪). "ছটা দশকৰ নাভাগৰা কণ্ঠ". দৈনিক জনমভূমি: ৫. 
  4. 4.0 4.1 4.2 4.3 "The Voice from the Banks of Kolong". melange, The Sentinel: 1. 8 September 2019. 
  5. "বিশিষ্ট সংগীত শিল্পী দিগেন মহন্তৰ মৃত্যু". দৈনিক অসম: ১১. ১৯ ছেপ্তেম্বৰ ২০২৪. 
  6. ভাগৱতী, কমল কুমাৰ (১৬ জুলাই ১৯৯৯). "ক’ত হেৰাল সেই সুৱদী সুৰীয়া গীত". চিত্ৰ সংবাদ. 
  7. 7.0 7.1 7.2 7.3 "কণ্ঠশিল্পী দিগেন মহন্ত". অসমীয়া খবৰ (৩০৬): ১. ১৯ ছেপ্তেম্বৰ ২০২৪. 
  8. বৰা, উজ্জ্বল জ্যোতি (২৭ ছেপ্তেম্বৰ ২০২৪). "অ’ শৰতৰ সেৱালি খ্যাত দিগেন মহন্ত". দৈনিক অসম. 
  9. "নগাঁৱত সুৰৰ পানচৈ শিল্পী সমাজৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰস্তুতি". নিয়মীয়া বাৰ্তা: ৯. ২৪ জুলাই ২০২৪.