দীননাথ শৰ্মা (ইংৰাজী: Dinanath Sarmah) আছিল "আৱাহন" যুগৰ এগৰাকী অসমীয়া গল্পকাৰ। তেখেতে ১৯১৪ চনৰ ১২ ছেপ্তেম্বৰ তাৰিখে বিশ্বনাথ চাৰিআলিৰ গড়েহাগি গাঁৱত জন্ম লাভ কৰে। পিতৃৰ নাম আছিল কমল চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম আছিল ঘনকান্তি দেৱী। তেখেতে অসমৰ বিভিন্ন ঠাইত শিক্ষাগ্ৰহণ তথা কৰ্মজীৱন অতিবাহিত কৰি পাছত তেজপুৰ, বিশ্বনাথ চাৰিআলিকে সাহিত্য তথা নাট্যচৰ্চাৰ স্থান হিচাবে গ্ৰহণ কৰিছিল।

দীননাথ শৰ্মা
জন্ম ১২ নৱেম্বৰ, ১৯১৪
গড়েহাগি গাঁও, বিশ্বনাথ চাৰিআলি
মৃত্যু ১৮ আগষ্ট, ১৯৮৮ (৭৩ বছৰ)
পেচা লেখক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়

সাহিত্যকৃতি সম্পাদনা কৰক

তেখেতৰ পাঁচখন গল্প সংকলন সমূহৰ ভিতৰত ঘাইকৈ দুলাল, কোৱাভাতুৰী ওঁঠৰ তলত, কল্পনা আৰু বাস্তৱ আদি উল্লেখযোগ্য। "নদাই" উপন্যাসখনত পাৰ্ল এছ বাকৰ "দা গুড আৰ্থ"ৰ ছাঁ দেখা যায়।[1] অকলশৰীয়া, হাতীপটি, পোহৰ, ষোড়শী আদি তেখেতৰ বহুচৰ্চিত গল্প। উপন্যাসসমূহ হৈছে ঊষা, সংগ্ৰাম, নদাই, শান্তি, নৱাৰুণ, ভৰলীপাৰৰ কাহিনী ইত্যাদি। লগতে অনূদিত উপন্যাস ‘মাটি আৰু মানুহ’খনো এখন চৰ্চিত উপন্যাস। শিশু সাহিত্যিক হিচাবেও দীননাথ শৰ্মাই ‘পুতু’চৰিত্ৰটোৰে লিখি উলিয়াইছিল দুখন জনপ্ৰিয় শিশু উপন্যাস-পুতুৰ পয়মাল আৰু পুতুৰ পলায়ন।

গোটেই জীৱন সাহিত্য চৰ্চাৰ মাজেৰে অতিবাহিত কৰা দীননাথ শৰ্মাই ১৯৮৮ চনৰ ১৮ আগষ্ট তাৰিখে মৃত্যুবৰণ কৰে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক